Monday, 14 September 2020

দহ ৷৷ নৈৰ বুকুৰে নামি বনভোজথলী পালোঁহি

দহ ৷৷ নৈৰ বুকুৰে নামি বনভোজথলী পালোঁহি



কোনেও মুখ ফুটাই নক’লেও এটা কথা স্পষ্ট হৈ পৰিছে যে অথনি উঠি অহা বাটটোৰে ঘূৰি যোৱাত দলটোৰ কোনোৱেই আগ্ৰহী নহয় ৷ সন্মুখলৈ গৈ থকাৰহে পক্ষপাতী ৷ সেয়ে জলপ্ৰপাতৰ তৃতীয় খলপটো অতিক্ৰম কৰাৰ পাছতে আটায়ে নদীপথটো অনুসৰণ কৰিব ধৰিলোঁ ৷ ইটো পাথৰৰ পৰা সিটো পাথৰ, মাজে মাজে কাষৰ হাবি-জংঘল ফালি স্তব্ধহীন যাত্ৰা চলি থাকিল নামনি অভিমুখে ৷ অলপ পাছতে নৈখনে সমান ৰূপ পৰিগ্ৰহ কৰিলে ৷ পাথৰবোৰ আগতকৈ জোখত সৰু হৈ আহিল ৷ খল্‌-খল্‌কৈ বৈ থকা জলস্ৰোতটো অতিক্ৰম কৰি সকলোটি বাঁওপাৰলৈ আহিলোঁ ৷ কাৰণ, পিক্‌নিক্‌ স্পটটো এইপাৰে আছে, আগত ৷
শিলে শিলে ভৰি ৰাখি দুপিয়াই-জঁপিয়াই গৈ আছোঁ ৷ শাৰী পাতি আনন্দ-উল্লাসেৰে চলি আছে নিম্নমুখী পদচালনা ৷ জপং ৷ হঠাতে আগফালে শব্দ এটা হ’ল ৷ অৰূপদা আছিল মোৰ আগে আগে ৷ শিল এটাৰ পৰা ভৰি পিছলি অতৰ্কিতে তেওঁ একাঁঠু পানীত সোমাই পৰিল ৷ ক্ষণিকৰ অমনোযোগিতাৰ বাবেই বোধ কৰোঁ ৷ নহয়তো অসন্তুলিত খোজ-কাটলৰ কাৰণে হ’ব পাৰে ৷ নতুবা, আনন্দই পাৰ ভাঙি পেলোৱাৰ বাবেও হ’ব পাৰে ৷ অঘটনটো মুঠতে ঘটিল ৷ জোতা-মোজা, পেণ্ট, আঁঠু পৰ্যন্ত সকলো তিতি গ’ল তেওঁৰ ৷ দেখি দুখো লাগিল, হাঁহিও উঠিল সহপথিকসৱৰ ৷ কি হ’ব এতিয়া ? উপায় নাই ৷ জেপজেপীয়া অৱস্থাৰেই ধীৰে-সুস্থিৰে গৈ থাকিবলগীয়া হ’ল অৰূপদা ৷ কিছুমান অস্বস্তিকৰ সময় ৷ উপলব্ধি কৰাত মোৰ অসুবিধা নহ'ল ৷ ডিলাই নৈৰ জলপ্ৰপাত দৰ্শন কৰিবলৈ উঠি গৈ থাকোঁতে ময়ো সোমাইছিলোঁ এনেকৈ ৷ কঁকাল আৰু সোঁহাতৰ বুঢ়া আঙুলিত কোব খাইছিলোঁ ৷ কেমেৰাটো বাছি গৈছিল কিবা ভাগ্যৰ বলত ৷ অৰূপদাই তেনেকৈ দুখ নাপালে বাৰু ৷
এসময়ত নৈৰ বক্ষ এৰি আমি হাবিত সোমালোঁ ৷ লুংলুঙীয়া বাটেদি আগুৱাই থাকি ১২.১৫ বজাত কৰকাণ্ঠিছ’ পিক্‌নিক্‌ স্পটটো পাই গ’লোঁ ৷ অথনি যাওঁতে বাটৰ কাষতে, বাঁওহাতে এই থলীটো এৰি থৈ গৈছিলোঁ ৷ এতিয়া ঘূৰি-পকি ইয়াতে উপস্থিত হ’লোঁহি ৷ খোজবোৰ আপোনা-আপুনি ৰৈ গ'ল ৷
ছামেলাংছ’ অঞ্চলৰ মেন বে’ গাঁৱৰ বিদ্যাছিং বে’, বৰছিং বে’, খয় টকবি ৷ কান্দং ৰংফাৰ গাঁৱৰ বাবুছিং বে’ ৷ টেম্প’ চালক চিৰঞ্জিত দাস ৷ ডিফুৰ পৰা অহা অৰূপদা আৰু মই ৷ ডকমকাৰ পৰা অহা কুংৰি, ৰাছিনজা, জিৰছং ৷ কাংথিম ৰংপি গাঁৱৰ চনছিং টকবি, মীৰা তেৰাংপী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটা ৷ চাৰমন, পাৰ্বতী ৷ এফালৰ পৰা গন্তি কৰি পোৱামতে আমি মুঠ ১৭জন ইয়াত গোট খাইছোঁ ৷ বনভোজকাৰী দলৰ সদস্য বুলিবলৈ ইমানেই ৷
থলী নাপাওঁতেই দূৰৰ পৰাই ধোঁৱা উৰি থকা দেখা পাইছিলোঁ ৷ ওচৰ চাপোঁতে দেখা গ'ল যে বাঁহনিৰ তলত দপদপাই জুই জ্বলিছে ৷ জুয়ে ঢুকি পোৱাকৈ হেলনীয়াভাৱে ৰখা হৈছে বাঁহৰ চুঙা এশাৰী ৷ পাতৰ সোপাৰে বন্ধ প্ৰতিটো চুঙাৰ মুখ ৷ ৪-৫জনীয়া পুৰুষ-মহিলাসকলে ৰন্ধন-প্ৰকৰণৰ কামখিনি মনপুতি কৰি আছে ৷ তাৰে দুজন পুৰুষে চুঙা কাটি আছে ৷ পানী, খৰি, কৌপাতৰ অভাৱ নাই ইয়াত ৷
জেগা পায়ে অৰূপদাই তিতা কাপোৰ সলাই হাফপেণ্ট পিন্ধিলে ৷ জোতা, মোজা, পেণ্ট ৰ’দত মেলি দিছে ৷ ৱেইটিং শ্বেডৰ তলত কিছু সময় জিৰালোঁ ৷ পানী আৰু ৰাছিনজাই আগ বঢ়াই দিয়া ইটো-সিটো খালোঁ ৷ থূপ খাই বহি লৈ কৰা আলোচনাৰ নামত জলপ্ৰপাত চাই, নদী অভিযান চলাই আহি হৃদয়ত সৃষ্টি হোৱা শেহতীয়া সুখানুভূতিসমূহৰে চৰ্বিত-চৰ্বণ চলিছে ৷ অন্য প্ৰসংগ নাই ৷ নথকাটোৱেই স্বাভাৱিক ৷
খোজ কাঢ়ি কাঢ়ি তেনেই ঘামি-জামি আহিছোঁ ৷ 'মই গা ধুম দেই' বুলি ঘোষণা কৰি দিলোঁ ৷ অৰূপদাই নোধোৱে ৷ তেওঁ খাদ্য তদাৰকত লাগিলগৈ ৷ বিবিধ ব্যঞ্জনৰ আয়োজন চলিছে ৷ গামোচাখন বেগৰ পৰা উলিয়াই মূৰত মেৰিয়াই ল'লোঁ ৷ 'মোৰ কাৰণে আলু দুটা ফুটছাইত সুমুৱাই দিব দেই ৷' অনুৰোধ জনাই চিধাই নৈলৈ পোনাই দিলোঁ ৷
ট্ৰেকটোৰ দাঁতিত সাজি থোৱাখনকে ধৰি টুৰিষ্ট ইনফৰ্মেচন ডিপাৰ্টমেণ্টৰ দ্বাৰা নিৰ্মিত আৰ.চি.চি. ৰিক্ৰিয়েশ্বন শ্বেড ইয়াত আৰু এখন আছে ৷ ভিতৰলৈ সোমাই নগ’লে বাটৰ পৰা দেখা পোৱা নাযায় ৷ জুই ধৰা ঠাইটুকুৰাৰ দাঁতিত পকী বেঞ্চ এখনো আছে ৷
ঠাইখিনি শিলাময় ৷ ৰূপলীবনে শিলৰ ফাঁকত, পানীৰ তলত কিবা খেপিয়াই থকা দেখিলোঁ ৷ অলপ আগতে গা ধুই যোৱা দেউতাকে চাবোনডোখৰ শুকাবৰ বাবে পাথৰৰ ওপৰত থৈ গৈছিল ৷ অসাৱধানবশতঃ তাইৰ ভৰিত লাগি পানীত পৰি গ’ল ৷ বেচেৰীয়ে এতিয়া বিচাৰি হায়ৰাণ হৈছে ৷ মুখমণ্ডলত চিন্তাৰ চাপ ৷ সোঁতে নি কেনিবা সুমুৱালে ৷ শিলৰ ফাঁকৰ পৰা মই বুটলি দিলোঁ ৷ হাত সুমুৱাটো বিপজ্জনক আছিল যদিও একো নহ’ল যেনিবা ৷ বাচিলোঁ ৷
তিয়নি গামোচা এখন পাথৰৰ ওপৰতে মেলি থোৱা আছে ৷ আহ, কি ভাগ্য ! তিয়নিও পালোঁ, চাবোনো উদ্ধাৰ হ'ল ৷ ৰূপলীবনে নিৰ্দ্বিধাই আকৌ মোলৈ হস্তান্তৰিত কৰিলে চাবোনটুকুৰা ৷ পানী বেছ ঠাণ্ডা যদিও অৱস্থানটো ৰ’দঘাই ৷ মস্ত শিল দুটামানৰ সিপাৰে ৰাছিনজায়ো তাইৰ দীঘল চুলিকোচা ইচ্ছামতে পখালাত লাগিছে ৷ চেম্পুৰে বগা হৈ পৰিছে বৈ যোৱা পানীৰ উপৰিভাগ ৷ 

এজাকমান পখিলা ইফালে সিফালে উৰি ফুৰিছে ৷ একোবাৰ শিলৰ ওপৰত পৰে ৷ আকৌ জাকি মাৰি উৰে ৷ চৌদিশ প্ৰথমে অধ্যয়ন কৰি ল’লোঁ ৷ সাৱধানতা অৱলম্বন প্ৰথম কথা ৷ নিৰাপদ ঠাই এটুকুৰা বাছি লোৱা হ’ল ৷ তাৰ পাছতে শিলৰ গহ্বৰেৰে বৈ থকা একঁকাল পানীত আস্তেকৈ নামি বহি দিলোঁ ৷ শীতলতাই তৎমুহূৰ্ততে দেহা জুৰ পেলাই দিলে ৷ নিমিষতে আঁতৰি গ’ল সকলো ক্লান্তি ৷
উৰ্ধ্বমুখীকৈ চাই চাই ভাবিবলৈ ধৰিছোঁ, তিনিটাকৈ জলপ্ৰপাতৰ উপৰি হাবিতলীয়া বাটেৰে পদব্ৰজে অৰণ্য ভ্ৰমণৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ বাবে এয়াচোন আদৰ্শ থলী ৷ শৈক্ষিক আৰু বৈজ্ঞানিক গৱেষণাৰ দিশতো গুৰুত্ব আছে নিশ্চয় ৷ লংতাং পাহাৰৰ বনাঞ্চলত কি কি গছ-গছনি আছে, কি কি জীৱ-জন্তু, চৰাই-চিৰিকটি, পোক-পতংগ আছে, সেইবোৰ কোনোবাই অধ্যয়ন কৰি উলিয়াইছেনে নাই, সমীক্ষা চলাইছেনে নাই গম নাপাওঁ ৷ নৈখনৰ গতিপথ, জলপ্ৰপাতকেইটাৰ সবিশেষ, ক’তো একো পঢ়িবলৈও পোৱা নাই ৷
বাকী যিয়েই নহওক, পাহাৰীয়া নৈ কৰকাণ্ঠিছ’ত মোৰ গা ধোৱাৰ হেঁপাহটো হ'লে অলপ পাছতে পূৰণ হ’ল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment