Wednesday, 15 November 2017

দিন চাৰি  ৷৷ খণ্ড ১৮


গুৰুদ্বাৰ চাহিব আৰু তপোস্থান, এই দুঠাইৰে কেয়াৰটেকাৰ কৰ্মী বল্‌জিন্দৰ সিং, আন্তৰিকতা গঢ়ি উঠাৰ পাছত যাক আমি 'চৰ্দাৰজী' বুলি নিঃসংকোচে সম্বোধন কৰিব ধৰিছোঁ, তেওঁৰ খোজত খোজ মিলাই পকা ৰাস্তাটোলৈ দলে-বলে উঠি আছোঁ, অথনি সোমাই যোৱা বাটটোৰে৷ গুৰুদ্বাৰ এলেকাৰ বিপৰীত পাৰে ১০০ মিটাৰমান আগলৈ আছে এইবাৰ যাব খোজা পৱিত্ৰ স্থলটি৷ প্ৰৱেশ দ্বাৰ পাই গুণা-গঁথা আৰম্ভ হ'ল৷ বিশালবপুৰ মানুহজন বহিবলৈ হ'লে বাকীসকললৈ চিটৰ টনাটনি লাগি যাব৷ গাড়ীত নগৈ চৰ্দাৰজীৰ সৈতে মই খোজ কাঢ়িয়েই অগ্ৰসৰ হ'লোঁ৷ বাকী সংগীসকল বলেৰ'খনত উঠিলগৈ৷ এহাতে কৃপাণখনত খামোচ মাৰি ধৰি দপ্‌দপাই গৈ আছে সিংজী, মোৰ কাষে কাষে৷

গাড়ীতকৈয়ো আমিহে আগ৷ দলটো পায়হি মানে ৰাস্তাৰ সোঁহাতে থকা গে’টখনৰ তলেৰে সুৰকি দুয়োজনে উচ্চতালৈ আৰোহণ আৰম্ভ কৰিয়েই দিলোঁ৷ আমাতকৈ বহুত পাছত দেম্‌ডাপ্‌, অৰূপদা আৰু প্ৰদীপদা আহিব লাগিছে৷ ৰাজীৱ আৰু দীপকদা নাই নমা৷ পুলিনে গাড়ীখনৰ কাষতে থিয়া-থিই কৰি থকা ওপৰৰ পৰা দেখা পাইছোঁ৷

সেউজীয়া তোৰণখন অতিক্ৰম কৰাৰ পাছতে গৰাৰ কাষে কাষে সংকীৰ্ণ পদপথ এটা৷ কাঠৰ তক্তা পৰা আছে৷ জখলা কিছুমানো আছে৷ সেইফালেৰে আহি আৰাধনাস্থলী পালোঁ৷ ৰঙীন কাপোৰ কিছুমান যেনি-তেনি ৰছীত ওলমোৱা আছে৷ বাটে বাটেও পাই আহিছোঁ৷ চকুৰ আগত দেখা দিলে প্ৰকাণ্ড শৈলগুহা এটা৷ ভিতৰত মন্দিৰ৷ ঠাইটুকুৰা শিলাময় আৰু খৰবেগী পেমাচিবুৰ পাৰত৷ প্ৰথমে মন্দিৰৰ বাৰাণ্ডা৷ দুৱাৰমুখলৈকে ৰঙা কাৰ্পেট পৰা আছে৷ ধৰ্মধ্বজা এখনো আছে৷ চৰ্দাৰজীয়ে জোতা খুলি যথাস্থানত হাত দুখন তিয়ালে৷ আমি চাৰিজনেও তেওঁ কৰাৰ অনুৰূপ কৰিলোঁ৷ তাৰ পাছত এজন এজনকৈ ভিতৰত প্ৰৱেশ কৰি গুহাটো চোৱাত নিমগ্ন হ'লোঁ৷ বল্‌জিন্দৰ সিঙে জানিবলগীয়া কথাবিলাক আমাৰ আগত উৎসাহেৰে বৰ্ণনা কৰি গ’ল৷ দেম্‌ডাপে ম'বাইলৰ টৰ্চ মাৰি পাগুৰিসদৃশ গুহাটোৰ অভ্যন্তৰ নিৰীক্ষণ কৰোৱালে৷ বাহিৰত ৰখা ফলক পঢ়িও কিছু কথা জানিব পাৰিলোঁ৷ সোঁহাতে দেৱালত ঘড়ী এটা৷ ঘড়ীটোৱে জনালে, ৪ বাজিবলৈ ২০ মিনিট বাকী৷

এই ঠাইৰ স্থানীয় নাম নেহ্‌ পেম্‌চুবু৷ ৫০০ বছৰৰ পূৰ্বে স্থাপিত বিখ্যাত আৰু পৱিত্ৰ তীৰ্থথলী৷ শিখসকলৰ ধৰ্মগুৰু নানকে অতীতত কৰা তিব্বতৰ যাত্ৰাকালত ইয়াত আশ্ৰয় লৈছিল, তপ কৰিছিল আৰু দাঁতিৰে বহ্নিমান পাহাৰীয়া নৈখনত স্নান কৰিছিল৷ ধ্যানৰ বাবে নিৰ্দিষ্ট আসনৰ উপৰি নৈখনত এটা পৱিত্ৰ জলপ্ৰপাত আৰু সুৰংগ গুহা আছে৷ ইয়াৰ পৰা সংগৃহীত পানীৰে স্নান কৰিলে বাত বিষৰ উপৰি অন্য বেমাৰৰ উপশম হয় বুলি বিশ্বাস আছে৷ প্ৰতি বছৰৰ মাৰ্চ মাহত স্থানীয় বৌদ্ধধৰ্মী লোকসকল ইয়ালৈ তীৰ্থৰ বাবে আহে৷ তেওঁলোকে ভাবে যে তেওঁলোকৰ গুৰু, ৰিন্‌প’চেই গুহাৰ ভিতৰত উক্ত সময়ত ধ্যানমগ্ন হয়৷

১৯৮৯ চনত ভাৰতীয় সেনাবাহিনীৰ শিখ ৰেজিমেণ্টে এই স্থান আৱিষ্কাৰ কৰিছিল৷ নেহ্‌ পেম্‌চুবুৰ পৰা পদ চালনাৰে ৬ ঘণ্টা আঁতৰত নেহ্‌ চাৰাম৷ ইও এটা পৱিত্ৰ গুহা৷ হাতেৰে আঘাত কৰিলে এই গুহাটোৰ পৰা কেইবাটাও শব্দ ওলায়৷ নেহ্‌ শ্বিকাৰবুম্‌জি, নেহ্‌ পেমাজিলিং, নেহ্‌ কাৰ্টে, নেহ্‌ ফুক্‌ফানা আদি ওচৰে-পাজৰে থকা অন্য কেইটামান শিলৰ গুহা৷ মেন্‌-চু-খাৰ ওচৰে-পাজৰে এনেকুৱা কিছুমান যাবলগীয়া, চাবলগীয়া প্ৰাকৃতিক, ঐতিহাসিক, ধৰ্মীয় সম্পদ আছে বুলি জনাই নাছিলোঁ৷ বহু কথা এতিয়াও আৱিষ্কাৰ হোৱাই নাই৷ সেয়েহে মেন্‌-চু-খাৰ কথা ওলালে কোনােবাই মুক্তভাৱেই আজিও কয়, 'Amazing yet unexplored' বুলি৷

হাতে লিখা ফলক এখনত গুৰুদ্বাৰ আৰু তপোস্থানৰ ইতিহাস সম্পৰ্কে সবিস্তাৰে পঢ়িবলৈ পালোঁ৷ অথনি দেখা গুৰুদ্বাৰৰ বেৰত লগোৱা ব’ৰ্ড এখনতো এই কথাখিনিকেই উল্লেখ কৰা আছে৷ ইতিহাসে কয়, গুৰু নানকজীয়ে প্ৰকাণ্ড পাথৰ এটাত বহি তপস্যা কৰি আছিল৷ তেখেতৰ সৈতে ভাই বালা আৰু মৰদানাজীও আছিল৷ তেনেকৈ তপ কৰি থাকোঁতেই ভালুক এটাই হঠাতে আক্রমণ কৰিলে৷ কিন্তু পৰমাত্মাৰ ক্রিয়াকলাপত সংগী দুজনৰ সৈতে তেখেত অলৌকিকভাৱে ৰক্ষা পৰিল৷ পাথৰটো সেই মুহূৰ্ততে আপোনা-আপুনি ২০ ফুট ওপৰলৈ উঠি গ’ল৷ উক্ত পাথৰটোত তিনিওৰে শৰীৰৰ চিন এতিয়াও আছে৷ সেই ঠাইকে এতিয়া তপোস্থান বোলে৷ অলপমান আগতে আমি দেখা পাগুৰিৰ চিনটো তাৰে নেকি? প্ৰশ্ন এটা মোৰ মনলৈ নহাকৈ নাথাকিল৷

তপোস্থানৰ পৰা অলপ আগলৈ প্ৰায় ৪০ মিটাৰ তলত তিনিওৰে স্নান কৰা ঠাই আছে৷ এইবোৰ এতিয়াও পৰিষ্কাৰকৈ দেখা যায়৷ তপোস্থানৰ বিপৰীতে সোঁহাতে তললৈ নাতিদূৰৈত আমি দেখি অহা গুৰুদ্বাৰৰ অৱস্থিতি৷ ঘন জংঘলৰ বাবে এইফালৰ পৰা একেবাৰে দেখা নাযায় অৱশ্যে৷ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশত অতিশয় গহীন ঠাই এয়া৷ শিলৰ ওপৰেৰে বোঁৱতী পানীৰ খল্‌খলনিৰ বাদে শব্দ বুলিবলৈ অন্য নাই৷

এই স্থানত থিত্‌ লওঁতে গুৰু নানকদেৱজীয়ে এইখন নৈতে স্নান কৰিছিল৷ এদিন তেখেতে যেতিয়া গা ধুবলৈ গ’ল তেতিয়া বম্‌চু জুৰিত নামিবৰ বাবে কোনো বাট বিচাৰি নাপালে৷ ঠিক সেই সময়তে পৰমাত্মাৰ দৃষ্টিগোচৰ হ’ল৷ হঠাতে এটা ডাঙৰ পাথৰে তেখেতক তললৈ যাবৰ বাবে ৰাস্তা গঢ়ি দিলে৷ গা ধুবৰ বাবে সেইখিনিতে তিনিটা সৰু-বৰ কুন্দও আছিল৷ একেবাৰে নিম্নত থকা কুন্দটোৰ পৰা পানী সকলো সময়তে ওলায়েই থাকে৷ মাজৰ কুন্দটোৰো পানী কেতিয়াও নুশুকায়৷ তৃতীয়টো কুন্দৰ পৰা ইচ্ছানুসৰি পাথৰ উলিয়াব পাৰি৷ যদি পৱিত্ৰ চিত্তে, কিবা মনোকামনাৰে এই কুন্দটোৰ পৰা এবাৰ এবাৰকৈ তিনিবাৰ পাথৰ উলিওৱা হয় আৰু যদিহে পাথৰকেইটা বগা বৰণৰ ওলায়, তেতিয়া হ’লে উক্ত মনোকামনা পূৰ্ণ হয়৷ দুটা ৰঙৰ পাথৰ ওলালে অনিশ্চয়তা বুজায়৷ আনহাতে ক’লাৰঙী পাথৰ ওলালে মনোকামনা পূৰ্ণ নহয়৷ এই স্থানৰ পৰা পিছলৈ কিছু আঁতৰত এটা ঝৰ্ণা আছে য’ত গা ধুলে মনত গভীৰ প্ৰশান্তি অনুভৱ কৰিব পাৰি৷ কথাবোৰ গম পাই উৎসাহিত হৈ উঠিলোঁ, তললৈ নামিবৰ বাবে৷

গুহা মন্দিৰৰ বাহিৰফালে তলমূৱাকৈ যেনি-তেনি কাঠৰ জখলা কিছুমান৷ চৰ্দাৰজীৰ অনুমতি সাপেক্ষে গাইডৰ সৈতে চিৰিৰে নামিব ধৰিলোঁ৷ পিছফালে গৈ গুহাৰ মস্ত শিলটো বাহিৰৰ পৰা ঘূৰি ঘূৰি চালোঁ৷ তাৰ তললৈ অন্য দুটা প্ৰকাণ্ড শিল৷ শিল দুটাৰ মাজত সামান্য ফাঁক৷ ভিতৰখন ঘোপমৰা অন্ধকাৰ৷ আগে আগে যোৱা দেম্‌ডাপে মোক সেইফালে আগুৱাই নিলে৷ হঠাতে তেওঁ ৰ’ল৷ মোৰ মনত উৎকণ্ঠা, কি কৰে গাইডজনে? বিজুলীসঞ্চাৰে পকেটৰ পৰা নিজৰ ম'বাইল ফোনটো উলিয়াই টৰ্চ লাইট্‌ জ্বলালে৷ টৰ্চৰ পোহৰত আমি সেই ফাঁকটোৰে অগ্ৰসৰ হ’বলৈ উদ্যত হ’লোঁ৷ প্ৰদীপদা আৰু অৰূপদায়ো আমাক অনুসৰণ কৰি এইখিনি পালেহি৷ পিছে শাৰীৰিক অবয়ৱৰ বাবে সৰকিব নোৱাৰি দুয়ো উভতিবলগীয়াত পৰিল৷ দেম্‌ডাপ্‌ আৰু মই ফাঁকটোৱেদি অনায়াসে পাৰ হৈ নদীপৃষ্ঠত নামিলোঁ৷ নিজৰ টেঁটেৰা দেহাটোৰ এড্‌ভান্‌টেজ্‌ এটা জীৱনত এবাৰলৈ হ'লেও পালোঁ যেনিবা, ইয়ালৈ আহি৷

বৌদ্ধধৰ্মীয় গোম্পা বা মন্দিৰ তিব্বতীয় স্থাপত্যৰ এক সুন্দৰ নিদৰ্শন আৰু আকৰ্ষণৰ থলী৷ বৌদ্ধ তীৰ্থস্থানত উপলব্ধ আৰু বিশেষভাৱে মহাযানী বৌদ্ধসকলৰ মাজত প্ৰচলিত এক বিশ্বাস অনুসৰি দুটা শিলৰ মাজত থকা ঠেক ফাঁকেৰে পুণ্যৱানসকলেহে অনায়াসে পাৰ হৈ যাব পাৰে৷ দুটা শিলৰ মাজত ফাঁক থকা এই বৌদ্ধ পৰম্পৰাৰ সাক্ষী হ’লোঁ শিখ গুৰু নানকৰ উপাসনাস্থলী প্ৰাকৃতিক গুহাটোৰ নিচেই সমীপতে৷


No comments:

Post a Comment