Sunday, 24 September 2017

২৭. ঝুক’ৰ বুকুৰ মায়াময় নিশাটি

বাহিৰত চিপ্‌ চিপ্‌ বৰষুণৰ আৰম্ভণি৷ ইয়াত বৰষুণ মানেই উষ্ণতা হ্ৰাস, শীতলতা বৃদ্ধি৷ নিশাটোৰ বাবে শুবলৈ লৈয়ো অৰুণদা আৰু মই শুব পৰা নাই৷ তাৰ কাৰণ অৱশ্যে উষ্ণতা কিম্বা শীতলতা এটাও নহয়৷ সুবীৰৰ নাকৰ শব্দহে৷ কালি ৰাতিৰ দৰে আজিও ঘেঁ-ঘেঁকৈ বাজনা আৰম্ভ হৈ গৈছে তাৰ৷ বৰ অশান্তিকৰ, অশ্ৰাব্য আৰু যন্ত্ৰণাদায়ক৷

কাষৰ কোঠাটোত তিনিজনীয়া দল এটা৷ দুই যুৱক, যুৱতী এজনী৷ আমি ৰূম বন্ধ কৰাৰ আগে আগে তলা খুলি সোমাইছে৷ চেহেৰা এটাৰো দেখা নাপালোঁ৷ ভাত-পানী খালেনে নাই, ক'ৰ পৰানো আগমন ঘটিল, গম নাপাওঁ৷ পদাৰ্পণৰ পাছৰে পৰাই সিহঁতৰ কোঠাটোৰ পৰা উফৰি অহা কথা-বতৰা আৰু হাঁহিৰ খলকনিয়ে নিদ্ৰা আয়োজনত বেয়াকৈ ব্যাঘাত জন্মালে৷ ছোৱালীজনীৰ উচ্ছৃংখল হাঁহি আৰু কোনো বিৰতি নোলোৱাকৈ ডাঙৰ ডাঙৰকৈ কোৱা কথাবোৰ 
আমাৰ বাবে হৈ পৰিল যন্ত্ৰণা নম্বৰ দুই৷ নাক বজাই শুই থকা চাউণ্ডমাষ্টাৰ তথা ৰূমমেট সুবীৰকো চেৰ পেলালে তাইৰ কণ্ঠস্বৰে৷ এবাৰ ঘপকৈ সি সাৰ পাই গ'ল৷

আজি নিশাৰ নতুন বিড়ম্বনা! কাণ্ড-কাৰখানাৰ পৰা অলপ পাছতে প্ৰশ্ন এটা উদয় নোহোৱাকৈ নাথাকিল যে সেইজনী আচলতে মানৱী নে ভূতুনী? নাকৰ ঘোৰ্ঘােৰণি, হাঁহিৰ খিলখিলনি, বৰষুণৰ মায়াময় শব্দ, বাহিৰত থকা সৌৰৰশ্মিচালিত লাইটটোৰ পৰা নিৰ্গত অনুজ্জ্বল পোহৰৰ লুকাভাকু, সকলো মিলাই কিবা পুৰণা হৰ'ৰ চিনেমাৰ দৰেহে লাগিছে দেখোন! ছাত্ৰাৱস্থাত ‘বিস্ময়’, ‘ত্ৰিশূল’, ‘ৰহস্য’ ইত্যাদিত পঢ়িবলৈ পোৱা ছায়কিক্‌ গল্পবোৰলৈ মন উৰি গ'ল৷ ৰে'ষ্ট হাউচ, গে'ষ্ট হাউচৰ পটভূমিত ৰচিত প্ৰতিটো ৰহস্যঘন গল্পতে এনেকুৱা অকলশৰীয়া, নিৰ্জন অৱস্থানৰ ঘৰবোৰত অশৰীৰি আত্মা থাকেই! নিশাটোৰ বাবে আশ্ৰয় লোৱা গল্পৰ নায়কক 
প্ৰেতাত্মাই আমনি কৰে৷ দৰজা-খিৰিকীত খটখটায়, খোলে-জপায়৷ মজিয়াত টক্‌ টক্‌ পদধ্বনি৷ চিলিঙৰ ভিতৰত ইফালৰ পৰা সিফাললৈ যোৱাৰ শব্দ! পঢ়ি থাকোঁতেই গাৰ নোম থিয় দিয়ে, সেই বয়সত৷ আমি আশ্ৰয় লোৱা এমূৰীয়া এই অতিথিশালাটোত তেনেকুৱাখন নঘটেতো? এইটো অভিশপ্ত ঘৰ হয় যদিও নাজানো, সিটো ৰূমত সেয়া ভূতৰ কাৰ্যকলাপহে যদিও জনাৰ উপায় নাই৷ এইটোৱেই জানো যে এয়া গল্প নহয়, সত্য৷ পুৱা পোহৰ হোৱালৈ কি হয়গৈ সেয়া ৰহস্য৷

এগৰাকী সুন্দৰী নাৰীৰ আত্মাই ঝুক' ভেলীত হেনো অবাধে বিচৰণ কৰি ফুৰে৷ নগাসকলে এইদৰে কয়৷ সেই সুন্দৰী নাৰীগৰাকীয়ে বোলে প্ৰতি বছৰে এজনকৈ পুৰুষৰ প্ৰাণ লয়৷ গতিকে উপত্যকাটোত উপস্থিত হোৱাৰ পাছত হঠাতে অসুস্থ অনুভৱ কৰা পুৰুষক শীঘ্ৰে এই স্থান ত্যাগ কৰিবলৈ কোৱা হয়৷ ভাল কথা যে আমাৰ দলৰ সকলোটি সুস্থ হৈ আছে৷ কোনেও অসুস্থ অনুভৱ কৰা বুলি এতিয়ালৈ এষাৰো কাণত পৰাহি নাই৷ সংগোপনে ভগৱানক খাটিছোঁ, ৰাতিপুৱালৈকে ঠিক থাকিলেই হয়৷ নিশাটি ভালে-কুশলে পাৰ হওক৷

কিছু সময় উঃ আঃ কৰি থাকি সুবীৰ পুনৰ নিঃসাৰ হৈ পৰিল৷ সিকাটি হৈ অৰুণদাও নিতাল মাৰিলে৷ সন্দেহ নাই যে দিনৰ দিনটো পাহাৰ বগাই দুয়োৰে বেয়াকৈ ভাগৰ লাগিছে৷ সেয়েহে চাগৈ পৰিস্থিতিক লৈ তেওঁলোকে ইমান গভীৰভাৱে ভাবিব পৰা নাই৷ ক্লান্তিয়ে ভূত-প্ৰেত একো নামানে৷ আৰু আচৰিত কি, অৰুণদাৰো নাক বাজিছে দেখোন আজি! নাসিকাৰ দ্বৈত গৰ্জনত পৰিৱেশটো আগতকৈ কিবা যেন অধিক ৰহস্যময়, অধিক মায়াময় হৈ পৰিছে!

মোৰ টোপনি ধৰা নাই৷ কিনো ঘটে তাকে তং কৰি আছোঁ৷ চকু দুটা জপাব লাগে জপাইছোঁ যদিও উপত্যকাৰ সেউজীয়া খলাবমাবোৰহেচোন মানসপটত চিনেমাৰ ৰীলৰ দৰে ভাহি আহি-গৈ আছে! কেতিয়ানো সৃষ্টি হ'ল বাৰু হাফলুসদৃশ সেইবোৰ? সঁচাই কিবা আচৰিত আৰু ৰহস্যাবৃত৷ জীৱনত ক'তো আগতে নেদেখা ধৰণৰ৷ ঝুক' ভেলীৰ বিষয়ে জানিবৰো বেছি বছৰ হোৱা নাই মোৰ৷ মনচক্ষুৱে এতিয়া চফৰ আৰম্ভ কৰিছে ট্ৰেক আৰু ট্ৰেকিং কালত দেখা পোৱা দৃশ্যবোৰৰ মাজে মাজে৷ প্ৰশ্নও জাগিছে৷ ভূতৰ ওপৰত দানহ পৰাদি বিভীষিকাৰ মাজতো মনত খেলি থকা এই সুন্দৰতাক বিচ্ছিন্ন তথা দমন কৰাত লাগিছে বাওঁহাতে দুজনৰ নাক, সোঁহাতে এজনীৰ গলাই৷


সেইজনীয়ে অনৰ্গল কৈ থকা ভাষাটো মণিপুৰীয়ে হ’ব বুলি মোৰ মনে ধৰিছে৷ পিছে দুই-তিনিটা, বৰ বেছি চাৰিটা শব্দৰ বাদে ভাষাজ্ঞান তেনেই পুতৌজনক হেতুকে সিহঁতৰ কথাও বুজা নাই, হাস্যৰসৰ কাৰণ উদ্ঘাটন কৰাতো বিফল হৈছোঁ৷ ল’ৰা দুটাই বৰ বিশেষ মাত মতা নাই অৱশ্যে৷ যুৱতী কণ্ঠইহে ৰজনজনাই আছে৷ কিবা জমনি কাহিনী হ’ব যেন বোধ হৈছে৷ এটা বাক্য কয়, হাঁহে৷ আকৌ এটা বাক্য কয়, আকৌ হাঁহে৷ এই ৰাতিখন, কি হ'ল অ' এইৰ? খালে নেকি কিবা? সংগীৰ সৈতে ঝুক’ ভেলীলৈ আহি, মুক্তিৰ উল্লাসতে সময়চেতনা নাইকিয়াই হ'ল যেন পাওঁ! মাকক ফাঁকি দি নে সঁচাই কিবা গৱেষণা? কাইলৈ লগ পালেই তাই বেটীক জেৰা কৰিব লাগিব৷ ঝুক' ভেলী প্ৰেমিক-প্ৰেমিকাৰো ভূস্বৰ্গ৷ ৰমন্যাসিক ভাববিলাসীৰ উপস্থিতিত নিশা আকাশৰ চন্দ্ৰমাই হেনো দিনৰ সূৰ্যালোকৰ দৰে জিলিকাই তোলে চৌদিশ৷ আহিবলৈহে কষ্ট৷

উঠি গৈ জুইৰ গুৰিত বহিলে কেনে হয়? আস্তেকৈ দুৱাৰখন খুলি বাহিৰ ওলাই আহিলোঁ৷ দৰজা মেলোঁতে কে-ৰে-ককৈ যিটোহে শব্দ হ’ল! খৰিকেইডালমান জাপি ফু দি অঙঠাৰ মাজৰ পৰা জুইকুৰা জীয়াই তুলিবৰ আপ্ৰাণ চেষ্টা চলাই আছোঁ৷ অৰুণদাও আহিল বাহিৰ ওলাই৷ আকৌ এবাৰ কে-ৰে-ক৷ সৰহ সময় নাথাকিল তেওঁ৷ টোপনিয়ে হেঁচি আনিছে৷ বাহিৰ ফুৰি চিধাই চাঙত উঠিলগৈ৷ দৰজাখনে পুনৰবাৰ কে-ৰে-ক কৰাৰ সন্ধিক্ষণতে অৰূপদা ওলালহি সিটো ঘৰৰ পৰা৷ পাতলীয়াকৈ বৰষুণ পৰি আছে৷ তাৰ মাজতে ছায়ামূৰ্তিৰ দৰে হঠাতে তেওঁৰ আবিৰ্ভাৱ৷ দেখি চক্‌ খাই গ’লোঁ মই৷ তেওঁৰো হেনো টোপনি ধৰা নাই৷ ঘৰত ইমান সোনকালে শুৱাৰ কাৰনো অভ্যাস আছে বাৰু? বাধ্যত পৰি ইয়াত বেমাৰীৰ দৰে বিছনা লৈ থাকিবলগীয়া হৈছে৷ অৰূপদাই জনালে, ছোৱালীজনীৰ অট্টহাস্যই তেওঁৰ কৰ্ণপটহো চুই গৈছে৷ ইকাটি-সিকাটি কৰি থকাৰ পাছত কৌতূহল দমাব নোৱাৰি উঠি আহিছে গম ল’বলৈ, কোন হাঁহিমতী এইজনী? এই নিশাখন হঠাতে ক'ৰ পৰা ওলালহি? মানৱী নে কোনোবা অশৰীৰি?

আমি দুয়ো কাইলৈৰ কাৰ্যসূচী সম্বন্ধে আলোচনা কৰি আছোঁ৷ পিঠি দি থকা ৰূমটোৰ ভিতৰত সেইজনীৰ কথা আৰু হাঁহি৷ যেন শেষ নহ’বই আজি! সঁচাকৈয়ে দাৰু-চাৰু পিলে নেকি বাৰু তাই? নে মণিপুৰী ভাং? ক'ব নোৱাৰি৷ হাঁহুৰীজনীক লৈ ৰগৰ আমিও কৰিলোঁ অলপমান৷ এসময়ত অৰূপদা গ’লগৈ৷ মই ৰূমত সোমালোঁ৷ হাঁহিচম্পাৰ একক উপস্থাপন বন্ধ হোৱাই নাই৷ শাম কাটোঁতে ৰাতি ১.০০ মানেই বাজিল কিজানি৷ তাৰ মাজতে সিহঁতকেইটা ওলাই আহি জুইৰ গুৰিত বহি কিবা সিজাই খালে৷ মধ্যৰাতি তেতিয়া৷ এসময়ত কোঠাটোত সাৰি-শব্দ নাইকিয়া হ’ল৷ অথনিৰে পৰা পৰিৱেশ এইহে প্ৰথমবাৰলৈ সুস্থিৰ হৈছে৷ কাইলৈ পুৱা এইৰ মুখশ্ৰী দৰ্শন কৰিব লাগিব ৰহ, বুলি পাঙি ময়ো শ্লীপিং বে'গটোত সোমাই পৰিলোঁ৷ দিনটো খোজ কাঢ়ি জমা হোৱা ভাগৰখিনি আছিলেই৷ শান্ত-শীতল অৱস্থা এটা পাই নিদ্ৰা দেৱীয়ে কেতিয়ানো টানি নিলে গমেই নাপালোঁ৷


No comments:

Post a Comment