Thursday, 8 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩)

ডুমডুমাৰ পৰা তালাপলৈ পথ-দূৰত্ব ১০ কিল’মিটাৰ৷ তালাপত চিট খালী হোৱাত সোণোৱাল ভিতৰত বহিলগৈ৷ মোকো মাতিছিল যদিও মই আগৰ ঠাইতে ৰ’লোঁ৷ মুক্ত আকাশ আৰু চৌপাশৰ দৃশ্যৰাজি বাধাহীনভাৱে উপভোগ কৰি গৈ থকাৰ মজাটো এৰিবৰ অকণো ইচ্ছা নগ’ল৷ অন্যান্য যাত্ৰীৰ লগতে উক্ত স্থানতে টেম্প’খনত উঠিবলৈ অইন এজন লোক কাষ চাপি আহিছিল৷ ভিতৰত চিট্‌ খালী নাই৷ ইতিমধ্যে ভৰি পৰিল৷ পিছফালৰ তক্তাছটাত বহিবলৈ বৰ এটা ইচ্ছা নকৰা যেন লাগিল তেওঁক৷ ‘আহক আহক ডাঙৰীয়া, একেলগে যাওঁ’ বুলি ময়ে মাতি আনি কাষতে বহুৱাই ল’লোঁ৷ চকা ঘূৰাৰ লগে লগে আগন্তুকৰ লগতো চিনা-পৰিচয় পৰ্ব আৰম্ভ হ’ল৷ ডিব্ৰু-ছৈখোৱাৰ বনৰক্ষী বিনোদ বৰগোহাঁই৷ শদিয়াৰ ন মাইলত ঘৰ৷ গতিকে একে পথৰে পথিক৷ আমাৰ উদ্দেশ্য প্ৰকট কৰাত অৰ্থপূৰ্ণভাৱে হাঁহিলে৷ ব্যতিক্রমী চিন্তা আৰু কামে মানুহক অনিৰ্বচনীয় আনন্দ আৰু অন্তহীন উৎসাহ দান কৰে৷ বুজি পালে চাগৈ কথাটো৷ ক্ষণিকৰ চিনাকিৰ সুবাদতে আগ-পাছ নুগুণি দলঙেৰে খোজ কাঢ়ি যোৱাৰ প্ৰস্তাৱ দি দিলোঁ তেওঁক৷ ক্ষীণকায় মানুহজনো তৎমুহূৰ্ততে ৰাজী হৈ গ’ল! ক’লে… ‘হ’ব, কোনো কথা নাই৷ আমাৰ চাকৰিয়েই খোজ কঢ়া৷’ আমি স্বামী-স্ত্ৰীহালেও বৰ ভাল পালোঁ, সেইফালৰ সংগী এজনক পাই৷ তাৰ পাছৰ ওৰে বাট পাতিলোঁ দলং, দলং, কেৱল দলঙৰ কথাই৷ ভাবিলোঁ, আমিনো কোন কূটা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে এইকেইদিন কেৱল এইটো প্ৰসংগইতো তোলপাৰ লগাই আছে!

ডাঙৰী পালোঁহি৷ যোৰহাটত পঢ়োঁতে আমাৰ হোষ্টেলত ডাঙৰীৰ জুনিয়ৰ ল’ৰা এটা আছিল৷ কোন আছিল সি? প্ৰায় তিনি দশক পুৰণি স্মৃতিৰ ভাণ্ডাৰ খুঁচৰি নিৰ্দিষ্ট মুখখন পোহৰলৈ অনাৰ চেষ্টা চলাই থাকিলোঁ মনে মনে৷ লগতে উপভোগ কৰি গ’লোঁ পথৰ দুয়ো দাঁতিৰ প্ৰাকৃতিক সৌন্দৰ্যৰাজি৷ তেনেকৈয়ে পালোঁহি ধলা গাঁও তিনিআলি৷ নৱনিৰ্মিত ত্ৰায়েংগুলাৰ পাৰ্ক এখনৰ গুৰিতে বৰগোহাঁই আৰু সোণোৱালৰ যৌথ নিৰ্দেশনাত টেম্প’ৰ পৰা নামি দিলোঁ৷ পথটোৰ ইফালৰ পৰা সিফাললৈ নতুনকৈ স্থাপন কৰা সেউজীয়া ব’ৰ্ড এখনৰ পৰা জ্ঞাত হ’লোঁ যে ধলা-শদিয়াৰ এই বাইপাছ পৰ্যন্ত তিনিচুকীয়াৰ পৰা ৪৩ কিল’মিটাৰ অহা হ’ল৷ ম’বাইল ফোনৰ স্ক্ৰীণখনলৈ চালোঁ৷ ৮ বাজি গৈছে মাত্ৰ৷ সময়টো আৰু চৌপাশৰ পৃথিৱীখন চাই নিজকে সুখী সুখী যেন অনুভৱ হ’ল৷ বতৰটো খোজ কঢ়াৰ অনুকূল হৈ আছে৷ সোনকালে পদচালনা আৰম্ভ কৰিব পাৰিলে ভাল৷ বেলি উঠিলে সমস্যা হ’ব পাৰে৷

নতুন দিগন্তৰ সূচনাকাৰী ধলা-শদিয়া সেতুৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ অহা অতিথি আৰু ৰাইজলৈ অভিবাদন জনোৱা বৃহৎ আদৰণী হ’ৰ্ডিং আৰু তোৰণবোৰ তেতিয়াও যেনিতেনি সগৰ্বে দণ্ডায়মান অৱস্থাতে আছে৷ দলংখন ৰাষ্ট্ৰক সমৰ্পণ কৰাৰ ২৪ ঘণ্টাই পাৰ হোৱা নাই; ভবামতেই আমি উপস্থিত হ’লোঁহি, ইমূৰৰ পৰা সিমূৰলৈ ইয়াৰ স্পৰ্শানুভূতি লভিবৰ অভিপ্ৰায়েৰে৷ সেই উদ্দেশ্য সন্মুখত লৈ পুৱাই পুৱাই এটা ঐতিহাসিক আৰু স্মৰণীয় পদযাত্ৰা কৰিম৷ কথাটোৱে মনত অপাৰ আনন্দৰ জোৱাৰ তুলিছে৷ আমাৰ এই সমস্ত কাণ্ড-কাৰখানাৰ সাক্ষী হৈ ৰ’ব বিনোদ বৰগোহাঁই নামৰ শদিয়া নিবাসী, অলপ আগতে চিনাকি হোৱা, এতিয়া কাষত থকা ব্যক্তিজন৷ উৎকণ্ঠিত হৈ পৰিছোঁ এই ভাবি যে ক্ষণিক পাছতে ‘স্বপ্নৰ দলং’খন পতি-পত্নীহালে একে লগে, একে সময়তে দেখা পাম৷









No comments:

Post a Comment