বাদুলী খোৰোঙত সোমালোঁ
‘বাধা-বিঘিনিক অতিক্রম কৰা, এটা কৃতকাৰ্যতাৰ পৰা
আন এটা কৃতকাৰ্যতালৈ আৰোহণ কৰা, নিত্য-নতুন সংকল্প লোৱা আৰু সেইবোৰ কাৰ্যকৰী কৰা... এইবোৰতকৈ
আন একো মহৎ আনন্দ জীৱনে দিব নোৱাৰে৷’ …ছেমুৱেল জনছন
বাদুলী খোৰোং৷
ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে অসম সাহিত্য সভাৰ কলিয়াবৰ
অধিৱেশনৰ পৰা আহি থাকোঁতেই ভ্ৰমণ-সংগী অৰুণদাই গাড়ীতে উলিয়াইছিল কথাটো৷ আৰু কৈছিল...
‘যাম ওলাব, শিৱৰাত্ৰিৰ পিছতে যাম৷’
‘যাম ওলাব’ বুলি কোৱাৰ সময়ৰে পৰাই মনটো ছটফটাবলৈ ধৰিলে৷ গুহাত সোমোৱাৰ
অভিজ্ঞতা আৰু আনন্দ, দুয়োটাই মোৰ ইতিমধ্যে হৈছে৷ নেপাল-সুন্দৰী পোখৰাৰ মহেন্দ্ৰ কে’ভ, মেঘালয়ৰ চেৰাপুঞ্জীৰ মাউচমাই
কে’ভত সোমাই পাইছোঁ৷ এতিয়া কন্দলী
পাহাৰৰ বেট কে’ভত সোমোৱাৰ ইচ্ছা জন্মিছে৷ ইপিনে
ক’ৰবালৈ যোৱাৰ আগতে সেই বিষয়ে অধ্যয়ন
কৰি লোৱাটো জৰুৰী৷ বাদুলী খোৰোঙৰ বিষয়ে মোৰ জ্ঞান তেনেই পুতৌলগা বিধৰ৷ গতিকে খৰখেদাকৈ
তথ্য সংগ্ৰহত লাগি গ’লোঁ৷ কিতাপ-আলোচনী, ট্ৰেভেল গাইডৰ
পাত লুটিয়ালোঁ, গুগুল গুৰুৰো শৰণ ল’লোঁ৷ ‘আমাৰ অসম’ৰ প্ৰথম পৃষ্ঠাত ১৯ তাৰিখে দিব্যজ্যোতি ভূঞাৰ লেখা পঢ়িও
উপকৃত হ’লোঁ৷ তেওঁৰ পৰাই অনেক কথা আকৌ জানিলোঁ ২২ তাৰিখৰ 'দৈনিক জনমভূমি' কাকতৰ 'অৱকাশ'ত৷
এইসমূহ মন্থন কৰি বুজিলোঁ যে নগাঁও জিলাৰ ঐতিহাসিক
সমলসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ হৈছে আমাৰ গৃহ-জিলা কাৰবি আংলঙৰ গাতে গা লাগি থকা কন্দলী পাহাৰৰ
বাদুলী খোৰোং৷ নগাঁও চহৰৰ পৰা পূবে বামুণী-কঠীয়াতলী পথেৰে ২৩কিল’মিটাৰ নিলগত অৱস্থিত কন্দলী অঞ্চল৷ ইতিহাসপ্ৰসিদ্ধ তথা কিংবদন্তি বিজড়িত কন্দলী ৰাজ্যক প্ৰাক-শংকৰী যুগৰ বিশিষ্ট কবি মাধব কন্দলীৰ জন্মস্থান বুলি কোৱা যায়৷ নিবুকালি নামৰ ঠাইখিনিৰ পৰা ২কিল’মিটাৰ দূৰত্বৰ গাঁৱলীয়া পথ অতিক্রম কৰাৰ
পিছত গছ-লতিকা, শিলেৰে আৱৰা কন্দলী পাহাৰৰ পাদদেশ পোৱা যায়৷ এই পাহাৰৰ নামনিতে ২০০১চনৰ
পৰা এখন মেলা অনুষ্ঠিত হৈ আহিছে৷ নাম বাদুলী খোৰোং মেলা৷ বিভিন্ন প্ৰান্তৰ পৰা অহা
হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ইয়াত সমাগম হয়৷ প্ৰত্যেক বছৰৰ শিৱৰাত্ৰিৰ এদিনৰ পিছৰে পৰা
তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই মেলা৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এই বছৰো ১৯, ২০ আৰু ২১ফেব্ৰুৱাৰীত
বৰ্ণাঢ্য কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক মেলাখন অনুষ্ঠিত হ'ব৷ সামগ্ৰী বেচা-কিনা, মনোৰঞ্জনধৰ্মী খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি ইত্যাদিৰ আকৰ্ষণৰ লগতে নাম-কীৰ্তন, থান দৰ্শন, খোৰোং প্ৰৱেশ, প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ এই সময়টো উপযুক্ত৷
খবৰটো পায়ে মূলতঃ ঐতিহাসিক স্থান বাদুলী খোৰোং দৰ্শন আৰু ইয়াৰ দাঁতি-কাষৰীয়া
প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি নিজ চকুৰে চোৱাৰ উদ্দেশ্যত মনটো উদগ্ৰীৱ হৈ উঠিল৷ পে'পাৰত ওলোৱা বাৰ্তাটো জনোৱা মাত্ৰকে
অৰুণদাৰো প্ৰায় ৩বছৰৰ আগৰে পৰাই ভিতৰি উমি উমি থকা জুইকুৰা ভমককৈ জ্বলি উঠিল৷ ২১ফেব্ৰুৱাৰীৰ
পুৱা ৯বজাত ডিফুৰ পৰা আমাৰ পাঁচজনীয়া মাৰ্ক’ পল’ দলটোৰ এডভেন্সাৰ ট্ৰিপটো খাটাং হৈ গ’ল৷ সুখৰ কথা, অৰুণদাৰ বলেৰ’খনৰ ড্ৰাইভাৰ ডেকাৰজা সেইফালৰে কঠীয়াতলী
অঞ্চলৰ বাসিন্দা৷ কাজেই এলেকাটোৰ সম্বন্ধে হাঁহিমুখীয়া চালকজনৰ সম্যক ধাৰণা এটা পূৰ্বৰ পৰাই আছিল৷
গতিকে অন্য গাইডৰ প্ৰয়োজন নহ’ল৷ স্ফূৰ্তিবাজ মানুহ সূত্ৰধৰ আৰু কাৰবি চফল ডেকা বাবুছিং আমাৰ সৈতে
থাকিল৷
ডিফুৰ পৰা মাঞ্জা৷ তাৰ পিছত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে
ডবকা৷ তাৰ পৰা ফ’ৰ লেন হাইৱেৰে নগাঁওমুখী হৈ কঠীয়াতলী চাৰিআলি পালোঁ৷ সোঁহাতে বামুণীলৈ যোৱা ৰাস্তাৰে সোমাই দিলোঁ৷ বহু বছৰৰ আগতে ছিপাঝাৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনলৈ যাওঁতে সেইফালেদি চৰ্টকাট মাৰি, বোধহয় বৰঢ়মপুৰত, ৩৭নং ৰাষ্ট্ৰীয়
ঘাইপথত উঠিছিলোঁগৈ৷ এতিয়া ৰাস্তাটো ভাগিছে৷ প্ৰায় আঠ কিল’মিটাৰ আগত নিবুকালি৷ তাৰো অলপ
আগলৈ গৈ সোঁহাতে কাঁড় মৰা আছে, ঐতিহাসিক বাদুলী থান (খোৰোং) লৈ বুলি৷ পকী তোৰণ এখনো
আছে৷ কাষতে ব’ৰ্ড এখনত লিখি ৰখামতে অসম চৰকাৰৰ
পৰ্যটন বিভাগে উন্নয়নমূলক কাম-কাজ সম্পন্ন কৰিছে৷ সেইফালেৰেই সোমাই যাব লাগে বাদুলী
খোৰোঙলৈ৷
গাঁৱৰ ধূলিয়ৰি পথ৷ মেলা উদ্যাপন সমিতিয়ে অলপমান
আগলৈ বাঁহৰ ডাং এডালেৰে অস্থায়ী গে’ট বান্ধি গাড়ীবিলাকৰ পৰা এণ্ট্ৰি ফিজ সংগ্ৰহ কৰি আছিল৷
আমাক পিছে যাবলৈ দিলে৷ একো নুখুজিলে, নল’লে৷ গৈ গৈ পাৰ্কিঙত ৰ’লোঁগৈ৷ তেতিয়া সময় দিনৰ ১২.৩০৷ তাত নমাৰ পিছৰে
পৰাই ট্ৰেকিং আৰম্ভ হৈ গ’ল৷ আমি যাবলৈ ইচ্ছা কৰা অন্তিম
স্থান অৰ্থাৎ গুহাটোৰ একেবাৰে তলিলৈকে কমেও ৩কিল’মিটাৰমানেই হ’ব বুলি ঘূৰি আহিহে নিশ্চিত হ’লোঁ৷ তাৰ আগছোৱাত কোনো ধাৰণা নাছিল৷ নথকাটোৱেই স্বাভাৱিক৷
চকুৰ সন্মুখত, পোনে পোনে এয়া কন্দলী পাহাৰ৷ নগাঁও-কাৰবি আংলং
সীমান্তৰ এই পৰ্বতৰ বুকুতেই আছে সেই বিস্ময়কৰ শৈল গুহা, য’ত সোমাই চোৱাৰ আশা বুকুত বান্ধি আমি আহিছোঁ ডিফুৰ
পৰা৷ বিভিন্ন প্ৰজাতিৰ, ৰং-বিৰঙৰ, সৰু-বৰ অসংখ্য বাদুলীৰ আশ্ৰয় স্থল বাবে গুহাটোক কোৱা
হয় বাদুলী খোৰোং৷ ইয়াৰ সৈতে জড়িত আছে বহু অলৌকিক কাহিনী, আখ্যান বা কিংবদন্তি৷ জনশ্ৰুতি অনুসৰি, এই অঞ্চলটো এসময়ত কন্দলী ৰাজ্য নামে জনাজাত আছিল৷
প্ৰাক-বৈষ্ণৱ কালত কন্দলী ৰাজ্যত শাসন চলাইছিল এগৰাকী ৰাণীয়ে৷ নাম আছিল প্ৰমীলা৷ উক্ত ৰাজ্যখন মূলতঃ নাৰীৰ ৰাজ্য আছিল৷ অপূৰ্ব সুন্দৰী ৰমণীৰে ভৰা ৰাজ্যখনত পুৰুষৰ প্ৰৱেশ নিষেধ আছিল৷ আনহাতে তাত থকা পুৰুষসকলক এটা গুহাত বন্দী কৰি থোৱা হৈছিল আৰু কেৱল প্ৰজনন যন্ত্ৰ হিচাপেহে তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল৷ গুহাটোত
ৰাণীৰ সৈন্য-সামন্ত আৰু গুপ্তচৰসকলে বাস কৰিছিল৷ ৰাণীৰ আদেশ অনুযায়ী তাত পুৰুষৰ প্ৰৱেশ
নিষিদ্ধ আছিল৷ কিন্তু এদিন এজন ঋষিয়ে নাৰীসকলেনো গুহাৰ ভিতৰত কি কৰে তাকে জানিবলৈ কৌতূহলবশতঃ প্ৰৱেশ কৰিলে৷ পিছে দুৰ্ভাগ্য৷ সুন্দৰী নাৰীৰ ৰূপ-লাৱণ্যত তেওঁ নিজৰ নৈতিক চৰিত্ৰ হেৰুৱালে৷ নাৰীৰ ৰূপ লৈ থকা ঋষিক পিছত গুপ্তচৰসকলে ধৰা পেলালে৷ বন্দী ঋষিয়ে আত্মপৰিচয় দিয়াৰ উপৰি মনৰ ব্যগ্ৰতাৰ বাবে তাত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰিলে৷ পিছে প্ৰমীলা ৰাজ্যৰ সৈন্যই তেওঁক সন্দেহ কৰিলে কোনোবা শত্ৰু দেশৰ চোৰাংচোৱা বুলি৷ অপৰাধৰ ফল স্বৰূপে ৰাণীয়ে ঋষিক শিলত ওলোমাই শাস্তি বিহিলে৷ ইফালে ঋষিৰ শিষ্যসকলে তেওঁক বিচাৰি চলাথ কৰিলে৷ শেষত খোৰোঙৰ ভিতৰত অভাবনীয় অৱস্থাত উদ্ধাৰ কৰিলে৷ ৰাণীৰ তেনে ব্যৱহাৰত ঋষি অতি অসন্তুষ্ট, লজ্জিত আৰু ক্রোধান্বিত হ’ল৷ লগে লগে তেওঁ গুহাৰ সকলো নাৰীকে বাদুলীৰ ৰূপ লৈ ওলমি থকাৰ অভিশাপ দি দিলে৷ লোক-বিশ্বাস অনুযায়ী, সেই মুহূৰ্তৰ পৰাই শাপগ্ৰস্ত নাৰীসকলে গুহাৰ শিলবোৰত ওলোমা
বাদুলীৰ ৰূপ ধাৰণ কৰি ৰ’ল৷ শাপমুক্ত কৰি দিবলৈ তেওঁলোকে কান্দি-কাটি ঋষিক কাকূতি-মিনতি জনালে যদিও ঋষি অন্তৰ্ধান হ'ল৷ বাদুলীৰ চিঁ-চিঁয়নিৰ ৰূপত অভিশপ্ত সেই নাৰীসকলৰ কান্দোনেই আজিকোপতি গুহাৰ ভিতৰত কঁপনি তোলে বুলি এচাম মানুহে বিশ্বাস কৰে৷ গুহাৰ ভিতৰত থকা শতসহস্ৰ বাদুলীক সেই শাপগ্ৰস্ত নাৰীসকল বুলি আজিও ভবা হয়৷
পঢ়িবলৈ পোৱা মতে, তিৱা জনগোষ্ঠীৰ লোকসকলৰ বসন্ত
উৎসৱ ছগ্ৰা মিছৱাৰ বাবে আৱশ্যকীয় মূল সাজযোৰ বাদুলী খোৰোঙৰ পৰা নিয়া আৰু ব্যৱহাৰৰ পিছত ঘূৰাই দিয়াৰ এক অলৌকিক পৰম্পৰাও একালত প্ৰচলিত আছিল৷৷ উৎসৱৰ সময়ত এখন শৰাইত পূজা দি বাদুলী খোৰোঙত থৈ অহা হৈছিল৷ পিছদিনা শৰাইখনত পোৱা গৈছিল এযোৰ নতুন কাপোৰ৷ খোৰোঙত থকা অদৃশ্য শক্তিয়ে সেয়া যোগান ধৰিছিল বুলি মানুহে বিশ্বাস কৰিছিল৷ কাপোৰযোৰ ব্যৱহাৰ কৰি পুনৰ আগৰ ঠাইত সসন্মানে ৰাখি অহা হৈছিল৷ এই প্ৰথা বহু দিনলৈ চলি আছিল৷ পিছে এবাৰ এযোৰ কাপোৰ তেনেকৈ নি ঘূৰাই নিদিয়াৰ বাবে এনেদৰে কাপোৰ দিয়াৰ প্ৰক্ৰিয়াটো ভৱিষ্যতলৈ বন্ধ হৈ যায়৷ ইয়াৰোপৰি, বাদুলী খোৰোঙত থকা বুঢ়ী এজনীয়ে পাহাৰত লগ পোৱা লোকক তামোল কাটি খাবলৈ দিয়া, বৰষুণত গাভৰু কেইজনীমানে তিতাফুল ছিঙি থকাৰ অলৌকিক কাহিনীৰ বিষয়ে স্থানীয় ৰাইজৰ মুখত শুনিবলৈ পোৱা যায়৷
কন্দলী পাহাৰৰ এই গুহাৰ পৰা ৩কিল'মিটাৰ অাঁতৰৰ বামুণী পাহাৰত আছে বামুণী গোসাঁই থান৷ পূৰ্বতে বামুণী গোসাঁই থানৰ পথেৰে গোপনে কন্দলী পাহাৰলৈ আহ-যাহ আছিল৷ এই গুহাৰ সাত নং কক্ষত শিলৰ শিৱ-পাৰ্বতীৰ মূৰ্তি থকা এখন থান আছে৷ গুহাৰ শিলৰ মাজে মাজে যোৱা অকোৱা-পকোৱা পথেৰে ১কিল'মিটাৰমান গ'লে এটা জুৰি পোৱা যায়৷ এই জুৰিৰ পাৰত আছে তাঁতশাল আৰু নাৱৰ ৰূপৰ প্ৰকাণ্ড শিল৷ মানৰ তৃতীয় আক্ৰমণৰ সময়ত বহুতো ভগনীয়াই বাদুলী খোৰোঙত আত্মগোপন কৰি প্ৰাণৰক্ষা কৰিছিল বুলিও জনশ্ৰুতি আছে৷ আদিতে এই ঠাইখণ্ড অটব্য হাবিৰে পূৰ্ণ আছিল আৰু হিংস্ৰ বন্য জীৱ-জন্তুৰ বিচৰণথলী আছিল৷ সেয়েহে স্থানীয় কোনো লোকেই ইয়াত প্ৰৱেশ কৰিবলৈ সাহস গোটাব পৰা নাছিল৷ চাকৰি সূত্ৰে কন্দলী অঞ্চললৈ অহা নগাঁৱৰ জাজৰি নিৱাসী আব্দুল ৰহমান নামৰ লোকজনে ১৯৯৯চনত স্থানীয় কেইবাজনো লোকক লগত লৈ খোৰোঙৰ অন্তৰ্ভাগত পদাৰ্পণ কৰে৷ খোৰোঙৰ ভিতৰত হাজাৰ হাজাৰ বাদুলীৰ উপস্থিতি তেৱেঁই প্ৰমাণ কৰে৷ তদুপৰি ইয়াৰ লুপ্ত ইতিহাস সৰ্বত্ৰে বহুলভাৱে প্ৰচাৰৰ মহৎ উদ্দেশ্য আগত ৰাখি বিশেষ কাৰ্যকৰী পদক্ষেপো গ্ৰহণ কৰে৷ যাৰ অংশ হিচাপে স্থানীয় ৰাইজে কন্দ্লীৰ ঐতিহাসিক বাদুলী খোৰোং মেলা আয়োজন কৰাৰ সিদ্ধান্ত লয়৷ ঠাইখিনিক এটা পৰ্যটন কে্ন্দ্ৰ হিচাপে গঢ়াৰ মানসেৰে, ব্যাপক প্ৰচাৰ-প্ৰসাৰৰ লক্ষ্য বান্ধি এই মেলা ২০০১চনৰ পৰা প্ৰতি বছৰে পাতি অহা হৈছে৷
বিশ্বাস আৰু মহৎ উদ্দেশ্য এটাক কেন্দ্ৰ কৰি গঞা ৰাইজে মিলি প্ৰতি বছৰে শিৱৰাত্ৰিৰ এদিনৰ পিছতে তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শ্ৰীশ্ৰী বাদুলী থান (খোৰোং) মেলা অনুষ্ঠিত কৰি গৈছে৷ মেলাৰ কেইদিনত বাদুলী খোৰোঙৰ দাঁতিত অৱস্থিত থানত চাকি-বন্তি প্ৰজ্বলন কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় আৰু পুণ্য অৰ্জন হয় বুলি ভক্তবৃন্দৰ মনৰ বিশ্বাস৷ কন্দলী পাহাৰৰ নামনি অংশ অৰ্থাৎ ছোট কন্দলীত আয়োজন কৰা এই মেলাত ওচৰ-পাজৰ, দূৰ-দূৰণি, পাহাৰ-ভৈয়াম সমন্বিতে অগণিত লোকে অংশ গ্ৰহণ কৰি ঈশ্বৰৰ নামত শৰাইভাগ আগ বঢ়ায়৷
বাদুলী খোৰোঙলৈ স্নান কাৰ্য নকৰাকৈ গ'লে, থু-খেকাৰ পেলালে, আশে-পাশে প্ৰস্ৰাৱ কৰিলে, গছ-গছনি কাটিলে, জীৱ-জন্তু হত্যা কৰিলে নিজৰ হানি-বিঘিনি ঘটে বুলিও প্ৰবাদ আছে৷ আমি ঘূৰি আহোঁতে বাটত পোৱা এদল দৰ্শনাৰ্থীৰ মাজৰে এজন ডেকাই এই কথাখিনি গম্ভীৰ স্বৰত সহযাত্ৰীসকলক বুজাই গৈ আছিল৷
পিঠিত বেগ, হাতত কেমেৰা৷ মুখৰ আগত কেঁচা ৰাস্তা এটা৷ চলাচল আৰম্ভ হৈ গ’ল৷ চাহ বাগানৰ মাজে মাজে খোজ
দি মেলাথলীত উপনীত হ’লোঁ৷ নানা তৰহৰ বয়-বস্তুৰ সমাহাৰেৰে
যেনি-তেনি ঢেৰ দোকান৷ বেপাৰী আৰু ক্রেতাৰ ভিৰ৷ চলিত বৰ্ষৰে ১৯ফেব্ৰুৱাৰী তাৰিখে মৰিগাঁৱৰ
তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰনাথ বৰদলৈ আৰু কাৰ্যবাহী
সদস্য মদন বৰদলৈয়ে বাদুলী মেলাথলীত স্থাপন কৰা ৰভাঘৰৰ আধাৰশিলা এটা চকুত পৰিল৷ মুকলি
মঞ্চ এখনো দেখা পালোঁ তাত৷ বননিৰ ওপৰতে ৰখা ডাঙৰ ডাঙৰ চাউণ্ড বক্সবোৰলৈ চাই অনুমান কৰিলোঁ
যে নিশা নিশ্চয় সংগীতানুষ্ঠান হৈছিল আৰু আজিও হ'ব৷ আমাৰ চকুৰ আগতে বহুত মানুহে মেলাৰ দাঁতিৰে গুহাৰ
দিশে বাট বুলিছে৷ কালবিলম্ব নকৰি আমিও পাহাৰীয়া বাটটো অনুসৰণ কৰিলোঁ৷ এসময়ত বাদুলী খোৰোঙলৈ উঠি যোৱা
খটখটী আৰু গে’টৰ সন্মুখ পালোঁগৈ৷ পকাৰ চিৰিকেইটা
বগাই উচ্চতালৈ আৰোহণ কৰিলোঁ৷ বিহংগম দৃষ্টিত দূৰৈত পাহাৰৰ লানি, মেলাথলী, গাঁৱলৈ যোৱা
লুংলুঙীয়া পথ ইত্যাদি দৃশ্যমান হ’ল৷ উক্ত স্থানৰ পৰা বাটটো অকণমান তললৈ৷ পিছত আকৌ ওপৰলৈ৷ পাকটো লওঁতেই
বাঁওহাতে আছে জিৰণি চ’ৰা এটা৷ ২০১৩চনৰ ১৩মাৰ্চত তিৱা
স্বায়ত্তশাসিত পৰিষদৰ তেতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীয়ে চ’ৰাঘৰটোৰ আধাৰশিলা স্থাপন কৰিছিল৷
চাৰি লাখ টকা ব্যয়ৰে নিৰ্মিত এই চ’ৰাৰ একাষেৰে উঠি গ’লে ওপৰত শ্ৰীশ্ৰী বাদুলী থানখন৷ পৃষ্ঠপট বৃহৎ বৃহৎ
গছ-গছনি৷ প্ৰকাণ্ড প্ৰকাণ্ড শিলেৰে অঞ্চলটো ভৰপূৰ৷ থানত অগণন ভক্তই তেতিয়া পূজা-সেৱা
আগ বঢ়াই আছিল৷
থানখন অতিক্ৰম কৰিয়ে পিছফালে নাতিদূৰত সামান্য নামনিত দৃষ্টিগোচৰ হ’ল, বাঁহনিৰ তলেৰে, শিলৰ মাজেৰে দেখোন মানুহবোৰ সোমাইছে, ওলাইছে! শিল এটাৰ গাত কাঁড় চিন মৰা আছিল৷ তাৰ মানে সেইখনেই আমি বিচাৰি
অহা বাদুলী খোৰোঙৰ মুখ৷ ওচৰতে গছত ওলোমাই থোৱা জাননীখন পঢ়িলোঁগৈ৷ সৰু সৰু ল’ৰা-ছোৱালীৰ খোৰোঙৰ ভিতৰলৈ প্ৰৱেশ
নিষেধ৷ জোতা-চেণ্ডেল খুলি প্ৰৱেশ কৰিবলৈ জনোৱা অনুৰোধ ৰক্ষা কৰি আমিও আমাৰবোৰ খুলি
বাহিৰত একাষে শৃংখলাবদ্ধভাৱে থৈ দিলোঁ৷ তাৰ পিছত আৰম্ভ হ’ল কৌতূহল নিবাৰণৰ আচল পৰ্যায়টো৷
জানিবলৈ পোৱামতে ৰাজমোহন নাথ নগাঁও জিলাৰ কাৰ্যবাহী
অভিযন্তা হৈ থাকোঁতে এই খোৰোংটো আৱিষ্কাৰ কৰিছিল৷ তেওঁৰ ৰিপৰ্টত এইদৰে পোৱা যায়… About three miles to the
north-east of Kandoli Tea Garden and a mile and half from the PWD road,
opposite 7 1/2 mile post, is the Baduli Khurung or the Bat's Cave on the
Kandoli hill. The cave peculiar workmanship of nature, a wide channel has been
formed under a rocky hill looking like a huge and commodious cave, and several
huge boulders, some of 15 to 20 in diameter have been arranged in its front as
a rocky rampart. Another boulder has found its place in an inclined way
informant of the cave in such a way that the passage has been partially blocked
providing a clear doorway on the side and a window opening over its body in the
other side. কেইবাটাও লেখাৰ উপৰি ৰাজমোহন নাথৰ কিতাপ আৰু গৱেষণা-পত্ৰত বাদুলী খোৰোঙৰ
উল্লেখ থকা বুলি জানিব পাৰিছিলোঁ৷
খোৰোং বুলিলে সীমিত পৰিসীমা এটা বুজা যায় যদিও দৰাচলতে বাদুলী খোৰোং অঞ্চলটো এটা বিস্তৃত অঞ্চল৷ এই অঞ্চলটো কিছুমান সৰু-বৰ গুহা আৰু পথৰ সমষ্টি৷ ইয়াৰ ভিতৰত অনেকটা কক্ষ আছে৷ নিজৰ চকুক বিশ্বাস কৰিব নোৱাৰাকৈ অসংখ্য বাদুলী শিলৰ গাত ওলমি ৰয়৷ শুনিবলৈ পোৱামতে গুহাৰ ভিতৰৰ পথসমূহত বহু লোক আগতে নিৰুদ্দেশ হৈছে৷ সেয়ে স্থানীয় ৰাইজে অচিনাকি লোকক প্ৰৱেশত বাধা আৰোপ কৰে৷ ইয়াৰে এটা পথেৰে গ'লে কাৰবি আংলং জিলাত প্ৰৱেশ কৰিব পাৰি বুলিও কোনোৱে কয়৷ আগতে এই পথটো চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰিছিল বুলিও শুনা যায়৷ বাদুলী খোৰোঙৰ সৈতে মানুহৰ শ্ৰদ্ধা, ভক্তি, ভয় আৰু উৎসুকতা জড়িত আছে৷
উৎসুকতা দমাই ৰাখিব নোৱাৰিলোঁ আমিও৷ তিনিটা শিলে সৃষ্টি কৰা তোৰণসদৃশ প্ৰৱেশ পথটোৱেদি লাহেকৈ হাউলি সোমাই গ’লোঁ৷ কাঠৰ জখলা এডাল চকুৰ আগলৈ
আহিল৷ অস্থায়ীভাৱে স্থানীয় ৰাইজে সাজি দিছে৷ সেইডালেৰে নামি দিলোঁ৷ প্ৰথম কক্ষটো পালোঁ৷ ভিতৰভাগত ঠায়ে ঠায়ে অন্ধকাৰ৷ ঠায়ে ঠায়ে ওপৰৰ শিলৰ ফাঁকেৰে
বাহিৰৰ পৰা সোমোৱা পোহৰ৷ যেন প্ৰকৃতিৰ খেয়াল অনুযায়ী হোৱা ছাঁ-পোহৰৰ এখন অসমাপ্ত খেলহে!
গুহাৰ ভিতৰত হ’ব পৰা অন্ধকাৰৰ কথা আগতীয়াকৈ
ভাবিয়ে ঘৰৰ পৰাই টৰ্চ লাইট এটা লৈ গৈছিলোঁ৷ অতপৰে পিঠিত কঢ়িয়াই ফুৰা বেগটো খুলি তৎক্ষণাৎ সেইটো
উলিয়াই জ্বলাই ল’লোঁ৷ এহাতে টৰ্চ, এহাতে কেমেৰা৷
বেগত আছে হেণ্ডিকেম, পানীৰ বটল ইত্যাদি৷ আৰামত পাৰ হৈ গৈছোঁ যদিও কোনোবা কোনোবা ঠাইত
শিলৰ চেপৰ মাজেৰে দেহা পাৰ কৰোৱাই মস্কিল৷ শিলত বহি, শৰীৰ বেঁকা কৰি, চুঁচৰি আগুৱাব
লাগে৷ ইফালে অসংখ্য বাদুলীৰ চিঁ-চিঁয়নিৰ ফলত জন্মা কান্দোনসদৃশ এক ধৰণৰ কোলাহল আৰু বিষ্ঠাৰ গোন্ধ
খোৰোঙত প্ৰৱেশ কৰাৰ পৰাই কাণে-নাকে লাগি আছিল৷ অৱশ্যে সেইবোৰ জন্মাব পৰা সমস্যাকলৈ সামান্যতমো কেৰেপ কৰা
নাই৷ বিপৰীতে, অকাই-পকাই আগ বাঢ়োঁতে আন্দাজ হেৰুৱাই দুবাৰকৈ মূৰটো শিলত খুন্দিয়ালোঁ৷
টুপীটো আছিল বুলি বাছি গৈছোঁ যেনিবা৷ নহ’লে নিৰ্ঘাত পৈত্ৰিক নাৰিকলটো ফাটেই! পিছত ভাবিলোঁ, বাদুলীৰ
বসতি স্থল শিলৰ ৰাজ্যত সোমাই এখুন্দা নাখালেনো কেনেকৈ? সৰুতে আমাৰ ঘৰৰ কাষৰে গড়কাপ্তানি
বিভাগৰ মেকানিকেল ৱৰ্কশ্বপত পুৰণি জীপ, ট্ৰাক, ৰ’লাৰবোৰৰ তলে-ওপৰে পিটপিটাই ফুৰোঁতে হঠাতে খোৱা
কতনা খুন্দা-খুন্দলি, মূৰ ফটা, তেজ ওলোৱা, ঘৰত গালি খোৱাৰ ভয়ত চুপচাপ লুকুৱাই থোৱা...
ল’ৰালিৰ কাণ্ড-কাৰখানাবোৰলৈ মনত পৰি গ’ল৷
বিপদজনক এঠাইত বেগটো পিঠিৰ পৰা গুচাবলগীয়া হ’ল৷ কেমেৰা পকেটত গুজিলোঁ৷ যাত্ৰা
চলি থাকিল৷ আমাৰ আগে-পিছে গুহাত সোমোৱা অনেক মানুহ আকৌ আদবাটৰ পৰাই উভতিল৷ প্ৰাণৰ মমতাত,
বাট হেৰুৱাৰ ভয়ত অনেকজনে ছত্ৰভংগ দিলে৷ শেষ পৰ্যন্ত গৈ থকাৰ দৃঢ় সংকল্পত নিজকে অচল-অটল ৰাখি
আগুৱাই গৈ থাকিলোঁ৷ এসময়ত অন্তিম তলিৰ মুখত উপস্থিত হ’লোঁগৈ৷ আগৰে পৰাই তাত চাকি আৰু
ধূপ জ্বলোৱা আছিল৷ এফালৰ পৰা শিলৰ ফাঁকেৰে আহি ডোঙা বন্ধা পানী দেখিলোঁ৷ শ্ৰীশ্ৰী বাদুলী থানৰ
লক্ষেশ্বৰ বৰদলৈ নামৰ ডেকাজন তলত সোমালগৈ৷ অৰুণদাই ধূপ এডাল জ্বলাই টকা এশ মাননি আগ
বঢ়াই বাবুছিঙৰ হাতত দিলে আৰু ওপৰৰ পৰাই ভক্তিভৰা প্ৰণাম জনালে৷ বাবুছিঙে সেয়া যথাস্থানত
দিলেগৈ৷ অলপ পিছত সি উঠি আহিল৷ মই সোমাম বুলি গুণাগঁথা কৰি থাকোঁতেই অন্য দুজনমান আগ
বাঢ়িল৷ তাৰে এগৰাকীৰ সোঁহাতখন নাছিল! উঠি আহোঁতে শিলৰ বুকুত হাতখন থওঁতেহে কথাটো মন কৰিলোঁ৷
এখন হাতেৰেই এই মানুহজনে ভাৰসাম্য ৰাখি খুপি খুপি আহি এইখিনি পাইছেহি! অচিনাকি
লোকজনৰ মানসিক শক্তি আৰু সাহস দেখি অভিভূত নহৈ নোৱাৰিলোঁ৷ অচিনাকি ভাবতেই দুই-এষাৰ বাক্য বিনিময় কৰি পেলালোঁ৷ মনে মনে চেলুট এটাও দিলোঁ৷ তেওঁ ওলাই অহাত মই নামিলোঁ৷ খোৰোংতলিৰ অভ্যন্তৰত বৈ
থকা অন্তঃসলিলাৰ কাষত কিছু পৰ বহি, পানীখিনি চুই, হাত ধুই মনোবাঞ্ছা পূৰ্ণ হোৱাৰ অৰ্থে
ওপৰৱালাক মনে মনে ধন্যবাদ এষাৰ জনালোঁ৷ তাৰ পিছত ক্রমে ক্রমে ওপৰলৈ উঠা আৰু বাহিৰ ওলোৱাৰ প্ৰচেষ্টা
চলিল৷
গুহাৰ ওপৰৰ গছ-গছনিৰ পৰা ওলোমা লতা নে শিপা কিছুমান
শিলবোৰৰ গাৰে তললৈ নামি পৰা দেখা পাইছিলোঁ৷ তেনেকুৱা একোডালত ধৰি বগাই বগাই দুবাৰকৈ ওপৰলৈ
উঠিলোঁ৷ নামি যাওঁতে কথাটো একদম মন কৰা নাছিলোঁ৷ নতুবা শৈলাৰোহণ কিছু সহজ আৰু খৰতকীয়া
হ’ল হয়৷ কিছু উঠি আহি বাদুলীৰ সন্ধানত
অইন বাটে সোমালোঁ৷ এইবাৰ হেণ্ডিকেমটো হাতত ল’লোঁ৷ যেনি-তেনি দ’ম বন্ধা বাদুলীৰ বিষ্ঠাবোৰৰ ওপৰত উঠি খোপনি লৈ
ৰেকৰ্ডিং চালু কৰি দিলোঁ৷ বৰ্তমান ইয়াত ৫০,০০০ৰো অধিক সংখ্যক বাদুলী থকা বুলি জানিবলৈ পাইছিলোঁ৷ এসোপা বাদুলী ইফালৰ পৰা সিফাললৈ সশব্দে উৰি ফুৰিছিল৷ মাজে
মাজে শিলৰ গাত বহে, আকৌ উৰে৷ ধোন্দত থকা বাদুলীয়ে খুন্দিয়াই অঘটন যাতে ঘটাব নোৱাৰে
তাৰ প্ৰতি সাৱধান বুলি ঘৰৰ পৰাই সকীয়াই পঠিয়াইছিল৷ গতিকে প্ৰতি মুহূৰ্ততে সচেতন হৈ
ৰ’লোঁ৷ তেনেকৈ চোপ লৈ থাকোঁতে কোটৰত
বাদুলীবোৰৰ অৱস্থান দেখি মনত খেলাবলৈ ধৰিলে প্ৰাক-বৈষ্ণৱ কালৰ কন্দলী ৰাজ্যত শাসন কৰা
ৰাণী প্ৰমীলা, তেওঁৰ সংগী-সহচৰী, সৈন্য-সামন্ত, গুপ্তচৰ, ঋষিৰ অভিশাপ, অভিশপ্ত নাৰীসকলৰ কথা৷
ওলোমা বাদুলী নামৰ স্তন্যপায়ী প্ৰাণীবিধৰ কেইবাটাও প্ৰজাতিৰ মাজত কেইঘণ্টামান তেনেকৈয়ে
কটাই হাবিয়াহ পূৰ্ণ কৰি গুহাৰাজ্যৰ পৰা ওলাই আহিলোঁ৷
বাদুলী খোৰোং পৰ্যটন প্ৰকল্পৰ আধাৰশিলা স্থাপন
কৰা হৈছিল পাঁচ বছৰৰ পূৰ্বতেই, ২০১০চনৰ ১৫ফেব্ৰুৱাৰী তাৰিখে, অসমৰ তদানীন্তন বন, পৰিৱেশ
আৰু পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনৰ দ্বাৰা৷ ইনক্রেডিবল ইণ্ডিয়াৰ অংশবিশেষ ৰূপে আছাম
টুৰিজিমে উন্নয়নমূলক কাম-কাজ সম্পাদন কৰা বুলি প্ৰৱেশ দ্বাৰতে পঢ়িবলৈ পাইছিলোঁ৷ খোৰোঙৰ
পৰা ওলাই বাহিৰৰ মুক্ত পৃথিৱীত বিচৰণ কৰাৰ সময়ত সত্য উপলব্ধিৰ লগতে নিজকে নিজে প্ৰশ্ন সুধিবলৈ
বাধ্য হ’লোঁ... প্ৰকৃতিৰ এই তুলনাহীন
দানবোৰ, অনেক পূৰ্বতেই কোনোবাই আৱিষ্কাৰ কৰি থৈ যোৱা এই বিশাল সম্ভাৱনাবোৰৰ বিষয়ে
ব্যাপক ৰূপত জনাজনি হ'ব কেতিয়া? অসমৰ এনে স্থানবোৰ সঁচা
অৰ্থত পৰ্যটনথলীত পৰিণত হ'বগৈনে বাৰু?
(তথ্য সংযোজন... ৰাজমোহন নাথে গ্ৰন্থ এখনত উল্লেখ কৰিছিল যে এই অঞ্চলত পূৰ্বতে
কন্দলী বা কদলী বুলি ৰাজ্য আৰু
এতিয়াৰ কামপুৰৰ পৰা প্ৰমীলা অঞ্চল সামৰি প্ৰাচীন প্ৰমীলা ৰাজ্য আছিল। কন্দলী ৰাজ্যৰ
মহাৰাণী আছিল কমলা দেৱী। এই কমলা দেৱীৰ ৰূপত আকৰ্ষিত হৈ মহাযোগী মীননাথ ইয়ালৈ
আহি যোগসিদ্ধি হেৰুৱাইছিল৷ এই অঞ্চলত ২,৫৫০ফুট উচ্চতাৰ
কমলা দেৱী পৰ্বত আছে৷ ইয়াতে কালিকা পুৰাণত উল্লিখিত কমলা দেৱীৰ স্থান, ৰক্তদেৱীৰ পীঠ
আছিল বুলি পৰ্বতটোত পোৱা বিভিন্ন ভগ্নাৱশেষৰ আৱিষ্কাৰে প্ৰমাণ কৰিছে।)