Wednesday, 11 March 2020

১.৯. আনন্দদায়ক বাৰ্তাটো...



পাছদিনাখন (২৭.১.২০) পুৱাতে ফেচবুকত প্ৰম ভিডিঅটো দৃষ্টিগোচৰ হল ৷
Promo video showing construction of Idu Mishmi traditional bamboo house from initial step to completion. Bamboo traditional house is been constructed to showcase the visitor's visiting Anini for upcoming Reh festival celebration on February 1 to Febraury 3rd. Along with traditional house there are other build ups made of bamboo. Enjoy such other bamboo build ups during a festival visit.
চাই ভাল লাগিল ৷ এছ.এম.এছ. লিখিলোঁ... আপোনাৰ ভিডিঅটো চালোঁ ৷ Video dekha aap ka. Excellent working skill. Hoping to see that traditional house and place practically. Best wishes to everyone involved in the construction.
ইদু মিচিমি ডেকাশক্তিৰ নিৰ্মাণ-কুশলতা চাই তবধ নামানি নোৱাৰিলোঁ ৷ এনেকুৱা প্ৰৱণতা জাগিছে, বাঁহ-খেৰেৰে নিৰ্মিত পৰম্পৰাগত চাংঘৰ আৰু ঠাইখন নিজ চকুৰে এতিয়াই চাওঁগৈ যেন ৷
পুৱা ১০ বজাৰ ক্ষন্তেক পাছতে চ তায়ুএ পঠোৱা এছ.এম.এছ. বাৰ্তা এটা পঢ়িবলৈ পালোঁ I have booked your ticket for 31. Seat No. 2.
আনিনিলৈ ছুমত মোৰ চিট কনফাৰ্ম হল তাৰ মানে ৷ তেওঁৰ অভিজ্ঞতা আৰু বিবেচনা অনুযায়ী ভাল চিট এটা ৰাখিবলৈ কৈছিলোঁ ৷ ৰাখিলে ৷ কাউণ্টাৰৰ নামটোও জনাই দিছে ৷
 তায়ুক ধন্যবাদ দিয়াৰ লগতে ছুম' কাউণ্টাৰৰ ফোন নম্বৰটো বিচাৰিলোঁ ৷ দিলে লগে লগে ৷ পাল কাউণ্টাৰৰ সৈতে যোগাযোগ কৰি জনাই দিলোঁ যে মই দূৰণিবটীয়া যাত্ৰী ৷ ৩০ তাৰিখে ৰয়িং পাম আৰু পিছবেলাহে পেমেণ্টটো কৰিব পাৰিম ৷ চিটটো কাকো দি নিদিয়ে যেন ৷
ব বুলি কলে সিটো মূৰে সঁহাৰি জনোৱা মহিলাগৰাকীয়ে ৷ বোধ হয় কাউণ্টাৰৰে কৰ্মচাৰী ৷ তেনেকৈ কোৱাতহে আশ্বস্ত হলোঁ ৷ চকুৰে নেদেখা দূৰত্বত পৰিস্থিতিয়ে বাধ্য নকৰক, চিটটো কেনেবাকৈ আনক দি দিব লাগিলে মোৰ আনিনি যাত্ৰাৰ মুদাই মৰিব ৷ স্বপ্নৰ অপমৃত্যু হবলৈ দিব নোৱাৰি ৷
নিশালৈ আমন্ত্ৰণমূলক পষ্ট এটা আহিল...
An invitation to Reh Festival, Anini. Feb 1st  Feb 3rd.
আকাশ আৰু পাহাৰৰ যুগলবন্দী দেখিয়ে গাটো সাতখন-আঠখন লাগি গৈছে ৷ (ক্ৰমশঃ)
১.৮ চিট বুকিং নহ



আলোচনা সমাপ্ত হোৱাৰ পাছতে পি.চি.টো খুলিলোঁ আৰু মিলাই চালোঁ ৷ হয়, পষ্টাৰত উল্লেখ থকা প্ৰথম ফোন নম্বৰটোৱেই মোৰ সৈতে ক্ষন্তেক আগতে কথা পতা, নেদেখা ব্যক্তিজনৰ ৷ মানে চ তায়ুৰ ৷ এতিয়া তেৱেঁই মোৰ কল্পনাৰ লিংকমেন ৷ 
অনৰ্গল জপ কৰি আছোঁ এটাই নাম ৷ চ তায়ু, চ তায়ু ৷ কোনো কাৰণতে পিছ এৰাত নাই এইজনৰ ৷
২৬ জানুৱাৰী, গণতন্ত্ৰ দিৱসৰ সন্ধিয়া ৷ ফোন কৰিলোঁ তায়ুজী, মেৰা চিট কনফাৰ্ম হ গয়া ক্যা ?
উত্তৰটোহে মনে বিচৰা বিধৰ মুঠেই নহল ৷ কলে ছৰী ছাজিদজী ৷
সিমানতে বুজি গলোঁ যে কাম নহল ৷
কাৰণটো জনালে... মতলব আজ মে ইতনা বিজি থা না, ক্যা বলেগা ! কাউণ্টাৰ যানেকা সময়হি নেহী মিলা ৷ কল জৰুৰ কৰ দেগা ৷
ইয়াৰ পাছত কেইছেকেণ্ডমানৰ নিৰৱতা ৷ মই অকণমান বিবুদ্ধিতে পৰিলোঁ ৷ তথাপি মনৰ গতিবেগ সম্বৰণ কৰি মুখনি মাৰিবলৈ বাধ্যগা হগা, কল কিজিয়ে ৷
যিয়েই নহওক, এতিয়া এই মানুহজনেই মোৰ ভৰসা ৷
উৎসাহেৰে তেওঁ যোগ দিলে ভিডিঅ এটাৰ পাছত লাগি থাকোঁতেই আজি দিনটো গুচি গল ৷ ফেষ্টিভেল গ্ৰাউণ্ডত পৰম্পৰাগত ইদু মিচিমি চাংঘৰ এটা নিৰ্মাণ কৰা হৈছে ৷ আপুনি গৈ পালে দেখিবই ৷ মবাইল ফোনত ৰেকৰ্ডিং কৰি অনা ক্লিপিংছবোৰ লগ লগাই মই এটা ভিডিঅ প্ৰস্তুত কৰিলোঁ ৷ বহুত সময় লাগিল কিন্তু ৷ মোৰ কম্পিউটাৰো ঠিক নহয় ৷ তথাপি... ৷ আপলড কৰিম ৷ আপুনি চাব দেই ৷ অ, আজি এটা ফেচবুক পষ্ট দিছিলোঁ ৷ ডিবাং ভেলীৰ লকেল বেম্ব প্ৰডাক্টছ ৷ চাইছেনে ?
বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ ১৯খন আলোক-চিত্ৰসহ তেওঁ দিয়া শেহতীয়া পষ্টটো DIBANG AN INCREDIBLE VALLEYত মই ইতিমধ্যে লক্ষ্য কৰিছিলোঁৱেই ৷ কথাংশত পঢ়িছিলোঁ
Watch and enjoy local handmade bamboo products during Reh Festival in Anini. It will be available for sell during festival time. Go for eco and economic friendly products such as Tea Cup, Mug, Chopping Board, Key Chain, Jewellery Box, Travel Pack, Pen Box etc. made out of finest bamboo available in Dibang Valley, Anini. People interested for pre-booking order can contact in the given number below.
08794649168, 7005655502.
Like and follow the given page for more updates on upcoming new products.
Bamboo Valley Creations.
বাঁহেৰে সাজি উলিওৱা কাপ, মগ আদি বিবিধ হস্ত-সামগ্ৰীৰ ফটোবোৰ কম্পিউটাৰৰ স্ক্ৰীণত আহল-বহলকৈ চাই আপ্লুত হৈ পৰিছিলোঁ৷ মিচিমি মানুহ বাঁহ-বেতৰ কামত ওস্তাদ ৷ হাত খুব ভাল ৷ উৎসৱথলীত এই সা্মগ্ৰীবোৰ প্ৰদৰ্শন কৰা হব ৷ বিক্ৰীও হব ৷ তেতিয়া চকুৰ আগত পাম, চাম, প্ৰয়োজন হলে লম বুলি ভাবি থৈছোঁ ৷
উত্তৰত কলোঁ বৰ সুন্দৰ সুন্দৰ সামগ্ৰী তৈয়াৰ কৰিছে দেই আপোনালোকৰ মানুহে ৷ স্কিল হলে মানিছোঁ ৷ মাৰ্কেটিঙত জোৰ দিয়ক ৷ এনেয়ে ৰাখি থলে নহব ৷ (ক্ৰমশঃ)

Monday, 9 March 2020


১.৭ আকৌ অনিশ্চয়তা !




 তায়ুএ মোক সুধিলে আপোনালোক মুঠতে কেইজন আহিব ?
আপোনালোক বুলিবলৈ নাই ৷ মই অকলেহে ৷ ...চিধাচিধি উত্তৰ দিলোঁ ৷
অকলে !
মানুহজনক আচৰিত হোৱা যেন লাগিল ৷ খোকোজা ভাঙি দিবলৈকে অনিচ্ছাসত্ত্বেও সত্যটো উল্লেখ কৰিবলগীয়া হল যে বিভিন্নজন ভ্ৰমণ-সংগীক মই লগ নধৰা নহওঁ, ধৰিছিলোঁ ৷ আপোনাৰ পষ্ট আৰু আনিনিৰ কেইবাটাও ৰেকৰ্ডেড ভিডিঅও চাবলৈ দিছিলোঁ, হাতত সময় থকা অৱস্থাতে ৷ কিন্তু কোনো নোলাল ৷ বিভিন্নজন বিভিন্ন সমস্যাত বিভিন্ন ধৰণে আক্ৰান্ত ৷ এফালে বাসনাৰ জোৱাৰ, আনফালে সমস্যাৰ হেঙাৰ ৷ একো অস্বাভাৱিক কথাও নহয় এয়া ৷ মানুহৰ জীৱনত সমস্যা থাকেই ৷ মোৰো আছে ৷ তাৰ মাজতো সমস্যাক পদতলত ৰাখি মই অকলেই ওলাইছোঁ ৷ আনিনিত ১ ফেব্ৰুৱাৰীৰ পৰা হব লগা আপোনালোকৰ ৰেহ ফেষ্টিভেল চাম ৷ লাষ্ট বি.অ.পি. ডেমবিউন অতিক্ৰমি ভাৰতৰ শেষ গাঁও তথা নকৈ পোহৰলৈ আনি গুৰুত্ব আৰোপ কৰা টুৰিষ্ট স্পট্‌ আচ্‌হিছলৈকো যাম ৷ আপুনি অনুগ্ৰহ কৰি গাইড কৰিব দেই ৷
কাহানিও নেদেখা সুদূৰৰ লোকজনে মোৰ মানসিক অৱস্থা, ইচ্ছাৰ গভীৰতা, উৎসাহৰ পৰিধি, হৃদয়ৰ ভাষা ইত্যাদি ঠিকেই বুজি পালে চাগৈ ৷ তেওঁ মোক স্বাগতম জনালে ৷ সাহসো যোগালে... আপ আ যাইএ ৷ ৰাস্তা লাম্বা অউৰ খাৰাপ ভী হে ৷ তব ভী, দেখ লেগা ৷ মতলব, আচ্‌হিছ কে লিয়ে ভী কচিচ কৰেগা ৷ ঠিক হে ?
উত্তেজনাই শীৰ্ষবিন্দু চুলেগৈ ৷ পাখি লগা মনটো জাকি মাৰি উৰি গল ৷ কল্পনাৰ ড্ৰি ভেলী, আচ্‌হিছ’ ভিলেজখন যেন পোনছাটে পায়েই গলোঁ !
পৰৱৰ্তী সময়কণত আলোচনা চলিল, আনিনিলৈ মই কেনেকৈ যাব লাগিব, সেই সম্বন্ধে ৷ তিনিচুকীয়ালৈকে ট্ৰেইনৰ টিকট কাটিলোঁ, ইনাৰ লাইন পাৰ্মিটখনো উলিয়াই ৰাখিছোঁ, ৰয়িঙৰ হোটেল মিমত ৰূম বুক্‌ কৰা হল ৷ ৩০ তাৰিখে মই ৰয়িঙত উপস্থিত হমগৈ ৷ একে উশাহে মোৰ অগ্ৰগতি সম্পৰ্কে জনাই দিলোঁ ৷
বহুত আচ্ছা ছাৰ বুলি শলাগি তেওঁ মোক যাত্ৰাটোৰ সম্পৰ্কে বুজালে ৰয়িঙৰ পৰা আনিনিলৈ ২২৮  কিলমিটাৰ ৷ পেছেঞ্জাৰ ছুম চলে ৷ পুৱা ৭ বজাত এৰে ৷ ভাড়া গাইপতি ৮০০ টকা ৷ বাটত এবাৰ চাহ আৰু এবাৰ ভাত খাবলৈ ৰয় ৷ দীঘলীয়া যাত্ৰা ৷ ৰাস্তা সুচল নহয় বাবে সময় বহুত লয় ৷
মই মাজতে মাত দিলোঁ ৮ ঘণ্টামান লাগে বোলে ৷ ট্ৰেন্স অৰুণাচল হাইৱেৰ কাম চলি আছে নহয় ৷
তেওঁ জোৰ দি কৈ উঠিল ৮ কত ! আজিকালি ১০ৰ পৰা ১৪ ঘণ্টা পৰ্যন্ত লাগি যায় ৷ টু লেন পথৰ বাবে পাহাৰত কাটিং চলি আছে ৷ জেগাই জেগাই গেট ৷ আগলৈ যোৱাৰ ছিগনেল নহালৈকে ঘণ্টাৰ পাছত ঘণ্টা খপিবলগীয়া হয় ৷ গতিকে সময় কিমান লাগিব খাটাংকৈ কোৱাটো মস্কিল ৷ কমেও ১০ ঘণ্টা ধৰি ৰাখক আপুনি ৷
 তায়ুৰ কথাৰ লগে লগে যাত্ৰাপথটো মই কল্পনা কৰি থাকিলোঁ ৷ ভাবিয়ে মজা লাগিল ৷ এনেকুৱা অফ্‌ ৰড এড্‌ভেন্‌চাৰ যাত্ৰা মোৰ বৰ প্ৰিয় আৰু উপভোগ্য ৷ হাইৱে নিৰ্মাণ কমপ্লিট হৈ গলে কিন্তু তাৰ ১ শতাংশও মজা নাথাকিব ৷ গতিকে এতিয়াই উচিত সময় ৷ কোন যায় কোন নাযায় নাজানো ৷ মই মুঠতে যাম ৷
মনটো আৰু অকণমান দৃঢ় হৈ পৰিল ৷ এই দৃঢ়তাৰ প্ৰয়োজন আছে ৷
মানুহজনে কব ধৰিলে... মই ২৯ তাৰিখে আনিনিলৈ ঘূৰি যাম ৷ তাৰ আগতে আপোনাৰ কাৰণে ছুমত চিট এটা ৰিজাৰ্ভ কৰি ৰাখি দিম বাৰু ৷ ৩০ত ৰয়িঙত থাকি আপুনি ৩১ তাৰিখে পুৱা ইয়াৰ পৰা ওলালে নিশা আনিনি পাই যাব ৷ তাতে লগালগি হম আমি ৷
মোৰ চিটটোৰ কাৰণে ৮০০ টকা এতিয়াই পঠাই দিওঁ বুলি একাউণ্ট নম্বৰ বিচৰাত তেওঁ নালাগে নালাগে বুলি চিৎকাৰ কৰি উঠিল ৷
বোধ কৰোঁ মোৰ ভাব-ভাষা যোগাত্মক অনুভৱ কৰিয়ে  তায়ু উপযাচি আগ্ৰহী হৈছিল ৷ তেওঁৰ আন্তৰিকতাপূৰ্ণ সমৰ্থন আৰু দুঃসাহসিক উৎসাহকণ মোৰো খুব ভাল লাগিল ৷ এনেকুৱা মানুহেই বিচাৰি আছিলোঁ ৷ পাই গলোঁ ৷ ঈশ্বৰে মিলাই দিলে ৷ ওপৰৱালাক মনে মনে চেলুট এটা জনালোঁ ৷
তাৰ পাছত কথা আহিল থকা-মেলাৰ ৷ সুধিলোঁ আনিনি মে ৰেহনেকে লিয়ে ক্যা মিলেগা ? 
তেওঁ কলে... চাৰ্কিট হাউচ মে ত চান্স কম হে ৷ কিউ কি ফেষ্টিভেল মে চীফ মিনিষ্টাৰ লগ আ ৰাহা হে ৷ ৱাহাঁ কা হোটেল ভী আচ্ছা নেহী হে ৷ তব ভী দেখেগা, মতলব আপকে লিয়ে এক ৰূম ৰাখ দেগা ৷
চাৰ্কিট হাউচ, আই.বি., টুৰিষ্ট লজ, হোটেল মোক নালাগে দেই ৷ সেইবোৰৰ সলনি স্থানীয় কোনোবা ইদু মিচিমিৰ পৰম্পৰাগত চাংঘৰত থাকিবলৈ পালেহে ভাল পাম ৷ মই মোৰ পচন্দৰ কথাটো খোলাখুলিকৈ কৈ দিলোঁ ৷ লগতে যোগ দিলোঁ যে খোৱা-বোৱাৰ বিষয়ে ইমান ভাবিবলগীয়া নাই ৷ মই নিৰামিষভোজী মানুহ ৷ ভাত, দাইল, ভাজি হলেই লেঠা শেষ ৷ ন্যূনতম, ভাত আৰু লাইপাত বইলতো পামেই নিশ্চয় ৷ আৰু কি ? লালচাহ খুৱালেই হৈ যাব ৷
খাদ্যৰ তালিকা শুনি তেওঁ বেচ হাঁহিলে ৷ সুৰত সুৰ মিলাই কৈ উঠিল মে ভী ভিজিটেৰিয়ান হুঁ ৷
আচ্ছা আপুনিও... ! খাদ্যাভ্যাস মিলি যোৱাত দুয়োৰে দোস্তি যেন বাঢ়ি গল ৷
সুধিলোঁ... হমষ্টে মিলেগা ক্যা, আনিনি মে ?
জনালে তাত এতিয়াও হমষ্টে গঢ়ি উঠা নাই ৷ ট্ৰেডিচনেল চাংঘৰো আজিকালি কমি আহিছে৷ থাকোঁতে ফেষ্টিভেল কমিটিৰ প্ৰেচিডেণ্টৰ চাংঘৰ এটা আছে ৷ তাত তেওঁৰ মাক অকলে থাকে ৷ হমষ্টে দিয়েনে নিদিয়ে সুধি চাব লাগিব ৷ মই গৈ পাই লওঁ বাৰু ৷
ঠিক আছে, আপুনি যেনে-তেনে কিবা এটা কৰিব আৰু খবৰ দিব ৷ মোৰ ফোন নম্বৰটো চেভ কৰি লওক ৷ বাকী একাে চিন্তা কৰিব নালাগে ৷ মদ, ভাং, চাধা, চিগাৰেট এইবোৰো মোৰ নচলে ৷ মুঠৰ ওপৰত মোৰ পৰা কোনো সমস্যা নাপাব ৷
মোৰো একেই ৷ নিচাজাতীয় বদভ্যাস মোৰো নাই ৷ ...তেওঁ কলে ৷
আকৌ আচৰিত হোৱাৰ পাল মোৰ ৷ নিজৰচোন ডুপ্লিকেট এজনেই ওলাই গল ! বঢ়িয়া ৷
আৰু কিছু দৰকাৰী কথা পতাৰ পাছতে আমি ফোন সামৰিলোঁ ৷
’ তায়ুক কবলৈ থাকি গ যে আনিনিত কৰ্মৰত ডেপুটি কমিছনাৰ চাহাব মোৰ ভাইৰ পুৰণা সতীৰ্থ ৷ তাৰ পৰিৱৰ্তে মনে মনে চিন্তা কৰিলোঁ... উপায়ুক্ত মহোদয়ে কৈছিল হমষ্টে বিচাৰিবলৈ ৷ এইজনে আকৌ কলে আনিনিত হমষ্টে এতিয়াও গঢ়ি উঠাই নাই বুলি ৷ তেনেহলে ? দোধোৰ-মোধোৰ ভাব এটাই মনৰ অভ্যন্তৰত বেয়াকৈ ক্ৰিয়া কৰিব ধৰিলে ৷ যাতায়াতৰ বিষয়টো অকণমান সুস্থিৰ হোৱা বুলি ভাবিব পাৰিলোঁ যদিও থকা-মেলাৰ কথাটো অনিশ্চয়তাৰ মাজত ওলমি থাকিল ৷ (ক্ৰমশঃ)

Saturday, 7 March 2020

১.৬  তায়ু



২৫ জানুৱাৰী ২০২০ ৷ নিশা ৮.৩০মান হৈছে ৷ সশব্দে বাজি উঠিল মোৰ মবাইল ফোনটোৰ ৰিংটন ৷ চাওঁ যে স্ক্ৰীণখনত উজলিছে অচিনাকি নম্বৰ এটা ৷ কোন হব পাৰে বাৰু ? এপলক ভাবিয়ে ৰিচিভ কৰি দিলোঁ ৷
হিন্দী ভাষাৰে অনুচ্চ কণ্ঠস্বৰ এটাই সিফালৰ পৰা কোনো পাতনি নতৰাকৈ কৈ যাব ধৰিলে ছাৰ আপ্‌নে আনিনি যানে কে লিয়ে মদত মাংগা থা না ?
আকস্মিক প্ৰশ্নটোত মই স্বাভাৱিকতে থত্‌মত্‌ খালোঁ ৷ পাছৰটো বাক্যত যেতিয়া জনালে মে ৰয়িংছে বাত কৰ ৰাহা হুঁ বুলি, তেতিয়া আৰু বুজিবলৈ অকণো বাকী নাথাকিল ৷ জাঁপ মাৰি উঠিলোঁ আৰু শেষ জানুৱাৰীৰ জাৰকো নেওচি উত্তেজনাত মুকলি আকাশৰ তল পালোঁগৈ, যাতে কথাখিনি স্পষ্টকৈ শুনাত একোৱে বাধা দিব নোৱাৰে ৷
হাঁ হাঁ বুলি একে উশাহতে নিজৰ নাম-ধাম, উদ্দেশ্য-বিধেয় চব জনাই দিয়া হ ৷ ইদু মিচিমিৰ ৰেহ উৎসৱৰ উপলক্ষ্যত আনিনিলৈ যোৱাৰ কাৰণে মোৰ অন্তৰত দুৰ্বাৰ ৰূপতযে ইচ্ছা এটা জাগিছে, সেইটোত জোৰ বেছিকৈ দিয়া হল ৷
সিমূৰৰ পৰাও আত্মপৰিচয় দাঙি ধৰিলে... মেৰা নাম চ তায়ু ৷ ইদু মিচিমি ৷ ফেষ্টিভেল কমিটি মে পাব্লিচিটি চেক্ৰেটাৰী হুঁ ৷
আচ্ছা ! মোৰ উত্তেজনা আৰু এঢাপ বাঢ়িল ৷ যেন এইমাত্ৰ লটাৰীহে লাগি গৈছে !
তেওঁ কৈ গল... আমাৰ ফেষ্টিভেল সংক্ৰান্তীয় পষ্টবোৰ ফেচবুকত ময়েই আপলড কৰি ছোঁ ৷ ফেষ্টিভেলৰ কাম লৈয়ে আজি মই ৰয়িঙলৈ আহিছোঁ ৷ সেয়েহে আপোনাৰ এছ.এম.এছ. বাৰ্তাটো পঢ়িব পাইছোঁ আৰু ফোন কৰিবও পাৰিছোঁ ৷ আনিনিত কেৱল বি.এছ.এন.এল.ৰ নেটৱৰ্কহে পোৱা যায় ৷ কিন্তু বৰ্তমান বিকল হৈ আছে৷ ফলত বহিৰ্জগতৰ লগত সংযোগ বিচ্ছিন্ন ৷ ফেষ্টিভেলৰ সময়ত যাতে ঠিক হৈ যায় তাৰ বাবে আৱেদন জনোৱা হৈছে ৷
এইফালে শব্দই শব্দই উৎফুল্লিত হোৱাৰ পাল মোৰ ৷ পষ্টাৰখনত থকা নম্বৰ এটাৰে গৰাকী হব নিশ্চয় এইজন ৷ পাছত মিলাই চাব লাগিব৷ সি যি কি নহওক, আচল মানুহ পাই গৈছোঁ মই ৷ হাতত মুঠেই চাৰিটামান দিন বাকী থকা অৱস্থাত হলেও নিৰ্ভৰযোগ্য যোগাযোগ এটা সম্ভৱ হৈছে বাৰু ৷ ৰাজহুৱা গোট DIBANG AN INCREDIBLE VALLEYত তেওঁ উপস্থাপন কৰি অহা Reh Festival Anini, 2020 শীৰ্ষক প'ষ্টকেইটা চায়েইতো আনিনি-আচ্‌হিছৰ কাৰণে ব্যাকুল হৈ পৰিছিলোঁ আৰু নিৰৱে সিদ্ধান্ত লৈছিলোঁ সেই ঠাইবোৰ এক্সপ্লৰ কৰাৰ ৷
ইমানখিনি কথা পতাৰ পাছত মনে মনে নিৰ্ণয় ললোঁ যে ঈশ্বৰে পঠিওৱা এই অচিনাকি, অদৃশ্য লোকজনক এতিয়াৰে পৰা কোনোপধ্যে এৰা নহব ৷ নহলেযে মোৰ আগন্তুক ভ্ৰমণ হব বৃথা ৷ (ক্ৰমশঃ)
১.৫ আশা-নিৰাশাৰ অন্তহীন দোমোজা




জিবি পৱে মৌন ব্ৰত অব্যাহত ৰখাত তাৰ কাৰণ বিচৰাৰ পৰিৱৰ্তে চিন্তিবলৈ ললোঁ বিকল্প ৷ বুজি পালোঁ যে ৰৈ থাকিলে কাম নিসিজিব ৷ যোৱা মানুহটো মইহে ৷ গতিকে নিজে নিজৰ অহা-যোৱাৰ ব্যৱস্থা আৰু থকা-খোৱাৰ জেগা বিচাৰিব লাগিল ৷
ৱে কৈছিল ৰয়িঙৰ পৰা আনিনিলৈ টাটা ছুম চলে বুলি৷ কিন্তু এৰা আৰু পোৱাৰ সময় সোধা নহল ৷ ভাড়া কিমান ? তাকো নাজানিলোঁ ৷ সেয়ে এতিয়া ইণ্টাৰনেটত চলাথ কৰিব ধৰিছোঁ, সেইফালৰ যাত্ৰী পৰিৱহণকাৰী সংস্থাৰ শুংসূত্ৰ কিবা পাওঁ নেকি বুলি ৷

ভাগ্য ভাল ৷ দুটা ঠিকনাৰ লগতে মবাইল ফোনৰ নম্বৰো পাই গলোঁ ৷ গ অৰুণাচল আৰু এ.আই. ট্ৰেভেল মেনেজমেণ্ট ৷ যাতায়াত সেৱা সম্পৰ্কে সবিশেষ তথ্যৰ লগতে অগ্ৰিম চিট বুকিঙৰ বাবে ততালিকে (২৪.২.২০২০) এছ.এম.এছ.যোগে প্ৰশ্নবোধক বাৰ্তা প্ৰেৰণ কৰা হল এই দুই লকেল টুৰ অপাৰেটৰলৈ ৷


আকৌ ভাগ্য বেয়া ৷ আশানুৰূপ সঁহাৰি কোনোফালৰ পৰাই নাহিল ৷ কি হল ? সকলোৰেচোন কেৱল মৌনতা ! কেউপিনে যেন বিফলতাই আগুৰি ধৰিছে মোক ৷ ময়ো অৱশ্যে কামোৰ এৰি দিয়া নাই ৷ পোৱা-নোপোৱাৰ খেল এখনহে যেন চলি আছে !


অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বাৰা অনুমোদিত ভ্ৰমণ আৱৰ্তৰ সংখ্যা ১১ ৷ য়িং-মায়ডিয়া-আনিনি সেইবিলাকৰ ভিতৰত অন্যতম ৷ লৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িঙত আৰম্ভ হোৱা এই চাৰ্কিটৰ অন্তৰ্গত ভীষ্মক নগৰ, চালি লেক, মেহাও লেক, মায়ডিয়া, হুনলি আৰু ডিবাং ভেলী জিলাৰ আনিনিক সামৰি লোৱা হৈছে ৷আনিনিত আৱৰ্ত ভৱন, পৰিদৰ্শন বঙলা আছে ৷ ইটালিন, আৰজু, এলিনিতো আই.বি. আছে ৷ ৰানলিৰ উপৰি মই যাব খোজা অন্তিম ভাৰতীয় গাঁও আচ্‌হিছত আছে পৰ্যটক নিবাস ৷ নেটত অধ্যয়ন কৰোঁতে এইখিনি তথ্য পাইছোঁ ৷ বৰ্তমান অৱস্থা-দুৰৱস্থা আৰু ব্যৱস্থাপনা সম্বন্ধেহে জনাৰ একো উপায় পোৱা নাই ৷



সি যি কি নহওক, এইবাৰ বেলেগ এটা আইডিয়া মনলৈ আহিল ৷ ৰূম খালী থাকিলে অৰুণাচলত চাৰ্কিট হাউচ, টুৰিষ্ট লজ্‌ আদিত আমাৰ নিচিনা নিচেই সাধাৰণজনকো থাকিবলৈ অনুমতি দিয়া হয় ৷ এতিয়াৰ পৰা বহু বছৰৰ আগতে, ১৯৯২ চনত টাৱাং ভ্ৰমিবলৈ যাওঁতে টাৱাঙৰ আৱৰ্ত ভৱনত আছিলোঁ ৷ বমডিলাত পৰ্যটক নিবাসত ঠাই পাইছিলোঁ ৷ অৱশ্যে তেতিয়া আগতীয়াকৈ চিঠি লিখি ডাকযোগে পঠিয়াই দিয়া হৈছিল ৷ সেয়া আজিও সজীৱ হৈ থকা পুৰণা সুখ-স্মৃতি ৷ আনহাতে ২০১৬ত মেচুকালৈ যাওঁতে যাত্ৰাপথত আলত চাৰ্কিট হাউচত কোঠালি পোৱা গৈছিল, আগতীয়া কোনো খা-খবৰ নিদিয়াকৈয়ে, যদিওবা নিজেহে নাথাকিলোঁ, দলীয় সিদ্ধান্ত মানি ৷ তাৰ আগৰ বছৰ কিবিথু যাত্ৰাত হাৱাইত সহজেই পাইছিলোঁ যাত্ৰী নিবাস, ৱালঙত পৰিদৰ্শন বাংলো ৷ এনেবোৰ চৰকাৰী স্থানত থিতাপি লোৱাতকৈ স্থানীয় লোকৰ বেচৰকাৰী চাংঘৰত আপোনমনে কটোৱাটোহে মোৰ প্ৰথম পচন্দ যদিও অতীত-অভিজ্ঞতাৰ আলোকত পৰিস্থিতি চালি-জাৰি এই মুহূৰ্তত ভাবি পালোঁ, আনিনিৰ চাৰ্কিট হাউচ, আই.বি.ৰ দায়িত্ববাহী বিষয়ালৈ মনৰ কথাখিনি লিখি পঠাই দিলে কেনে হয় ? ভবামতেই কাম ৷ ইনাৰ লাইন পাৰ্মিট সংলগ্ন কৰি আৱেদন-পত্ৰ তুৰন্তে মেইল কৰি দিলোঁ চাৰ্কোল অফিচাৰ ৰজালিণ্ড পেৰ্টিন মহোদয়ালৈ ৷ নেটত এড্ৰেছটো পাইছিলোঁ ৷

আনুষ্ঠানিক পত্ৰ দিলোঁ হয়, সেইখনৰো উত্তৰ দেখোন নাহেহে নাহে ! আকৌ চেঁচাপানী ! ইফালে ক্ষণ গৈ আছে বাগৰি ৷ হঠাতে অতিকৈ আশাব্যঞ্জক খবৰ এটা কাণত পৰিলহি যে ডিবাং ভেলী জিলাৰ সন্মানীয় উপায়ুক্ত ৱায়ং খিমহুন আৰু মোৰ ভাই শ্বিলংস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ একালৰ সহপাঠী ৷ দুয়োৰে মাজত ফোনত বাৰ্তালাপ চলি থাকে বুলিও কথা প্ৰসংগত গম পালোঁ ৷ ভিতৰি উত্তেজনা মোৰ স্বাভাৱিকতে বাঢ়ি গল৷ আনিনি যাত্ৰাৰ প্ৰস্তুতিৰ বিষয়ে শুনি ভাইটিয়ে সতীৰ্থক যোগাযোগ কৰিলেই ৷ দূৰণিৰ অচিনাকি পৰ্যটকক আনিনিলৈ ৱেলকাম জনালে যদিও জিলাধিপতিয়ে এইটো লগে লগে স্পষ্ট কৰি দিলে যে ইদু ৰাইজৰ আগন্তুক ৰেহ ফেষ্টিভেলত অৰুণাচলৰ মাননীয় মুখ্য মন্ত্ৰী পেমা খাণ্ডুসহিত ভালেমান ভি.আই.পি. আনিনিত গিজগিজাই থাকিব ৷ গতিকে উক্ত সময়ত আৱৰ্ত ভৱন কিম্বা পৰিদৰ্শন বাংলো, কতোৱে কোঠা খালী পোৱাটো সম্ভৱপৰ নহ ৷ তেনেহলে বিকল্প ? হমষ্টে বিচাৰিবলৈয়ে ডি.চি. চাহাবে পৰামৰ্শ দিলে ৷

আশাৰ ৰেঙণি এটা দেখা গৈছিল ৷ সিও ঘপহকৈ মাৰ গল ৷ ইয়াৰ পাছত নেটত আনিনিস্থিত হমষ্টে বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলোঁ যদিও সুফল একো নোলাল ৷ সমস্যাটো জীয়াই থাকিল আগৰ ধৰণেই ৷ আশা-নিৰাশাৰ অন্তহীন দোমোজাত পৰি চিন্তা দুগুণে চৰিলহে ৷ (ক্ৰমশঃ)

Tuesday, 3 March 2020

১.৪ সংকল্প, সমস্যা, অনিশ্চয়তা, প্ৰত্যাহ্বান ইত্যাদি



এই মুহূৰ্তত বৰকৈ মনত পৰিছে, মেন্‌-চু-খা (জনপ্ৰিয় নাম মেচুকা)স্থিত গেবু চোনা আৰু নানা নাক্‌চাঙৰ জি.টি.এল. হমষ্টেত বিগত ২৭.১১.২০১৬ তাৰিখে লগ পোৱা ৬০ ঊৰ্ধ্বৰ ক্ৰোৱেচিয়ান নাগৰিক, লণ্ডন নিবাসী অৱসৰপ্ৰাপ্ত সাংবাদিক Zarko Vodinelioলৈ ৷ তেওঁ দেখোন অকলেই আহিছিল ইমান দূৰ বাট ৷ আলৰ পৰা টাটা ছুমত বহি মেন্‌-চু-খা ওলাইছিলহি, সাধাৰণভাৱে ৷ ৬১ বছৰ বয়সতো নিৰ্ভয়ে-নিৰ্বিঘ্নে ঘূৰি ফুৰিছে, অকলশৰীয়াকৈ ! বিদেশৰাষ্ট্ৰ ভাৰতবৰ্ষ আহি পালেহি ৷ তাৰো আকৌ তেনেই এমূৰীয়া অৰুণাচল প্ৰদেশ ৷ তাকো আকৌ ঘোঁকটৰ মেন্‌-চু-খাত উপস্থিত ৷ অকলে অকলে ! কিহৰ তাড়নাত ? কেনেকৈ পাৰে এই বিদেশীবোৰে ? কিহে লৈ ফুৰায়, কিহে সাহস (প্ৰকৃততে মৰসাহস) যোগায় এইসকলক ? ঘৰুৱা মানুহ হৈও আমি কিয় নোৱাৰোঁ ? স্বদেশৰ ভিতৰত ঘূৰা-পকাত আশংকা বা আপত্তি কিহৰ ? আপোন ভালেই জগত ভাল ৷ বাকী সকলোবোৰ অদৰকাৰী আৰু অমূলক ধাৰণা, ভয়াতুৰ মানসিকতা৷ এনেকৈ ভাবিব ধৰিলোঁ আৰু পূব ইউৰোপৰ সমুদ্ৰ তীৰৰ বৰ্ষীয়ান ক্ৰ'ৱেটছজনক মোৰ এইবাৰৰ একক আনিনি যাত্ৰাৰ প্ৰেৰণা হিচাপে ললোঁ ৷
এইফালে, আনিনি সম্পৰ্কে ফোনত সিদিনা নিৰুত্তৰ হৈ পৰা জিবি পকে সাহস হিচাপে লৈছিলোঁ, ৰয়িং পৰ্যন্ত ৷ কিন্তু হঠাতে কি হলজানো, তেওঁচোন তাপ মাৰিলে ! আশা কৰি আছিলোঁ যদিও উভতি কোনো বাৰ্তাই নাহিল হোৱাট্‌ছএপত ৷
সিফালে আকৌ হল কি ? তিনিয়ে দুয়ে পাঁচটাকৈ ফোন নম্বৰত ডায়েল কৰি কৰি আমনি লাগি গল, আনিনিয়ান (আনিনিৰ বাসিন্দা) এজনৰো সৈতে এবাৰো সংযোগ পাবৰ সাধ্য নহল ৷ ডিবাং ভেলী যেন আজিও পাণ্ডৱবৰ্জিত, আজিও কলীয়াপানীৰ নামান্তৰ !
এইবোৰকে গুণা-গঁথা কৰি মনে মনে খুব চিন্তিত, অতিকৈ ব্যথিত হৈ আছোঁ ৷ ইফালে, যাম বুলি এবাৰ যিহেতু ভাবি ললোঁ, নিজমুখে আনকো কৈ দিছোঁ যেতিয়া পিছ হোঁহকাৰ প্ৰশ্নই নুঠে ৷ যিকোনো উপায়ে হলেও এই যাত্ৰা সাকাৰ কৰিবই লাগিব মই ৷ ই যেন এক প্ৰত্যাহ্বানৰ ৰূপ লৈ লৈছে !
২২ তাৰিখে হোৱাট্‌ছএপত দীঘলীয়াকৈ এবকলা লিখি জিবি পক কথাবোৰ খোলাখুলিকৈ জনালোঁ, কিজানি বৰফ গলেই, সেই ভাবি ৷ তদুপৰি দুটা কথাত সহায় আশা কৰি অনুৰোধো জনালোঁ ৷ এক. আনিনিত স্থানীয় কোনো ইদু মিচিমি পৰিয়ালত মোৰ থকা-খোৱা, অৰ্থাৎ হমষ্টে ৷ আৰু দুই. ৰয়িঙৰ পৰা আনিনিলৈ যোৱাৰ ব্যৱস্থা ৷ দ্বিতীয় কামটো ৰয়িঙত উপস্থিত হৈ নিজে কৰিব পাৰিম বুলি দৃঢ়তা থাকিলেও প্ৰথমটোৰ সাধ্য সদ্যহতে মোৰ নাই ৷ সেয়ে শৰণাপন্ন নহৈ নোৱাৰিলোঁ ৷ পিছে সিমূৰৰ পৰাহে সঁহাৰি হলগৈ শূন্য ৷ কি কৰা যায় ? মনটো বাৰে বাৰে অস্থিৰ হৈ উঠিছে ৷ টিক্‌ টিক্‌ টিককৈ সময় বাগৰি গৈ আছে ৷ প্ৰস্তুতি-পৰ্বলৈ আহিছে স্থবিৰতা আৰু দুশ্চিন্তা ৷ সেইবোৰক কোনোপধ্যে কাবু কৰিবলৈ দিব নোৱাৰি ৷ এনেকুৱাতে প্ৰয়োজন অকণমান ধৈৰ্য, অকণমান শুভবুদ্ধিৰ ৷
পাছদিনা (২৩.১.২০) ৷ হচপিটেলিটি উদ্যোগখণ্ডৰ ব্যক্তিগত মালিকানাধীন কোম্পানী OYOৰ মাধ্যমেৰে ৰয়িঙৰ লৱাৰ মাৰ্কেটত অৱস্থিত হোটেল মিমত এজনীয়া কোঠা এটা বুক্‌ কৰি পেলালোঁ, অন্ততঃ ৰয়িঙলৈকে যাত্ৰাটো সুনিশ্চিত হৈ থাকক বুলিয়ে ৷ তাৰ পৰা আগলৈ সম্পূৰ্ণ অনিশ্চয়তা ৷ যি হয় দেখা যাব, পেটে পেটে এই ভাব ৷
২৪.১.২০ ৷ Kindly let me know about the communication, accommodation etc. during the forthcoming Reh Festival. I wish to visit Anini, Acheso during the festival time. ফোন যোগাযোগ সম্ভৱ নোহোৱাত ইতিমধ্যে সংগৃহীত নম্বৰসমূহলৈ একাদিক্ৰমে এছ.এম.এছ. লিখিব ধৰিলোঁ ৷ লগে লগে একো প্ৰত্যুত্তৰ নাহিল ৷ সঁহাৰি নাপালেও নিৰাশো কিন্তু নহলোঁ ৷ মনটো ঘূৰি ফুৰিছে মায়ডিয়াৰ সিপাৰৰ কাল্পনিক কোনোবাখন হুনলি, আনিনি, আচ্‌হিছত ৷ মানসপটত বাৰে বাৰে উজলি উঠিছে Zarko Vodinelioৰ মুখখন ৷ এতিয়া তেৱেঁই মোৰ ৰল মডেল, একমাত্ৰ পথিকৃৎ ৷ (ক্ৰমশঃ)