Thursday, 12 November 2020

 ৮. Zip Lining কৰিলোঁ


'Adventure is not hanging on a rope off the side of a mountain. Adventure is an attitude that we must apply to the day-to-day obstacles in life.'

জীৱনলৈ মনত ৰৈ যোৱা চমু
থিয়সভাখন অন্ত পৰাৰ পাছতে সংগঠনৰ সদস্যসকলে তিৰ্পালত সজাই ৰখা সা-সামগ্ৰীবোৰ ভাগ-বতোৱাৰা কৰি হাতে-কান্ধে তুলি ললে ৷ এতিয়া আছে প্ৰদৰ্শন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ কাৰণেই আচলতে উদ্বাউল হৈ ডিফুৰ পৰা লৱৰি আহিছোঁ লংনিতৰ পাৰলৈ ৷ এভাৰেষ্টাৰ খৰছিঙে ৰংহাং আৰু ক্ৰৰ সৈতে আমি তিনিওকে তাতে কিছু সময় বহিবলৈ, কথা পাতিবলৈ অনুৰোধ জনালে ৷ কলে যে তেওঁলোক উপযুক্ত স্থানৰ সন্ধানত ওলাইছে ৷ প্ৰথমে ব্যৱস্থাসমূহ কৰিবগৈ ৷ আমি লাহেকৈ আহিলেই হল ৷

ইতিমধ্যে ৰংহাঙৰ সৈতে আলাপ কিছু হৈছিল মোৰ ৷ নিজস্ব Theme Explore Karbi Anglongৰ অন্তৰ্গত জিলাখনত নিজে কৰা যৎপৰোনাস্তি ভ্ৰমণ-পৰ্যটনৰ প্ৰসংগ উলিয়াইছিলোঁ ৷ লগত অনা পাণ্ডুলিপিকেইটাও দেখুৱাইছিলোঁ ৷ কাষতে বহি লৈ মন দি কিছু পঢ়ি চাইছিল তেওঁ ৷ এতিয়া পুনৰ একেবোৰ কথাৰেই আলোচনা ৷ পৰ্যটন দিৱসৰ দিনা অৱশ্যে এনে চৰ্বিতচৰ্বন অৱধাৰিত আৰু উচিতো ৷

এনেকৈ কথা পাতি থাকোঁতে ১.৩৫ বাজিল ৷ খেয়াল হল যে অনেক বেলি হলচোন ৷ খৰছিংহঁতে কি কৰিছে ইমানপৰে ? ৰংহাং আৰু ক্ৰক তাতে এৰি আমি তিনিও সিহঁতবোৰক বিচাৰি ওলালোঁ ৷ মনত অপাৰ কৌতূহল ৷ কত কেনে ব্যৱস্থা কৰিছে চাবলৈ ইচ্ছাবোৰে খূদুৱাই আছে ৷

খলখলাই থকা লংনিতৰ জলস্ৰোত চাই চাই কাঠৰ দীঘল দলংখনৰ ওপৰেৰে এখোজ-দুখোজকৈ পাৰ হৈ থাকোঁতেই দৃষ্টিত ধৰা পৰিল, সিপাৰে KAMAৰ সদস্যসকলে গছ এডালত ৰছী বান্ধি আছে ৷ আনটো মূৰেও কেইজনমানৰ উপস্থিতি, পাহাৰৰ ওপৰত ৷ ওচৰ চাপি গলোঁ ৷ কি হব সোধাত কলে, Zip Lining ৷ আও-ভাও একো বুজি নাপালোঁ হলে ৷

দুঃসাহসিক ক্ৰীড়াকলাপবোৰ সচৰাচৰ দেখিবলৈ পোৱা নাযায় ৷ সেয়ে ইমান বুজিও নাপাওঁ ৷ এনেস্থলত কৌতূহলপূৰ্বক এতিয়া কোনে কত কি কৰি আছে তালৈকে শেনদৃষ্টি নিক্ষেপ কৰি ভেবা লাগি আছোঁ ৷ অনুসন্ধিৎসা দমন কৰিব নোৱাৰি গগৈ ছাৰে ৰছীবোৰ পিটিকি পিটিকি খৰছিঙক ৰছীৰ বিষয়ে প্ৰশ্ন কৰাত লাগি গল ৷ ফ্ৰান্সৰ পৰা কিনি অনা বিশেষ ৰছী এইবোৰ ৷ পৰ্বতাৰোহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ এভাৰেষ্ট জয় কৰাৰ পাছত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ২ লাখ টকা উপহাৰ পাইছিলোঁ ৷ তাৰে ১ লাখ টকাৰ ৰছীকে কিনিলোঁ ৷ খৰছিঙে কৈ গল ৷ হুক, ক্লেম্প, পুলি আদিবোৰ খুলি-লগাই দেখুৱালে, বুজালে ৷ নিৰ্মাণ উচ্চ পৰ্যায়ৰ আৰু মন কৰিবলগীয়া ৷ অভিজ্ঞতাপুষ্ট এভাৰেষ্টাৰজনে ধুনীয়াকৈ সকলোখিনি আমাক জানিবলৈ দিলে ৷ 

Zip Line আচলতে এডভেঞ্চাৰ স্পৰ্টছ, আমোদ-প্ৰমোদ কিম্বা টুৰিজিমৰ সৈতেই সীমাবদ্ধ হৈ থকা নাই ৷ তথ্য অনুসৰি, মনোৰঞ্জনৰ দিশত ১৭৩৯ চনত ৰবাৰ্ট কেডমেনে সৰ্বপ্ৰথম Zip Line ব্যৱহাৰ কৰিছিল ৷ দুৰ্ভাগ্যক্ৰমে ৰছী ছিঙি যোৱাৰ ফলত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হয় ৷ প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সা-সৰঞ্জামসমূহ ক্ৰমে মজবুত হৈ আহিল ৷ মানুহ, খাদ্য আৰু অন্যান্য সা-সামগ্ৰী, ডাক, অস্ত্ৰ-শস্ত্ৰ আদিৰ পৰিৱহণত Zip Line ব্যৱহৃত হ্ব ধৰিলে ৷ 

KAMAসাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ, কোষাধ্যক্ষ অৰুণ তেৰাঙেও কথাত ভাগ ললেহি ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছহঁত সিটো মূৰে লাগি আছে ৷ পুই চন্‌গাতে, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী, ছেৰদিহুন ৰংহাংপীও নিজ নিজ ধৰণে ব্যস্ত ৷ মাত-কথা বৰ বেছি নাই ৷ আচহুৱা যদিও পৰিৱেশটো কিবা এটা ভাল লাগি গল ৷ কভিডে বেমেজালি নকৰা হলে হয়তো আমাৰ দৰে অনেকজন উৎসুকে ইয়াত জুম বান্ধিলেহেঁতেন ৷ দুৰ্ভাগ্য, আজিৰ তাৰিখত সেইটো হৈ নুঠিল ৷ 

আৰম্ভ কৰিবলৈ আৰু অকণমান সময় লাগিব ৷ এডৱাৰ্ডে এনেকৈ কোৱাত সুযোগটো পাই নৈৰ পাৰে পাৰে আগলৈ গুচি গলোঁ, সেইফালৰ দৃশ্যৰাজি চাই অহা যাওক বুলি ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৫ লাখ টকা ব্যয়সাপেক্ষ শিলনি পিকনিকথলীৰ ফুটপাথ নিৰ্মাণ কৰা হৈছিল ৷ সিংহাসন সমষ্টিৰ অন্তৰ্গত লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী এই স্থান ৷ নৈৰ জলস্তৰ এতিয়া আমি দেখি থকাতকৈও বহুত বেছি হৈছিল বুলি বাঢ়নী পানীৰ দাগবোৰে স্পষ্ট কৰিলে ৷ গৈ আছিলোঁ যদিও হঠাতে বাধাপ্ৰাপ্ত হৈ আৰু আগ বাঢ়িব নোৱাৰা হলোঁ ৷ পাহাৰৰ ওপৰৰ পৰা নামি অহা ঢলে ঢাহি-মুহি লৈ অহা বাঁহ কিছুমানে দম বান্ধি বাটটো ভেটি থৈছে ৷ বিফল মনোৰথেৰে ঘূৰি আহিবলগীয়া হল ৷ নৈখনৰ পানীবোৰো অতি ঘোলা হৈ পৰিছে ৷ ফলত চিৰাচৰিত সৌন্দৰ্যটো অন্তৰ্ধান ৷ 

ঘূৰি আহি খৰছিং, অৰুণহঁতক ৰছীবোৰ টানি থকা দেখি আমিও শক্তিদান কৰিলোঁ ৷ Zip Lining প্ৰদৰ্শন কৰিব পৰাকৈ এসময়ত ৰছী, ক্লেম্প, হুক, পুলি ইত্যাদি ফিটিং হৈ গল ৷

উচ্চতাত থকা সিটো মূৰত বিশেষ পোছাক, হেলমেট, হেণ্ড গ্লভছ্‌ ইত্যাদি পিন্ধি লাৰলিনা সাজু ৷ পাছে পাছে পুই ৷ অনিল আৰু শুভমে প্ৰথমে লাৰলিনাক ৰছীৰ সৈতে নিজকে সংযুক্ত কৰাত সহায় কৰি দিলে ৷ তাৰ পাছতে তাই বাদুলি ওলমাদি ওলমি তললৈ চলি আহিবলৈ উদ্যত হল ৷ ব্যৱস্থাটোত কিবা এক গণ্ডগোল ৰৈ গৈছিল ৷ এড্‌ৱাৰ্ড লৰালৰিকৈ ওপৰলৈ উঠি গল ৷ ঠিক-ঠাক কৰি দিলে ৷ মধ্যাকৰ্ষণ শক্তিৰ বলত এইবাৰ তাই নামি আহি থাকিল ৷ খৰছিং, এডৱাৰ্ডহঁত পিছে সন্তুষ্ট নহল ৷ এসময়ত তল পালেহি ৷ এইমূৰত খৰছিং, অৰুণহঁতে হুক্‌ৰ পৰা অসংলগ্ন কৰি মাটিত নমাই দিলে ৷ আসোঁৱাহ মাৰি দিয়াত তাই আকৌ উঠি গল ৷ আৰু এবাৰ আহিল ৷ এইবাৰ ঠিক হল ৷ তাইৰ পাছত এইবাৰ পুই ৷ তাইৰ পাছত ছেৰদিহুন ৷ তাইৰ পাছত সন্দীপা ৷ ৰাইডাৰ যুৱতীকেইজনী এজনী এজনীকৈ চলি আহি এইটো মূৰে হাঁহি হাঁহি নামিলহি ৷ খৰছিং, অৰুণহঁতে হুক্‌ খুলি খুলি মাটিত নমাই থাকিল ৷ হাঁহি মাৰি সিহঁত পুনৰ উভতি গল ওখ ফাললৈ ৷ 

ছাৰ আপুনিও যাওক, কৰি চাওক ৷ দাদায়ো কৰি চাব দেই এবাৰ ৷ খৰছিংহঁতে সকীয়াই আছে আমাক ৷ জীৱনত কৰি নোপোৱা কাম ৷ মনটো লিক্‌লিকায়ো আছে অৱশ্যে ৷ ২০১৮ চনৰ ৬ এপ্ৰিল তাৰিখে উত্তৰ-পশ্চিম ইংলেণ্ডৰ জেক ৰেনল্ডছ নামৰ আজোককা এজনে নিজৰ ১০৬ বছৰীয়া জন্মদিনত Zip Lining কৰি পৃথিৱীৰ ভিতৰত সবাতোকৈ বয়সস্থ ৰাইডাৰৰ খিতাপ লভি থৈছে ৷ মোৰ বয়স সেইজনৰ আধা ৷ নোৱাৰিম কিয়  ? মনৰ মাজত প্ৰশ্ন চলিছে ৷ 

প্ৰথমে গগৈ ছাৰ ষ্টাৰ্টিং পইণ্টলৈ উঠি গল ৷ লাৰলিনাহঁতে সাজ, হেলমেট, গ্লভছ পিন্ধাত সহায় কৰি দিলে ৷ এডৱাৰ্ড আৰু শুভমে ছাৰক দাঙি ৰছীত ওলমাই দিলে ৷ ক্লেম্পত ওলমা-বাদুলি হৈ থাকি প্ৰথমে হয়তো ভয় খাইছিল ৷ এডৱাৰ্ডে পাছফালৰ পৰা কিবা-কিবি বুজাই আছে ৷ আহক, আহক ছাৰ ৷ তলৰ পৰা আমিও স্ফূৰ্তিতে কিৰীলি পৰাত ধৰিলোঁ ৷ লগে লগে ফটোও তুলি গলোঁ ৷ প্ৰত্যুত্তৰত হাঁহি হাঁহি তেওঁ নামি আহি থাকিব ধৰিলে ৷ এসময়ত এণ্ড পইণ্ট পালেহি ৷ খৰছিং, অৰুণহঁতে নমাত সাহায্য কৰি দিলে ৷ মুখত হাঁহি আৰু সন্তুষ্টিৰ ভাব লৈ মোৰ কাষ পালেহি গগৈ ছাৰ ৷ সৰঞ্জামবোৰ মোক চমজালে ৷ বুজিলোঁ, তাৰ মানে এইবাৰ মোৰ পাল ৷ 

সামগ্ৰীবোৰ হাত পাতি লৈ খটখটি বগাই সিটো মূৰে ওপৰ পালোঁগৈ ৷ ডাঙৰ গছডালৰ গুৰিত শুভম আৰু এডৱাৰ্ড ৰৈয়ে আছে ৷ কোনফালে ভৰি দুখন ভৰাই কেনেকৈ পিন্ধিব লাগে, বেল্ট মাৰিব লাগে, লাৰলিনা আৰু পুইয়ে শিকাই দিলে ৷ সেইদৰে বিশেষ সাজটো পিন্ধিলোঁ ৷ গছৰ গুৰিত ৰওঁতে এডৱাৰ্ডে মোক পৰীক্ষা কৰিলে ৷ চাৰ্টটো ওলাই আছিল ৷ পেণ্টৰ ভিতৰত ভৰাই লবলৈ নিৰ্দেশ আহিল ৷ দুহাতত ভৰাই লোৱা চামৰাৰ হেণ্ড গ্লভছযোৰো চালে ভালকৈ ৷ তাৰ পাছত ওপৰৰ ৰছীডালত ধৰি নিজকে নিজে ভৰি দুখনৰ সহায়ত ওলমাই ৰাখিবলৈ নিৰ্দেশ দিলে ৷ তেনে কৰিব পৰাত শৰীৰটো তলৰ ৰছীডালৰ সৈতে, বিশেষ পোছাকত থকা হুকৰ জৰিয়তে জব্দ কৰি দিলে ৷ তাৰ পাছত কলে, বাঁওহাতখনেৰে ওপৰৰ ৰছীডালত লাগি থকা পুলিটোৰ তলৰ অংশত ধৰক ৷ সোঁহাতখন হেণ্ড ব্ৰেক ৷ সোঁহাতেৰে তলৰ ৰছীডালত খামুচি থাকিব ৷ গতি বেছি হোৱা যেন পালে চেপা মাৰি দিব ৷ স্পীড কমি যাব ৷ লেণ্ডিঙৰ সময়তো এইটো উপায়েৰে আগতীয়াকৈ গতি নিয়ন্ত্ৰণ কৰিব ৷ 

জয় হনুমান বুলি আৰম্ভ কৰি দিলোঁ ৷ ষ্টেচন এৰাৰ পাছতে নামনি অভিমুখে শৰীৰে গতি লৈ লৈছিল ৷ আস্তেকৈ চেপা মাৰি নিয়ন্ত্ৰণ কৰি পেলালোঁ ৷ এৰোঁ, ধৰোঁ, এৰোঁ, ধৰোঁ ৷ এনেকৈ বতাহতে অলপমান মজাও ললোঁ ৷ একো অসুবিধা নোহোৱাকৈ আৰামছে আহি তল পালোঁহি ৷ খৰছিংহঁতে হুক খোলাত সহায় কৰি দিলে ৷ 

মোৰ পাছত অনিল বাগলাৰী আহিল ৷ তাৰ পাছত আদিশেও কৰি চালেগৈ ৷ হেঁপাহটো মোৰহে পলোৱা নাই ৷ আৰু এবাৰমান কৰি চাবলৈ মন আছিল ৷ পিছে সময়ৰ সীমাবদ্ধতালৈ লক্ষ্য ৰাখি কথাষাৰ নকলোঁ ৷ ৰছীবোৰ খুলি খৰখেদাকৈ সামৰি পেলোৱা হল ৷ আমিও সহায় কৰিলোঁ ৷

কেইদিনমান আগৰে পৰা ইয়াত খুব বৰষুণ দি আছে ৷ শিলবিলাক বিপজ্জনকভাৱে পিছল হৈ পৰিছে ৷ সেয়ে ৰক্‌ ক্লাইম্বিং কৰিব পৰা নাযাব ৷ নদীত পানী বাঢ়ি থকাৰ কাৰণে ৰিভাৰ ক্ৰছিঙো সম্ভৱ নহব ৷ পৰিস্থিতিয়ে সমৰ্থন নকৰা হেতুকে আজিলৈ ডেমনষ্ট্ৰেচন ইমানেই ৷ খৰছিঙে দুখ প্ৰকাশ কৰিলে ৷ হব, যিখিনি পালোঁ তাকে মানসিক আৰু আত্মিক তৃপ্তি বুলি ধৰি লৈ সদলবলে সকলোটি উভতিলোঁ খাদ্যথলীলৈ ৷ যি কি নহওক, জীৱনৰ বাবে ময়ো আজি নতুন অভিজ্ঞতা এটা লভিলোঁ ৷

 ৭. ভিড-আক্ৰান্ত ২০২০ৰ পৰ্যটন দিৱস


'If you want total security, go to prison. There you are fed, clothed, given medical care and so on. The only thing lacking is freedom.'

শিলনি অৰ্থাৎ লংছকাংথু পিকনিক্‌থলীত থকা নদীদ্বীপটোৰ সিটো প্ৰান্ত আপোনমনে পিটপিটাই অহাৰ পাছত আমালৈ লালচাহ আগ বঢ়োৱা বাঁহৰ চুঙাত চুমুক দি গগৈ ছাৰ, আদিশ আৰু মই কথা পাতি আছিলোঁ এভাৰেষ্টাৰ খৰছিং তেৰাঙৰ সৈতে ৷ কোনো কিতাপৰ কথা নহয়, বৰং এডভেঞ্চাৰ জীৱনৰ বিৰল অভিজ্ঞতা কিছুমানৰ আদান-প্ৰদান ৷ তাৰ মাজতে কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনৰ সহযোগত জিলাখনৰ পৰ্যটন বিভাগটোৱে ইয়াত আজি আয়োজন কৰা বিশ্ব পৰ্যটন দিৱস উদ্‌যাপনৰ অৰ্থে বিভাগীয় বিষয়া আহি পাইছে বুলি খবৰ পোৱা গল ৷ আমন্ত্ৰিত নাছিলোঁ যদিও কাৰ্যসূচী আৰম্ভ কৰাৰ উদ্দেশ্যে থলীলৈ খোজ আগ বঢ়োৱা খৰছিঙে আমি তিনিওকো সভাথলীলৈ লগ ধৰিলে ৷ ১২ বাজি ৩০ মিনিট পাৰ হৈছে ৷

Love and Preserve Nature. এই motto লৈ ১৯৯০ চনত আৰম্ভ কৰা হৈছিল Karbi Anglong Mountaineering Association, চমুকৈ KAMA নামৰ সংগঠনটো ৷ মুখ্য কাৰ্যালয় জিলাসদৰ ডিফু ৷ এভাৰেষ্টাৰ খৰছিং সংগঠনটোৰ সভাপতি পদত আছে ৷ সাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ৷ অৰুণ তেৰাং কোষাধ্যক্ষ ৷ সংগঠনটোত বৰ্তমানে ২৫ গৰাকী সক্ৰিয় সদস্য-সদস্যা আছে বুলি কলে ৷ যিকোনো ব্যক্তিয়েই ইয়াৰ সাধাৰণ সদস্য-সদস্যা হব পাৰে ৷ কাৰ্যবাহী সমিতিৰ সদস্য-সদস্যা হবলৈ হলে কিন্তু ৩ বছৰীয়া পাঠ্যক্ৰম এটা শেষ কৰি অহা হবই লাগিব ৷

প্ৰতি বছৰে শীত কালত কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনে স্থানীয় পৰ্যায়ত কম উচ্চতাৰ সপ্তাহজোৰা এডভেঞ্চাৰ কেম্পৰ আয়োজন কৰি আহিছে ৷ মে-জুলাই মাহত ২-৩ দিনীয়াকৈ উচ্চ উচ্চতাৰ দুঃসাহসিক পৰ্যটনৰো আয়োজন কৰি আহিছে ৷ অৰুণাচল প্ৰদেশত ৰৱিং, ৰাফটিং কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷ এভাৰেষ্টাৰ খৰছিং সংগঠনটোৰ সৈতে নিবিড়ভাৱে জড়িত হৈ পৰিছে ৷

ভাত-পানী খাব পৰাকৈ আৰ.চি.চি. ডেস্ক-বেঞ্চ সাজি দিয়া গোলাকৃতিৰ সুদৃশ্য থলীত সকলোটি গোট খালোঁহি ৷ মজিয়াত এখন তিৰ্পাল ৷ তাৰ ওপৰত পৰ্বতাৰোহণৰ সামগ্ৰী কিছুমান সজাই ৰখা হৈছে ৷ কেইবা প্ৰকাৰৰ ৰছীৰ পৰা আদি কৰি ৰাকছেক্‌, হেলমেট, স্ন এক্স, গ্লভছ, জোতা ইত্যাদি ইত্যাদি ৷ ৪ বছৰ পূৰ্বে সফলতাপূৰ্বক নিজৰ এভাৰেষ্ট আৰোহণ কালত লগত নিয়া সম্পদকেইটালৈ আঙুলিয়াই খৰছিঙে আমাক আনন্দমনে বুজাই গল ৷ মুখৰ আগতে অতি সহজতে পাই যোৱাত বস্তুবোৰ এফালৰ পৰা পিটিকি পিটিকি চোৱাত লাগিলোঁ ৷

দিৱসৰ বেনাৰখন মেলি ধৰি খৰছিঙে সংগঠনৰ হৈ অনানুষ্ঠানিক আৰম্ভণি সূচনা কৰি দিলে ৷ ছেৰদিহুন ৰংহাংপী, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী আৰু পুই চন্‌গাতে ৷ সদস্যা ৪জনীয়ে মজিয়াত ৰখা সামগ্ৰীখিনি সন্মুখত লৈ বেনাৰখন সুন্দৰকৈ ধৰি থাকিল ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছ আদি সদস্যসকলো কাষ চাপি আহিল ৷ আঁতৰি আছিলোঁ যদিও আমাকো মাতিলে একেলগে ফটো উঠাৰ কাৰণে ৷ ভিড প্ৰকল অনুযায়ী সকলোৱে ফেচ মাস্ক পৰিধান কৰিছোঁ ৷ নিৰ্দিষ্ট দূৰত্বত অৱস্থান লৈছোঁ ৷ ৱাইছং তেৰাং ফটোগ্ৰাফাৰ ৷ মস্ত কেমেৰা এটা হাতত লৈ তেওঁ বিভিন্ন এংগোলৰ পৰা স্নেপ লোৱা আৰম্ভ কৰিলে ৷ আদিশেও ফটো তুলিলে ৷ তেনেকুৱাতে প্ৰৱেশ ঘটিল পৰ্যটন বিভাগৰ বিষয়া মিৰজেং ৰংহাং আৰু কৰ্মচাৰী মংগলছিং ক্ৰৰ ৷ আজি পুৱাতে ৱা্ট্‌ছএপৰ জৰিয়তে বেনাৰখন ক্ৰৱেই মোলৈ পঠিয়াইছিল ৷ Shall try বুলি লিখিছিলোঁ ৷ এতিয়া নিৰ্দিষ্ট জেগাত মুখামুখি হৈ পৰাত পৰস্পৰে পৰস্পৰক হাঁহিৰে সম্ভাষণ জনালোঁ ৷ লগতে দিৱসৰ আন্তৰিক শুভেচ্ছা ৷ তেওঁলোকৰ উপস্থিতিত পুনৰবাৰ গ্ৰুপ ফটোৰ বাবে পজ দিব লগা হল ৷

বিভাগীয় দায়িত্ববাহীদ্বয়ৰ চাহপৰ্ব সোনকালেই সমাধা হল ৷ তাৰ পাছতে সভা আৰম্ভ কৰাৰ যো-জা ৷ ঘৰটোৰ মাজত এটা প্ৰকাণ্ড খুঁটা ৷ গুৰিত থকা গোলাকাৰ ভেটিটোত উঠি লৈ ছেৰদিহুন আৰু লাৰলিনাই বেনাৰখন দুফালৰ পৰা ধৰি আছে ৷ দুয়োৰে মূৰত দুঃসাহসিক ক্ৰীড়াত পৰিধান কৰা হেলমেট ৷ তেওঁলোকৰ দুকাষে ক্ৰমে শুভম আৰু অনিল ৷ পিঠিত ৰাকছেক্‌ লৈ পৰ্বতাৰোহীৰ বেশত থিয় হৈছে ৷ কোনেও কাকো নিৰ্দেশ দিব নলগীয়াকৈয়ে এক ব্যতিক্ৰমী বেকগ্ৰাউণ্ড আৰু পৰিৱেশ ৰচনা হল মুহূৰ্তৰ ভিতৰতে ৷ চিন্তা-চৰ্চাবোৰ পূৰ্বপৰিকল্পিত যেন মোৰ বোধ হল ৷

ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বাহিৰা কাকো আমন্ত্ৰণ জনোৱা হোৱা নাই ৷ আমি তিনিটাহে আকস্মিক সংযোগ মৰ্মে, সৌভাগ্যক্ৰমে, হৃদয়ৰ তাড়নাত লংছকাংথুত উপস্থিত হলোঁহি ৷ সামাজিক দূৰত্ব মানি মুখামুখিকৈ শাৰী পাতি বাকী সকলোটি ৰৈছোঁ ৷ এংকৰ অৰুণ তেৰাং ৷ কাৰ্যসূচীৰ প্ৰাৰম্ভতে আছে আদৰণি পৰ্ব ৷ উদ্দেশ্য ব্যাখ্যা সমাপ্ত হোৱাৰ পাছতে ইতিপূৰ্বে লিখি সজাই লোৱা মবাইল ফোনটোত দৃষ্টি ৰাখি অৰুণে এজন এজনকৈ নাম মাতি যাব ধৰিলে ৷ প্ৰথমে বিভাগীয় বিষয়া মিৰজেং ৰংহাং আগ বাঢ়ি গল ৷ পুই চন্‌গাতেই এখন কাৰবি পহৰে আদৰিলে ৷ ৰংহাঙৰ পাছত মংগলছিং ক্ৰ ৷ ক্ৰৰ পাছত ডক্টৰ ৰাজু গগৈ ছাৰক মাতিলে ৷ ছাৰৰ পাছতে মোক আচৰিত কৰি মোৰ নামটোও ঘোষণা হল ৷ পুইয়ে এখন ৰঙা পহ মোৰ গলধনত দিলে ৷ মোৰ পাছত কামাৰ সভাপতি খৰছিং তেৰাং ৷

পহ গ্ৰহণ কৰি প্ৰত্যেকে পুনৰ নিজৰ নিজৰ ঠাইত থিয় হৈছোঁ ৷ এতিয়াহে খেয়াল হল, কিছু সময়ৰ আগতে হাৰলংকিয়ে কিয় আদিশক মোৰ নামটো বাৰে বাৰে সুধি আছিল ৷ কথাটো তেতিয়া বুজা নাছিলোঁ, এতিয়াহে পৰিষ্কাৰ হৈ গল ৷ সি যি কি নহওক, পৰৱৰ্তী কাৰ্যসূচীৰ বাবে উৎকৰ্ণ হৈ আছোঁ ৷ অৰুণে কলে, এতিয়া আছে বিশ্ব পৰ্যটন দিৱস সম্বন্ধে একাষাৰ ৷

কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনৰ সভাপতি খৰছিং তেৰাঙক পোনতে অনুৰোধ জনোৱা হৈছে ৷ কভিড আক্ৰান্ত দিৱসৰ শুভেচ্ছা জনাই তেওঁ সুন্দৰকৈ দু-আষাৰ কলে ৷ তাৰ পাছত ডক্টৰ গগৈ ছাৰক আহ্বান জনোৱা হল ৷ টুৰিজিমৰ জৰিয়তে অৰ্থনৈতিক উন্নয়নত গুৰুত্ব দিয়াৰ হকে তেওঁ কিছু কথা ব্যক্ত কৰিলে ৷ অৱধাৰিতভাৱেই ইয়াৰ পাছতে আহিল মোৰ পাল ৷ ভাষণ দিয়াটো বাদেই, সভা-সমিতিৰ প্ৰতিয়েই অনুৰাগহীন, উদাসীন মানুহ ৷ এডভেঞ্চাৰ কাৰ্যকলাপ উপভোগ কৰা যাওক বুলি আহি ইয়াত আজি চক্ৰবেহুত সোমাই পৰিলোঁ ৷ হাৰলংকিয়ে বুদ্ধি কৰি নামটো উলিয়ালে, আদিশে আগ-গুৰি একো গম নাপাই কৈ দিলে, আৰু মই ফচি গলোঁ ৷

দশক পুৰণা সুখ-স্মৃতি এটা সুঁৱৰিবৰ বাবে কিবা এটা কৰাৰ ইচ্ছাত দুদিনমানৰ আগৰে পৰা ব্যাকুল হৈ আছিলোঁ ৷ শেষত হলহি এয়া ৷ সভা-সমিতি বেয়া পাওঁ, ভাষণ বেয়া পাওঁ, সম্বৰ্ধনা ভাল নাপাওঁ ৷ মিটিং আৰু ইটিং বৰ্জনীয় বুলি ডায়লগ মাৰি থাকোঁ ৷ হলেও উপায় নাই আজি ৷ জব্দ হৈ গলোঁ ৷ ইয়াকে ভাবি থাকিও এতিয়া একো লাভ নাই ৷

এখোজ-দুখোজকৈ আগুৱাই উপস্থিত দিৱসপ্ৰেমীসকলৰ সন্মুখত দ্বিতীয়বাৰৰ বাবে নিজকে থিয় কৰালোঁহি ৷ প্ৰত্যেককে বিশ্ব পৰ্যটন দিৱসৰ আন্তৰিক সম্ভাষণ জনালোঁ ৷ ২০২০ৰ পৰ্যটন দিৱসৰ সংকল্প হৈছে Tourism and Rural Development ৷ তাকে কেন্দ্ৰ কৰি একান্ত নিজস্ব চাক্ষুস অভিজ্ঞতাৰ ওপৰত ভেজা দি কাৰবি আংলঙক প্ৰেক্ষাপট হিচাপে লৈ হেঁপাহ পলুৱাই মনৰ বাক্য কিছুমান কবলৈ উদ্যত হলোঁ ৷ অভিৰুচি আৰু অভিজ্ঞতা মিলি পৰাত স্বতঃস্ফূৰ্তভাৱে আৰু অকণো খোকোজা নলগাকৈ কথাৰ জাউৰি এনেকুৱাই ওলাই আহিল যে সম্বৰণ কৰাই মস্কিল হৈ পৰিল ৷ পাছত আদিশে কোৱাতহে গম পালোঁ যে আজিৰ থিয়সভাখনত মইহে হেনো সকলোতকৈ বেছি লেকচাৰ মাৰিলোঁ !

 ৬. লগ পালোঁ এভাৰেষ্টাৰ খৰছিং তেৰাঙক

You never conquer the mountain, you only conquer yourself.

আমি গৈ পাওঁতে ৰান্ধনীঘৰৰ ভিতৰত কাম-কাজ তদাৰক আছিল খৰছিং তেৰাঙে ৷ আমাক দেখা পাই বাহিৰলৈ ওলাই আহিল ৷ ভাবিব নোৱাৰা ধৰণে হোৱা আমাৰ সোঁশৰীৰ উপস্থিতিত অতিশয় সন্তোষিত হল তেওঁ ৷ চাৰপ্ৰাইজ ভিজিট বুলি কৈ আমিও ধেমালি কৰিব ধৰিলোঁ ৷ নিৰিবিলি পৰিৱেশটোত তেওঁক লগ পাই আনন্দিত হলোঁ ৷

ভিড প্ৰকল অনুযায়ী সকলোৰে ফেচ মাস্ক পৰিধান কৰিছোঁ ৷ তেনেকৈয়ে কথা-বতৰা আৰম্ভ হল ৷ একে সময়তে আমাক ব্ৰেকফাষ্ট খাই লবলৈ অনুৰোধ জনালে ৷ ঘৰত ভাত খাই আহিছোঁ বোলাতো নেৰিলে ৷ সহকাৰীসকলে কলপাতত আহাৰ আৰু বাঁহৰ চুঙাত লালচাহৰ যোগান ধৰি গল ৷

সাগৰ-পিঠিৰ পৰা ৮,৮৪৮ মিটাৰ ওখত থকা মাউণ্ট এভাৰেষ্টত ১৯৬৫ চনৰ পৰা ২০১৮ চন পৰ্যন্ত আৰোহণ কৰিবলৈ সক্ষম হোৱা ৪২২ গৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ ভিতৰত খৰছিং তেৰাং অন্যতম ৷ ডিফুৰ স্থানীয় লোক, পৃথিৱীৰ ভিতৰেত এজন বিশেষ শক্তিশালী মানুহ বুলি তেওঁক লৈ আমাৰ গৌৰৱৰ অন্ত নাই, প্ৰশংসাৰো ভাষা নাই ৷ বাটে-পথে যতেই নহওক লাগে, লগ পালেই হল, ৰৈ লৈ ট্ৰেকিং-কেম্পিং-এডভেঞ্চাৰ সম্পৰ্কীয় কথা চলে ৷ সুন্দৰ ব্যৱহাৰ তেওঁৰ ৷ ভাল লাগে ৷

হিমালয়ৰ মোহত এবাৰ আচ্ছন্ন হৈ পৰিলে সেই মোহ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে বুলি এষাৰ প্ৰেক্টিকেল কথা আছে ৷ খৰছিঙৰ এভাৰেষ্ট অভিযান আনন্দদায়ক মুঠেই নাছিল ৷ ২০১৫ চনত প্ৰথমবাৰৰ প্ৰয়াস নেপালত ২৫ এপ্ৰিলত হোৱা বিধ্বংসী ভূমিকম্পত ছাৰখাৰ হৈ গৈছিল ৷ ৭.৮ ৰিখটাৰ প্ৰাবল্যৰ সেই ভূঁইকঁপত প্ৰায় ৯,০০০ মানুহৰ প্ৰাণহানি হৈছিল ৷ প্ৰায় ২২,০০০ মানুহ আঘাতপ্ৰাপ্ত হৈছিল ৷ কমেও ১৯গৰাকী পৰ্বতাৰোহীৰ মৃত্যু ঘটিছিল ৷ ১০০জনৰো ওপৰ অভিযানকাৰী আবদ্ধ হৈ পৰিছিল হিমালয়ৰ বুকুত প্ৰতিষ্ঠা কৰা বেছ কেম্পসমূহত ৷ প্ৰাকৃতিক কাৰণতে দুৰ্ভাগ্যক্ৰমে কাৰ্যসূচী আধাতে সামৰিবলগীয়া হৈছিল ৷ পৰ্বতক জয় কৰিব নোৱাৰি তাৰ পৰা বাচি উভতি অহাটোৱেই ডাঙৰ কথা বুলি বিখ্যাত পৰ্বতাৰোহীয়ে কৈ গৈছে ৷ সৌভাগ্যক্ৰমে খৰছিংহঁতে সুকলমে প্ৰত্যাৱৰ্তন কৰিব পাৰিছিল ৷

ইমানৰ পাছতো কিন্তু পাছ হুঁহকি যোৱা নাছিল তেওঁ ৷ পৰৱৰ্তী বৰ্ষত পুনৰ ৰাওনা হয় স্বপ্নৰ লক্ষ্যত ৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰ্যালয়ৰ অৰ্থ-সাহায্যত Assam Mountaineering Association (AMA)ই আয়োজন কৰা ২০১৬ৰ অভিযানটোত আছিল মানস বৰুৱা (দলনেতা), উপেন চক্ৰৱৰ্তী (উপ-দলনেতা), নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ আৰু খৰছিং তেৰাং ৷ ডাক্তৰ জগদীশ বসুমতাৰী দলটোৰ চিকিৎসক ৷ নেপাল-হিমালয়ৰ অভিযানৰ বাবে কাঠমাণ্ডু-লুকলাৰ পথটো ব্যৱহাৰ কৰা হয় ৷ খৰছিংহঁতৰ দলটোৱেও কাঠমাণ্ডুৰ পৰা চলোৱা ৪৫ দিনীয়া অভিযানৰ অন্তত পৃথিৱীৰ চূড়াত উঠিবলৈ সক্ষম হয় ৷

খৰছিং তেৰাং কাৰবি আংলং জিলাৰ প্ৰথম এভাৰেষ্টাৰ ৷ তেওঁৰ জন্ম ১৯৮১ চনৰ ১৪ ফেব্ৰুৱাৰীত, ডিফুত ৷ পিতৃ প্ৰয়াত খয়া তেৰাং, মাতৃ প্ৰয়াত সূৰ্য ৰংপিপী ৷ টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰী তেওঁৰ আদৰ্শ পৰ্বতাৰোহী ৷

ডিফুৰ ডনবস্ক হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰা খৰছিং তেৰাঙে ১৯৯৭ চনত উক্ত শিক্ষানুষ্ঠানৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ছাত্ৰাৱস্থাৰ পৰাই ফুটবল, চাইক্লিং, ভ্ৰমণ আৰু দুঃসাহসিক ক্ৰিয়াকলাপৰ প্ৰতি অনুৰাগী আছিল ৷ ২০০১ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পৰ্বতাৰোহণৰ দুৰ্বাৰ আকাংক্ষা পূৰণৰ তাড়নাত তাৰ পাছতে, ২০০২ চনত তেওঁ দাৰ্জিলিংস্থিত Himalayan Mountaineering Institute (HMI)ত যোগদান কৰেগৈ ৷ একে বৰ্ষতে Basic Mountaineering Courseও গ্ৰহণ কৰে ৷ ২০০৩ত Advance Mountaineering Course লয় ৷ ২০০৪ চনত Special Advance Mountaineering Course সমাপ্ত কৰে ৷ 

খৰছিঙে ২০১১ চনত Mt. Kolahoi (৫,৪২৫ মিটাৰ) আৰু Lama Wangden Peak (৬,২০০ মিটাৰ), ২০১৫ চনত Island Peak (৬,২৫০ মিটাৰ)ত অভিযান চলাই সফলতা লভিছিল ৷ ২০১৬ত এভাৰেষ্ট বিজয়ী হোৱাৰ পাছত ২০১৮ চনত ৬,৬৭২ মিটাৰ উচ্চতাৰ Gorichen-1 শৃংগত আৰোহণ কৰে ৷ 

তুষাৰাবৃত পৰ্বতমালা একে সময়তে সুন্দৰো, ভয়ংকৰো ৷ এভাৰেষ্টত বগাওঁতে পৰ্বতাৰোহীয়ে অনেক বাধা, অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হয় ৷ এই সম্পৰ্কত খৰছিঙৰ নিজৰ ভাষাৰে, the major challenges come from icefall areas, which are slippery and have a great chance of fall-accident, but we succeeded in overcoming those icefall areas. On the main summit day, we walk for 24 hours without water.

এভাৰেষ্টত ঘনে ঘনে আৰু নিমিষতে বতৰৰ পৰিৱৰ্তন ঘটে ৷ পৰিৱেশ-পৰিস্থিতি একেবাৰেই অনিশ্চিত ৷ এনেস্থলত খৰছিঙে কয়, বিশেষভাৱে, মাউণ্ট এভাৰেষ্টত উঠিবলৈ হলে তিনিটা L - Legs, Lungs আৰু Luckৰ খুব প্ৰয়োজন ৷ আনহাতে শৰীৰটোক সক্ষম কৰিবলৈ প্ৰটিনযুক্ত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা দৰকাৰ ৷

বিপদসংকুল আৰু ৰোমাঞ্চকৰ এভাৰেষ্ট অভিযানৰ সপোন সাকাৰ কৰিবৰ বাবে তেওঁ এমাহ ধৰি কঠোৰতম অনুশীলন কৰিছিল ৷ চাইকেল চলাইছিল ৷ পিঠিত ১০-২০ কিলগ্ৰাম ওজন লৈ নিতৌ কমেও ৫ কিলমিটাৰকৈ খোজ কাঢ়িছিল ৷ এইটো ঠিক যে অকল দৈহিক সক্ষমতাৰ বলেৰে এভাৰেষ্ট আৰোহণ সম্ভৱ নহয় ৷ মানসিক শক্তিও সমানেই প্ৰয়োজনীয় ৷ সুস্থিৰ পৰিকল্পনা, যথোচিত প্ৰস্তুতি তথা সাধনালব্ধ শক্তিয়ে তেওঁক উপনীত কৰাইছিল পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাত ৷

 ৫. লংনিতৰ বুকুত ৰলোঁহি 

The most beautiful things are not associated with money; they are memories and moments. 

লংছকাংথু ইক-টুৰিজিম পাৰ্কৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত, অকণমান আগুৱাই, আগলৈ গুচি যোৱা ৰাস্তাটোৰ একাষে চাৰিখন গাড়ী আছিল, ৰখাই থোৱা অৱস্থাত ৷ আমাৰ গাড়ীখনো তাৰ মাজতে ৰাখি থোৱা হল ৷ ভিতৰত কাকো সোমাবলৈ দিয়া নাই ৷ কৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাৰ্কখনত দৰ্শনাৰ্থী আৰু যান-বাহনৰ প্ৰৱেশ অফিছিয়েলি নিষিদ্ধ ৷ সেয়ে গেট বন্ধ ৷ 

পৰিস্থিতি লক্ষ্য কৰি আৰম্ভণিতে চিন্তা অকণমান নলগাকৈ নাথাকিল যদিও গেটখনৰ এফালে ওলমি থকা ৱৰ্ল্ড টুৰিজিম ডেৰ বেনাৰখনে নিশ্চিত দিলে যে আয়োজনটো ভিতৰতেই কৰা হৈছে ৷ পৰ্যটন দিৱসত ভাগ লবলৈ অহা বুলি গম পাই ডক্টৰ গগৈ ছাৰৰ পৰিচিত কৰ্মকৰ্তা এজনে তোৰণৰ কাষেদি ভিতৰ সোমাই যাবলৈ আমাক নিৰ্দেশ দিলে ৷ মুখত হাঁহি লৈ তিনিও প্ৰৱেশ কৰিলোঁ ৷ 

সোঁহাতে বিশাল পাৰ্কিং এৰিয়া ৷ হলেও কিন্তু আজি এখনো গাড়ী নাই ৷ বাঁওহাতে বন বিভাগৰ ৰেঞ্জ অফিছ ৷ আইনাৰে আবৃত কাফেটেৰীয়া ৷ সমস্ত নিমাওমাও ৷ মানুহ বুলিবলৈ কেৱল আমি তিনিটাই ৷ উৎকণ্ঠা, অনুসন্ধিৎসা বুকুত লৈ খোজবোৰ আগ বঢ়াই আছোঁ ৷

পাৰ্কৰ ভিতৰভাগৰ ৰাস্তাত Interlocking Road Paver Block পাৰি ধুনীয়া কৰি পেলাইছে ৷ পৰিষ্কাৰ হৈ আছে উপৰিভাগ ৷ আগৰবাৰ আহোঁতে এনেকুৱা নাছিল ৷ পোনে পোনে গুচি গৈ অদৃশ্য হোৱা পথটোতেই সামান্য কেইমিটাৰমান আগলৈ শিলনি, লংছকাংথু পিক্‌নিক্‌ স্পট ৷ আজি আয়োজিত বিশ্ব পৰ্যটন দিৱসৰ থলী ৷ জীৱনত এতিয়ালৈ কতবাৰযে আহিছোঁ ইয়ালৈ ! সীমা-সংখ্যা নাই ৷ আজি পিছে এক বিশেষ উপলক্ষ্যত ৷ সেয়ে কৌতূহলৰ ধৰণ আৰু মাত্ৰা সুকীয়া ৷

দূৰৰ পৰাই শুনা পালোঁ, শিলত খুন্দা খোৱা নৈখনৰ লহৰে নিৰৱচ্ছিন্নভাৱে খলকনি তুলি আছে ৷ এইকেইদিন একে লেথাৰিয়ে বৰষুণ পৰি আছে ৷ ফলত লংনিতৰ জলস্তৰ বৃদ্ধি পাইছে ৷ আজি বন্ধবাৰ হলেও কভিড-১৯ৰ বিভীষিকাতে ইয়াত মানুহৰ দলদোপ-হেন্দোলদোপ আগৰ দৰে চকুত পৰা নাই ৷ অন্যথা ইমানপৰে যথেষ্ট ভিৰ লাগিলেহেঁতেন ৷ কিন্তু এতিয়া নিজান-নিস্তব্ধ চৌপাশ ৷ এক কথাত কৰনাক্ৰান্ত ! 

কোনফালেনো দিৱসৰ আয়োজন চলিছে ? কত আছে আয়োজকসকল ? অনুসন্ধিৎসু মনেৰেই তিনিও আগুৱাই গৈ থাকিলোঁ ৷ একে সময়তে চৌদিশৰ প্ৰাকৃতিক দৃশ্যাৱলীও উপভোগ কৰি গলোঁ ৷ মনে মনে এই কথাত মোৰ আনন্দ লাগিছে যে পোনে পোনে দেখা গৈ থকা খনবামন পাহাৰখনৰ ভিতৰভাগত কিমান পানী আছে সেয়া মই অলপ হলেও কব পাৰোঁ ৷ ধূনা গছ বিচাৰি গগৈ ছাৰো সোমাইছিলগৈ এদিন ৷ অনুৰাগ-অভিৰুচিবোৰ মিলি যোৱাত আমাৰ স্ফূৰ্তি দুগুণে চৰিল ৷ আদিশে এফালৰ পৰা ফটো তুলি গল ৷ 

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সিংহাসন সমষ্টিৰ অন্তৰ্গত এই এলেকা ৷ ১০ হেক্টৰ ভূমি আৱৰি এইখন লংছকাংথু ইক-টুৰিজিম পাৰ্ক ৷ পাহাৰীয়া নৈখনৰ বুকুত থকা দ্বীপসদৃশ অংশটোলৈ যাবৰ বাবে দুখন দলং নিৰ্মাণ কৰি দিয়া হৈছে ৷ তাৰ পৰা সিপাৰলৈ যাব পৰাকৈও দলং সজা আছে ৷ দ্বীপটোত থকা উদ্যান, খাদ্য ৰন্ধা চালি, খোৱা ঠাই, জিৰণী চৰা, দৰ্শন স্তম্ভ, কাৰবি পৰম্পৰাগত আবাস, প্ৰসাধন গৃহ, মুকলি মঞ্চ ইত্যাদিবোৰ সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে গঢ়ি দিয়া হৈছে ৷ 

আদিশ আৰু মই দীঘল দলংখনত উঠিলোঁগৈ ৷ গগৈ ছাৰ লগত নাহি নৈখনৰ পাৰে পাৰে পোনাই আগলৈ গলগৈ ৷ কোনেও কতো কাকো দেখা নাই ৷ দিৱসৰ আয়োজন কোনফালে কৰা হৈছে ? একো ধৰিবই পৰা নাই ৷ চিন্তা লাগিল ৷ কি হল, কোনো নাইযে এতিয়ালৈ ? ক্ৰই কোৱামতে ১১.৩০ত আৰম্ভ হোৱাৰ কথা আছিল ৷ কতা ? বাহিৰত দেখি অহা গাড়ীৰ সংখ্যাটোৱেও নকয় যে মানুহবোৰ গোট খাইছে ৷ তেনেহলে কি, নহব নেকি আজি ? দুশ্চিন্তাই আকৌ লগ ললে ৷ 

খল্‌-খল্‌ প্ৰতিধ্বনি তুলি বৈ আছে লংনিত ৷ বৰষুণৰ বাবে পানীবোৰ ঘোলা হৈ পৰিছে ৷ শিলবোৰ লুকাই গৈছে ৷ পাৰ হৈ লংনিতৰ বুকুত থকা দ্বীপটোত নামিলোঁ ৷ তাৰ পাছত সিপাৰলৈ যোৱা দলংখনত উঠিলোঁহি ৷ ফটো চেছন চলি আছে ৷ ইফালে-সিফালে কাৰোবাক দেখোঁ নেকি তালৈকো শেনচকু মাৰি আছোঁ ৷ গগৈ ছাৰ আহি লগ লাগিল ৷

নদীদ্বীপটোৰ শেষ প্ৰান্তলৈ যোৱা হওক ৷ এইবুলি গৈ থাকোঁতে সমজুৱা খাদ্যথলীৰ একাষে দিৱসৰ বেনাৰ এখন ওলমি থকা অৱস্থাত পোৱা গল ৷ বিছলেৰীৰ পানীভৰ্তি ডাঙৰ কনটেইনাৰ এটাৰ বাদে নৰ-মনিচ বুলিবলৈ নাই ৷ তথাপিতো নিশ্চিত হলোঁ যে ঠিকেই আছে, ইয়াতেই আজিৰ অনুষ্ঠান অনুষ্ঠিত হব ৷ সময় চালোঁ ৷ ক্ৰৱে কোৱাতকৈ আধা ঘণ্টা পলম হৈ গৈছে ৷

লংছকাংথু পিক্‌নিক্‌ স্পটত চৰকাৰী পৃষ্ঠপোষকতাত সাজি দিয়া ব্যৱস্থাবিলাক দৰ্শন কৰাৰ উপৰি প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি প্ৰলুব্ধ হৈ, দিক্‌বিদিক্‌ হেৰুৱাই কেৱল আগলৈ গৈ আছোঁ ৷ অভিজ্ঞতাই সংযত কৰা খোজ ৷ 

শিশু উদ্যান ৷ দোলনা দুখন পাই আদিশ আৰু গগৈ ছাৰে স্ফূৰ্তিমনে দুলিবলৈ লাগি গল ৷ গছ-গছনিৰ ফাঁকে ফাঁকে আগত দীঘলীয়া ঘৰ এটা ৷ মানুহকেইজনমান দেখা গৈছে ৷ সেইটো ৰান্ধনীশালা ৷ ধোঁৱা উৰি আছে ৷ আমি কাষ চাপি গলোঁ ৷

চিনাকি মুখ এখন ৷ আমাক দেখি হাঁহি মাৰি ওলাই আহিল আৰু সম্ভাষণ জনালে ৷

Sunday, 18 October 2020

৪. যাত্ৰা


Save the worlds heritage places and explore about them as they are built in ancient times but have the unique story to read. 

১০.৩০ বজাত আদিশে গেৰেজৰ পৰা গাড়ীখন উলিয়ালে ৷ হাতত এঘণ্টা সময় আছে ৷ কথা দিয়া অনুসাৰেই ডিফু কলা-কেন্দ্ৰৰ নামনিত গগৈ ছাৰক আমাৰ বাবে অপেক্ষাৰত অৱস্থাত পালোঁ ৷ তেওঁক উঠাই লৈ ৰাওনা হলোঁ লক্ষ্যস্থান অভিমুখে ৷ 

বিশ্ব পৰ্যটন দিৱসৰ এই আকস্মিক পৰ্যটনৰ লক্ষ্যস্থান লংছকাংথু টুৰিষ্ট স্পট, খনবামন পাহাৰৰ পাদদেশত ৷ তালৈ যাবলৈ হলে ডিফুৰ পৰা ১৬ কিলমিটাৰ গৈ, মাঞ্জা তিনিআলিত নগাঁওমুখী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি, বাঁওহাতে ঘূৰি, তাৰ পৰা আৰু ৯ কিলমিটাৰ আগ বাঢ়ি লংনিত পাই, তাৰ পৰা সোঁহাতে ফাটি, লংনিত নৈখনক বাঁওহাতে ৰাখি পাৰে পাৰে ঠেক গড়কাপ্তানী ৰাস্তাৰে ৪ কিলমিটাৰ যাব লাগিব ৷ 

প্ৰতি বছৰেই ডিচেম্বৰ-জানুৱাৰী মাহত ব্যস্ত বনভোজথলীলৈ পৰ্যবসিত হয় লংনিতৰ পাৰৰ লংছকাংথু ৷ জনপ্ৰিয় নাম শিলনি ৷ অৱস্থানটোৰ কাৰণেই অন্যান্য সময়তো প্ৰকৃতিপ্ৰেমী, এড্‌ভেন্সাৰপ্ৰেমী মানুহৰ আহ-যাহ অলপীয়া মাত্ৰাত হলেও থাকেই ৷ এই চৰিত্ৰ আজিও বৰ্তি থকাৰ কাৰণটো হল জেগাকণ সুলভ, প্ৰাকৃতিকভাৱে সৌন্দৰ্যময়, নিজঞ্জাল আৰু সহজগম্য ৷ 

ডিফু-মাঞ্জা ৰডেৰে আজি অনেক দিনৰ পাছত যাত্ৰা কৰিছোঁ ৷ ৰাস্তাটোৱে কেইবাঠাইতো লক্ষ্যণীয়ভাৱে ভগ্ন ৰূপ লৈছে ! ফলত মাঞ্জা তিনিআলি পাওঁতে পাওঁতে আগতকৈ অনেক বেছি সময় লাগি গল ৷ ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ পাছতহে যেন স্বস্তি ! ইয়াৰ পৰা লংনিত পাবলৈ সৰহ পৰ নালাগিব ৷ 

ডিফু, যমুনা, লংনিত হৈছে কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ অন্তৰ্গত কেইখনমান উল্লেখযোগ্য উপনৈ ৷ মাঞ্জা পাৰ হৈয়ে এৰি অহা যমুনাখন সেইডোখৰতে পথটোৰ বাঁওহাতে ডিফুৰ ফালৰ পৰা বৈ অহা ডিফু নদীৰ লগ লাগিছে ৷ তাৰ পৰা যমুনা হিচাপেই আগ বাঢ়িছে ৷ লংনিতৰ কাষত লংনিত নৈখন যমুনাত বিলীন হৈছে ৷ নৈখনে আকৌ যমুনা নামেৰেই আগুৱাইছে ৷ বকলীয়া, ডবকা আদি স্পৰ্শ কৰি যমুনামুখত কপিলীত পৰিছেগৈ ৷ এই যমুনা নৈতে লংনিতৰ পৰা কেইকিলমিটাৰমান আগত আছে শিলভেটা, জিলাখনৰ ভিতৰত অন্য এক আকৰ্ষণীয় আৰু সহজে যাব পৰা টুৰিষ্ট স্পট ৷ অৱস্থানটো ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই দাঁতিতে ৷ আহোঁতে-যাওঁতে গাড়ীৰ পৰাই জলস্ৰোত চাই নয়ন সাৰ্থক কৰিব পাৰি ৷ শিলনি বা লংছকাংথু পিছে হাইৱেৰ পৰা কিছু ভিতৰলৈ সোমাই আছে ৷ 

সুনিয়ন্ত্ৰিত গতিত আমাৰ গাড়ী চলিব ধৰিছে ৷ মূলতঃ পৰ্যটন প্ৰসংগ লৈয়ে কথা-বতৰাবোৰ অনৰ্গল চলি আছে ৷ লংনিত তিনিআলিৰ পৰা লংছকাংথু টুৰিষ্ট স্পটলৈ যোৱা ৰাস্তাডোখৰত ব্লক পাৰি দিয়া হৈছে ৷ ভাবি আহিছিলোঁ, এইছোৱা চাগৈ অতিকৈ জঘন্য হব বুলি ৷ পিছে নহয় ৷ এতিয়া উন্নত হল ৷ দেখি মনটো আহ্লাদিত হৈ উঠিল ৷ 

হাইৱে এৰি আদিশে গাড়ীখন সোঁহাতে সুমুৱাই নিলে, আমাৰ লক্ষ্যস্থললৈ বুলি ৷ কেঁকুৰি এটা ঘূৰিলেই লংনিত বজাৰখন ৷ বজাৰ পাই গগৈ ছাৰৰ নিৰ্দেশত গাড়ী ৰল ৷ আমি আটায়ে ঘৰত ভাত খাই আহিছোঁ ৷ সেয়ে লগত খোৱা-বস্তু একো অনা নাই ৷ আগে-ভাগে নামি গগৈ ছাৰে দোকান এখনলৈ পোনালে ৷ অনুসৰণ কৰি পাছে পাছে মই ৷ বিস্কুট আৰু পটেত চিপ্‌ছৰ পেকেট কেইটামানকে লৈ থোৱা হল ৷ এনেতে লগ পালোঁ মোৰ পুৰণা চিনাকি যুৱক ৰাজু ছেত্ৰীক ৷ লংনিতত ঘৰ ৷ কেইবা বছৰৰো আগতে ডিফুত আছিল ৷ মোৰ পূৰ্বৰ কৰ্মস্থলীৰ গাতে গা লগা দোকান এখনত কাম কৰিছিল ৷ পাছত ঘৰলৈ ঘূৰি আহি লংনিত বজাৰতে নিজাকৈ দোকান এখন খুলি স্বাৱলম্বিতাৰে পেট প্ৰৱৰ্তাই আছে ৷ ভাল লাগিল তাক লগ পাই ৷ অঞ্চলটোৰ খবৰ ললোঁ ৷ আজিকালি চিন্তা কৰিবলগীয়া একো নাই বুলি কলে ৷ ৰাস্তাটোও ভাল হৈ গল বুলিলে ৷ 

লংনিত বজাৰ এৰি আহিলোঁ ৷ পি.ডব্লিউ.ডি.ৰ পথেৰে সন্তুলিত বেগত গাড়ী গৈ আছে ৷ অলপ পাছতে বাঁওহাতে লংনিত নৈখন ওলাল ৷ পাৰে পাৰে ৰাস্তাটো ৷ এই পাহাৰীয়া নদীখনৰ উজনি অংশটো অতিপাত শিলেৰে ভৰপূৰ আছিল ৷ সৰু কালত আমি বনভোজ খাবলৈ আহোঁতে দেখা মনত আছে ৷ ওপৰৰ পৰা নামিলে এতিয়াৰ লংনিত নামৰ ঠাইডোখৰ নাপাওঁতেই শিলাময় অঞ্চলটো অন্ত পৰে ৷ 

শুনিবলৈ পোৱা মতে, পাহাৰৰ পৰা নামি অহা কাৰবিসকলে ঠাইডোখৰক হাৰলং লিতচিতবুলিছিল ৷ অৰ্থাৎ, শিলেৰে ভৰপূৰ এলেকাৰ অন্ত ৷ আনহাতে এই বাটে আহ-যাহ কৰি থকাৰ প্ৰসংগত তেওঁলোকে কৈছিল, হাৰলং লিতচিত লতে কেলে ল৷ অর্থাৎ, শিলাময় অঞ্চলটো পাৰ হলেই গন্তব্যস্থল পাব ৷ হাৰলং লিতচিত শব্দযুগলেই পাছলৈ সংক্ষিপ্ত ৰূপত হাৰলং কিলিত আৰু ক্ৰমান্বয়ে মানুহৰ মুখ বাগৰি লংলিতল ৷ লংলিতৰ পৰাই পাছলৈ লংনিত, লুংনিত, লুঙি আদি বিভিন্ন উচ্চাৰণযুক্ত চলতি শব্দ কিছুমানৰ সৃষ্টি হল ৷ 

ইফালে, কালৰ কবলত পৰি লংনিত নৈখনে ৰং-ৰূপ নসলোৱাকৈ থকা নাই ৷ পাৰত বসতি কৰা মানুহৰ সংখ্যাটো দিনক-দিনে বৃদ্ধি পাই গৈ আছে ৷ নৈৰ বুকুৰ শিলবোৰ পূৰ্বতকৈ কমি আহি আছে ৷ ট্ৰাকে ট্ৰাকে বালিও নিতৌ চালান দি থকা হৈছে নাগালেণ্ড, মণিপুৰলৈ ৷ লংনিতৰ বালি উত্তম গুণেৰে সমৃদ্ধ ৷ নৈখনলৈ চাই ভাবিলে এতিয়া আচৰিত লাগে যে শিলে শিলে ঠেকা খোৱাৰ ফলত বোঁৱতী পানীয়ে আগতে উলিওৱা সেই ভয়ংকৰ তৰ্জন-গৰ্জনবোৰ নাইকিয়া হৈ আজিকালি কিবা যেন শান্ত-সমাহিত হৈ পৰিল ! সৌন্দৰ্যৰ অৱনতি দেখিলেই দুখে বেৰি ধৰেহি ৷ এতিয়াও হল ৷ কতযে গল সেই সোণালী সুদিন ! 

অন্যহাতে, অঞ্চলটোৰ নামটোৰ বিষয়ে দকৈ ভাবিলে ভাব হয়, চাগৈ নদীৰ বুকুখন প্ৰচুৰ শিলেৰে উপচি আছিল বাবেই জনপ্ৰিয় নামটো শিলনিল ৷ সম্প্ৰতি কাৰবি ভাষাৰে লংছকাংথু বুলি ন-পৰিচিতি লভিছে ৷ চাইনবৰ্ডতো নতুন শব্দই স্থান লভিছে ৷ প্ৰশ্ন হয়, অতীত গৰিমাৰে মণ্ডিত শিলনি শব্দটো সময়ৰ ধামখুমীয়াত মানুহৰ মুখৰ পৰা হেৰাই নাযায়তো ?

 

১৯৫১ চনৰ ১৭ নৱেম্বৰত অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত গঠিত সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ নামৰ নতুন পাহাৰীয়া জিলাখনৰ স্থায়ী সদৰ স্থান নিৰ্বাচনৰ অৰ্থে তালিকাভুক্ত ডিফু, সিংহাসন, ডেনগাঁও, লাংলকছ আদি নামবোৰৰ মাজৰে অন্যতম আছিল লংনিতৰ পাৰৰ শিলনি ৷ উৎসাহী ৰাইজে তেতিয়া নিজেই লগ লাগি এক বৃহৎ ঠাই হাবি কাটি পৰিষ্কাৰ কৰি পেলাইছিল ৷ মিকিৰ পাহাৰ জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰছিং তেৰাঙে ছং বেৰ সৈতে আলচ কৰি ঠাইখিনি জিলা-সদৰ হিচাপে উপযুক্ত হব বুলি কেইটামান কাৰণ দৰ্শাই প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ অসমৰ তদানীন্তন শিক্ষা মন্ত্ৰী লোকনায়ক অমিয় কুমাৰ দাসে ডিফুৰ পৰা খোজ কাঢ়ি আহি শিলনি পৰিদৰ্শন কৰি সদৰ হিচাপে ঠিক নহব বুলি মতামত দিলে ৷ খৰছিং তেৰাঙৰ পৰামৰ্শ আৰু সৰ্বসাধাৰণৰ মতামতক অগ্ৰাহ্য কৰি ১৯৫৪ চনৰ জানুৱাৰী মাহত ডিফুত অস্থায়ী সদৰ পতা হল ৷ কিছুসংখ্যকৰ বিৰোধিতা সত্ত্বেও উপযুক্ত ঠাইৰ সন্ধান দিব নোৱাৰাত আৰু ৰেল যোগাযোগৰ ব্যৱস্থা থকা হেতুকেই ডিফুতেই সদৰ পতাটো খাটাং হল ৷ নহলেবা শিলনিৰ ৰূপ-লাৱণ্য আজি অন্য ধৰণৰ হলহেঁতেন ৷ সেয়া শিলনিৰ দুৰ্ভগীয়া অতীত ৷

 

ডিফু চহৰলৈ পাইপেৰে পানী কঢ়িয়াই নিয়াৰ সিদ্ধান্ত হৈছিল, প্ৰথমে শিলনিৰ পৰাই ৷ তাৰ পাছত, দুবছৰৰ পূৰ্বে আমি পৰিদৰ্শন কৰি অহা ছিং তেৰাং বস্তিৰ পৰা ৷ প্ৰাথমিক বিদ্যালয়ত থাকোঁতে ভূগোলৰ কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ, লংনিত নদীৰ ওপৰ ভাগত বান্ধ দি ডিফুলৈ পানী যোগান ধৰা হয় বুলি ৷ সৰুতে শিলনিলৈ আহিলে তলৰ পৰাই দেখা পাইছিলোঁ দূৰৈত, ওখত, পাহাৰৰ বক্ষত, দিয়াচলাইৰ বাকচহেন লগা ঘৰ এটা ৷ সেইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ, চমুকৈ পি.এইচ.ই.ৰ পাম্প হাউচ বুলি কৈছিল ৷ ডাঙৰ হৈ সিমান উচ্চতালৈ বগায়ো পালোঁ ৷ কাষতে ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট ৷ নৈখনৰ বক্ষৰ পৰা পৰ্বতলৈ তোলা লংনিতৰ জলভাগ পিক্‌নিক্‌ স্পটৰ পৰা কিছু আগলৈ শোধন কৰা হৈছিল ৷ তাৰ পাছত মহাকৰ্ষণ বলৰ সহায়ত পাইপযোগে এৰি দিয়া হৈছিল ৩৩ কিলমিটাৰ আঁতৰৰ ডিফু সদৰলৈ বুলি ৷ কালক্ৰমত এই ব্যৱস্থাটো বিকল হৈ পৰিল ৷ জল পৰিশোধন যোজনাটোও পৰিত্যক্ত হল ৷ 

২০০৭ চনত, শিলনিৰ পৰা প্ৰায় ১৪ কিলমিটাৰ আগলৈ ছিং তেৰাং গাঁৱৰ সমীপত পৰ্বতীয়া ঝৰ্ণা লাং চিথিঙত ভি নট্‌ছ ৱেৰ অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ আকৃতিৰ বান্ধ সাজি বিকল্প ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷ ফৰেষ্ট অফিছৰ মুখতে অৰূপদাৰ জীপচিখন এৰি থৈ অৰূপদা, প্ৰদীপদা, প্ৰণৱ আৰু মই পদযাত্ৰা কৰি চাইছিলোঁগৈ সেই থলী ৷ তাৰিখটো মনত আছে ৷ ২ অক্টোবৰ ২০১৮ ৷ তাৰ পাছত আৰু এইপিনে অহা হোৱা নাই ৷ দীৰ্ঘ বিৰতিৰ পাছত আজি ২৭ ছেপ্টেম্বৰ ২০২০ত এয়া পুনৰাগমন ৷ অযুত কৌতূহলে মনটোক আৱৰি ধৰিছে ৷ পৰ্যটন দিৱসৰ অচিলাৰে আহিছোঁ ৷ কাৰবি আংলং মাউণ্টেনিয়াৰিং এছচিয়েচনৰ দুঃসাহসিক কাৰ্যকলাপৰ প্ৰদৰ্শন চোৱাৰ অযুত আশা লৈ আহিছোঁ ৷ 

আঁৰৰ কাহিনীলানি নীৰৱে বুকুত সামৰি লংনিত আজিও বৈ আছে নিজস্ব গতিৰে ৷ পাৰে পাৰে আমি ৷ এই নৈৰ অগ্ৰভাগতে জনপ্ৰিয় বনভোজথলী শিলনি ৷ পিক্‌নিক্‌ স্পটটো লংছকাংথু ইক’-টুৰিজিম পাৰ্কৰ ভিতৰত আছে ৷ পিক্‌নিকৰ বতৰত দেধাৰ মানুহ আহে ইয়ালৈ ৷ অফ্ চিজনতো মানুহ আহে ৷ 

লংছকাংথু ইক’-টুৰিজিম পাৰ্ক পালোঁহি ৷ গেটখনতে বেনাৰ এখন ওলমাই থোৱা আছে ৷ প্ৰৱেশ-দ্বাৰ বন্ধ ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৰ্যটন বিভাগৰ দ্বাৰা এই সুদৃশ্য দন্‌ৰি নিৰ্মাণ কৰা হৈছিল ৷ কাৰবি শব্দ দন্‌ৰিৰ অৰ্থ তোৰণ, দ্বাৰ ৷ সেই সময়ত বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা মাননীয় কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰৰ উপস্থিতিত পৰ্যটন বিভাগৰ দায়িত্ববাহী মাননীয় ই.এম. প্ৰদীপ ৰংপিয়ে ২০১৬ চনৰ ৩১ ডিচেম্বৰত তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ৷ মোৰ বন্ধু, শিল্পী, দেবেন তিমুঙে সাজিছিল ৷