Saturday, 23 May 2020

৮.০ ডেমবিউন, লাষ্ট বি.অ.পি.


পিক্‌নিক্‌ স্পট যিমানে পাওঁ পাওঁ হৈছোঁ, অনিয়াহঁতৰ উত্তেজনাও সিমানেই তুংগলৈ গতি কৰিছে ৷ নাৱাজউদ্দিন ছিদ্দিকীৰ লগত যেন-তেন-প্ৰকাৰেণ এখন ফটো উঠিব পাৰিলেই ইয়ালৈ অহাটো সাৰ্থক হব ৷ ঘৰ মে বাচ্চা চৰকে আয়া হুঁ ছাৰ অনিয়াই গাড়ীৰ ভিতৰতে তদ্‌গতচিত্তে প্ৰেকটিছ কৰিছে, কি বুলি কব, কি বুলি অনুৰোধ জনাব ৷ এনেকৈ কৈ হলেও অভিনেতাজনৰ কাষ চাপি তেওঁৰ সৈতে ফটো এখন মুঠতে উঠিবই ৷ পাছ মুহূৰ্ততে কিবা এটা ভাবিলে ৷ নাই নাই, বাচ্চা এৰি থৈ অহা বুলি কব নোৱাৰি দেই ৷ তাইৰ কথাৰ ভিতৰুৱা অৰ্থটো বুজি হাঁহিলোঁ খুবমতে আমি ৷ আগছিটৰ পৰা মই মাত দিলোঁ, তুম চিৰ্ফ এ'ক কাম কৰনা, তুম্‌হাৰা ঔৰ ছিদ্দিকী ছাৰ কা ফটো মুঝে ভেজ দেনা হাঁ ৷ ঘপৰাই সুধিলে, কিউ ? ঘৰলৈ গৈ মই সেইখনৰ পৰা তোমাক গুচাই নিজৰ ইমেজ বহুৱাই দিম আৰু আনিনিত ফিল্মষ্টাৰৰ লগত ফটো উঠিলোঁ বুলি আনৰ আগত বাহাদুৰি মাৰিম ৷ অলপ সময় তভক মাৰিলে তাই ৷ চাগৈ কথাটো তং কৰিব পাৰিলে ৷ কলে, নেহী দেগা আপক সমস্বৰে আকৌ হাঁহি ৷

সৰগীয় সুষমাৰে প্ৰাণোচ্ছল ড্ৰি উপত্যকাটোত প্ৰৱেশ কৰিবলৈ পাই আমাৰ মনবোৰ আগতকৈ বেছিকৈয়ে ভাল লাগি গৈছে ৷ আনিনিৰ পূব দিশত এয়া ড্ৰি ভেলী ৷ তাল ভেলী, মাথু ভেলীৰ দৰে ড্ৰি ভেলীও ধুনীয়া ৷ তুলনামূলকভাৱে ড্ৰি ভেলীত সমতলখণ্ড অধিক আৰু প্ৰশস্ত ৷ অৰুণাচল-হিমালয়ৰ ৫,৩৫৫ মিটাৰৰ পৰা ৫,৩৭৫ মিটাৰ উচ্চতাৰ হিমবাহৰ পৰা ড্ৰি নদীখন ওলাই আহিছে ৷ ডিবাঙৰ এই ড্ৰি নামৰ উপনৈখন ঋগ্বেদত উল্লেখিত শুতুদ্ৰী নৈ হব পাৰে বুলি কলিকতাৰ পৰা তাহানিতে প্ৰকাশিত আৱাহন (পঞ্চম বছৰ)ত আনন্দচন্দ্ৰ আগৰৱালাই ১৯৩৩ চনতে কামৰূপৰ তীৰ্থ বিৱৰণত উল্লেখ কৰি থৈছে ৷

উৎপত্তিৰ পাছত দক্ষিণ দিশলৈ নামি অহা ড্ৰি নামৰ পাৰ্বত্য নৈখনে সোঁৱে-বাঁৱে অনেক জান-জুৰি, নলা-নিজৰাক সামৰি লৈ ধাৱমান হৈছে নামনি অভিমুখে ৷ অটট গাঁৱৰ কাষত এনজি নৈক বাঁওপাৰে লৈছে ৷ মাথুনলিত মাথু নৈক সোঁপাৰে লৈছে ৷ ইটালিনত বাঁওফালৰ পৰা অহা তাল নৈৰ লগ লাগিছে আৰু ডিবাং নাম পাইছে ৷ মাথু নৈ পৰ্যন্ত ইয়াৰ গতিপথৰ দৈৰ্ঘ ৯০ কিলমিটাৰ ৷ অৱবাহিকা অঞ্চল ১,৪৫০ বৰ্গ কিলমিটাৰ ৷ আনহাতে তালৰ লগ লগালৈকে গতিপথৰ দীৰ্ঘতা ১১০ কিলমিটাৰ আৰু অৱবাহিকা অঞ্চলটোৰ বিস্তৃতি ৩,৭৫০ বৰ্গ কিলমিটাৰ ৷ অৰুণাচলৰ পৰা বোৱা এই জলধাৰা অসম সমভূমিত ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ ৷

ড্ৰি নৈখন উজনিত খৰস্ৰোতা, নিম্নাংশত পুনৰ খৰস্ৰোতা ৷ কিন্তু আনিনি চাৰ্কোলৰ অন্তৰ্ৱৰ্তী, সীমান্ত চকী অৱস্থিত ডেমবিউন নামৰ ঠাইখিনিৰ এঠাইত অবিশ্বাস্যভাৱে বহল ৰূপ লৈছে ৷ গতিও ধীৰ ৷ প্ৰাকৃতিক সৌন্দৰ্য শ্বাসৰুদ্ধকৰ ৷ এই কাৰণেই খৰালি পৰ্যটক আৰু বনভোজকাৰীৰ বাবে আদৰ্শ থলী হৈ পৰে ৷ ওচৰে-পাজৰে অৰণ্য আৰু বৰফাবৃত পৰ্বত শিখৰ ৷ গাঁওখনৰ নামেৰেই বনভোজথলীৰ নাম ৰখা হৈছে আচ্‌হিছ পিক্‌নিক্‌ স্পট ৷ আগতে লুকাই আছিল, এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত জনাজাত হৈ পৰিছে ৷

ৰাজ্যখনৰ এক নব্য আৰু সম্ভ্ৰান্ত টুৰিষ্ট ডেষ্টিনেচন হিচাপে ড্ৰি ভেলীক তুলি ধৰাৰ অৰ্থে অৰুণাচল প্ৰদেশ চৰকাৰে আঁচনি লৈছে ৷ ৰেহ ফেষ্টিভেলৰ অচিলাৰে মুখ্য মন্ত্ৰী সমন্বিতে উচ্চ বৰ্গৰ আমোলা-বিষয়াৰ দৃষ্টিগোচৰ কৰোৱাটো আচ্‌হিছ পিক্‌নিক্‌ স্পটৰ উত্তৰণৰে এক সদৰ্থক পদক্ষেপ ৷ চৰকাৰী লোকসকলকে ধৰি আনিনিৰ সমূহ ৰাইজ ইয়াৰ বাবে জাগিছে আৰু অন্তঃকৰণেৰে সৈতে লাগিছে ৷ শীৰ্ষ মন্ত্ৰীজনক থলীলৈ মাতি আনিছে, দেখুৱাইছে ৷ নৈশ যাপনো কৰাইছে ড্ৰিৰ পাৰত ৷ ভাল লাগিছে যে এড্‌ভেন্সাৰাচ চি.এম.জনেও সম্পূৰ্ণ সঁহাৰি জনাইছে ৷ আনিনিত টুৰিজিম গঢ় লৈ উঠাত আচ্‌হিছই অনুঘটকৰ কাম কৰিব বুলি আমাৰো ধাৰণা ৷

চীন-ভাৰত সীমান্তত লাগি থকা ডিবাং ভেলী বন্যপ্ৰাণী অভয়াৰণ্যৰ অধীনস্থ এলেকা এয়া ৷ আনিনিৰ উত্তৰে ১৯৯২ চনত এই অভয়াৰণ্যখন খোলা হৈছিল ৷ ৪,১৪৯ বৰ্গ কিলমিটাৰ এলেকাজোৰা অঞ্চলটো অতিশয় পাহাৰীয়া আৰু দুৰ্গম ৷ শীতকালত যথেষ্ট পৰিমাণে তুষাৰপাত হয় ৷ অক্টোবৰৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত ভ্ৰমণ কৰিব পৰা যায় ৷ ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে অভয়াৰণ্যখন সংৰক্ষণ কৰিছে ৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১,৮০০ মিটাৰ উচ্চতাৰ পৰা ৫,০০০ মিটাৰ উচ্চতাৰ পৰ্বত শ্ৰেণী ইয়াত পোৱা যায় ৷ সৰ্বোচ্চ পৰ্বত শৃংগৰ নাম কাহাইকালা ৷ কস্তুৰী মৃগ, ৰঙা পাণ্ডা, কলা ভালুক, ফুটুকী বাঘ, বিৰল প্ৰজাতিৰ পক্ষী ইত্যাদিকে ধৰি নানান জীৱ-জন্তুৰ বিচৰণভূমি, উদ্ভিদকুলৰো অৱস্থিতি এই ডিবাং ভেলী বন্যপ্ৰাণী অভয়াৰণ্য

এড্‌ভেন্সাৰ ভাল পোৱাসকলৰ বাবে ড্ৰি ৰিভাৰ ভেলী ট্ৰেক্‌ মিছিমি হিলছ্‌ৰ অন্যতম আকৰ্ষণীয় পদপথ ৷ ড্ৰি নৈৰ পাৰে পাৰে নিৰ্দিষ্ট পদপথেৰে হিচাপী আৰোহণ চলে ৷ ডেমবিউনৰ পৰা আৰম্ভ হয় ঊৰ্ধ্বমুখী পদচালনা ৷ মধ্যমীয়া জোখৰ আদৰ্শ ট্ৰেকিং ৷ অতিকৈ থিয় উঠা-নমা পোৱা নাযায় যদিও জলাহ আৰু ডাঠ বাঁহনি অতিক্ৰম কৰিবলগীয়া হয় ৷ অভিজ্ঞ গাইড আৰু স্থানীয় লোকৰ সমৰ্থনত অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্ৰ্য প্ৰত্যক্ষ কৰাৰ লগতে প্ৰকৃতিৰ বুকুৰ সুপ্ত তথা বিশাল সুন্দৰতা উপভোগ কৰিব পাৰি ৷

পঢ়িবলৈ পোৱামতে ড্ৰি ভেলীয়ে চুই থকাকৈ আন্তৰ্জাতিক সীমান্তৰ পৰা তিনিটাকৈ বৃহৎ গিৰিপথ আছে ৷ তিনিওটা গিৰিপথ লাইন অফ্‌ একচুৱেল কণ্ট্ৰলৰ ওপৰত ৷ একেবাৰে উত্তৰৰ গিৰিপথটো আঝামখ লা যি ব্ৰুনেৰ লগত চিমদ্ৰক সংযোগ কৰিছে ৷ ইয়াৰ দক্ষিণ-পূবত চাংখাং লা ৷ তিব্বতৰ জায়ুল পৰ্বতমালা সংযোগী গিৰিপথটো এসময়ত খুব জনপ্ৰিয় আছিল ৷ ইদু মিছিমিসকলে তিব্বতীসকলৰ সৈতে সেই পথেৰেই জন্তুৰ ছাল আৰু ৰঙা নিমখ বিনিময় কৰিছিল ৷ তিব্বেতান লামা এগৰাকীয়ে ইদু মিছিমিয়ে তেওঁলোকৰ কুকুৰা চোৰ কৰাক লৈ এই পথটোক শাও দিলে ৷ সেয়ে তাৰ উত্তৰেদি আগুয়ে লা নামে তৃতীয় পথ এটা সৃষ্টি হৈছিল ৷ এই গিৰিপথবোৰ বৰ্তমানে সম্পূৰ্ণভাৱে জনপ্ৰাণীহীন ৷

ড্ৰি ভেলী আৰু মাথু ভেলীৰ মাজত অনেক জলাশয় আছে ৷ ডিবাং ভেলী জিলাৰ মিছিমি হিলছত সততে তিনি প্ৰকাৰৰ হ্ৰদ পোৱা যায় ৷ উচ্চ হিমবাহ লেক, যাৰ অৱস্থান বৰফাবৃত পৰ্বতৰ শীৰ্ষস্থানত ৷ এইবোৰ গ্ৰীষ্মকালতহে দেখা পোৱা যায় ৷ শীতকালত বৰফে ঢাকি ৰাখে ৷ উপৰিভাগ গোট মাৰি থাকে ৷ এনে সময়ত হ্ৰদৰ ওপৰেদি খোজ কাঢ়ি যোৱাও সম্ভৱ ৷ দ্বিতীয়তে, উচ্চ উচ্চতাৰ জলাশয় ৷ এনে জলাশয় পৰ্বত শিখৰতে পোৱা যায় ৷ বৰফে ঢাকি নধৰে আৰু বছৰৰ যিকোনো সময়তে চাব পাৰি ৷ তৃতীয়তে উপত্যকাত থকা লেক ৷ দুটা পাহাৰৰ মধ্যভাগৰ সমতলত এনে জলাশয়ৰ উপস্থিতি ৷ ড্ৰি, মাথু, তালকে ধৰি ডিবাং ভেলী জিলাৰ বিভিন্ন নদীৰ উৎস এইবিধ জলাশয় ৷ এই জলাশয়বোৰলৈ স্বাভাৱিকতে কোনো ৰাস্তা নাই ৷ চাবলৈ হলে খোজ কাঢ়ি যোৱাৰ বিকল্প নাই ৷ জিলাখনৰ অভ্যন্তৰত বিভিন্ন দিশত বিভিন্ন আকৃতিৰ শতাধিক হ্ৰদ থকা বুলি কোৱা হয় ৷ নামবিহীন পৰ্বতৰ উচ্চাংশত অৱস্থিত চেভেন লেক হৈছে এক সুপ্ত ৰহস্য ৷ কালি ৰেহ ফেষ্টিভেলৰ জনসভাত এই কথা ওলাইছিল ৷

আচ্‌হিছ গাঁৱলৈ আদৰণি ৷ গহীন গতিৰে আহি থাকি এইদৰে লিখা গেট এখনৰ তলেৰে পাৰ হলোঁ ৷ মুখ্য মন্ত্ৰীৰ আগমনক উদ্দেশ্য কৰি গাঁওবাসীৰ দ্বাৰা সজা হৈছে ৷ বাঁহেৰে নিৰ্মিত আদৰণী তোৰণখনেই কৈ দিলে যে আমি আচ্‌হিছ গাঁও সোমালোঁহি ৷ সুউচ্চ পৰ্বত শৃংগৰ মাজৰ ঠেক আৰু জয়াল উপত্যকাত ভাৰত-চীন সীমান্তত অৱস্থিত এয়া এখন ক্ষুদ্ৰ জনপদ ৷ বাঁওহাতে, তলত, উপত্যকাৰে ধাৱিত হৈছে ড্ৰি নৈখন ৷ সোঁহাতে সুউচ্চ পৰ্বত ৷ নৈৰ সিপাৰেও পৰ্বত ৷ সন্মুখতো পৰ্বতে দেখা দি আছে ৷ ওপৰত বৰফ ৷ মেঘবোৰে লুকা-ভাকু খেলি আছে ৷ কেমেৰা-অনুকূল দৃশ্যপট ৷

লাষ্ট বি.অ.পি. ডেমবিউন ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১১,৮০০ ফুট ৷ সীমান্তৰক্ষী ভাৰতীয় সেনাৰ আড্ডা ৷ আই.টি.বি.পি.ৰ বে'ছ কেম্প আছে ৷ আচ্‌হিছও শেষ জনপদ ৷ জনসংখ্যা ৩০ৰ ওচৰা-উচৰি ৷ বসতি সেৰেঙা ৷ শান্ত পৰিৱেশত সেনাৰ ছাউনী, স্থানীয় লোকৰ ১০-১২টা মাত্ৰ বাসগৃহ, কাৰ্যালয় দুটামান, দোকান দুখনমান ৷ নকৈ এটা চৰকাৰী টুৰিষ্ট লজ্‌ নিৰ্মাণহে হৈছে ৷ থকা-খোৱাৰ ব্যৱস্থা হৈ উঠাই নাই ৷ বচ, আমাৰ দৰে সাধাৰণ পৰিব্ৰাজকৰ দৃষ্টিত ডেমবিউন, আচ্‌হিছ ইমানেই ৷ বাকী প্ৰকৃতিৰ মায়াজাল ৷

পীনোন্নত শিখৰেৰে এইফালৰ চিত্ৰবৎ পৰ্বতৰাশি, তধা লগোৱা প্ৰাকৃতিক দৃশ্যৰাজি ৷ সেমেকা, প্ৰদূষণমুক্ত, সুস্বাস্থ্যকৰ জলবায়ু ৷ উশাহ টানি আৰাম লাগিছে ৷ ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ হিল্‌ ষ্টেচন বোলা যায় ৷ সীমান্তৰ অদমনীয় উত্তেজনা আৰু হেঁপাহত আহি আহি এই শেষ সীমা চুলোঁহি ৷ ইয়াৰ পৰা আগলৈ যোৱাৰ উপায় নথকা নহয়, আছে ৷ ৰাস্তাহে নাই ৷ পদচালনা অবিহনে আগ বঢ়াটো অসম্ভৱ ৷ আনিনিৰ এম.এল.এ. মপি মিহু ডাঙৰীয়াই দিয়া মেমৰেণ্ডামৰ উত্তৰত মুখ্য মন্ত্ৰী ডাঙৰীয়াই কালি ভাষণত আচ্‌হিছৰ পৰা বিয়ানলিলৈ পথ নিৰ্মাণৰ আশ্বাস দিছে ৷ ভৱিষ্যৎ কালত, পৰৱৰ্তী আগমনত আমিও হয়তো সিমানখিনি অনায়াসে এক্সপ্লৰ কৰিব পাৰিম, গাড়ীত বহি ৷ ট্ৰেকিঙৰ পৰিকল্পনা নথকাত এতিয়া ইমানতেই ৰব লাগিব ৷

১৯৬২ চনৰ চীনো-ইণ্ডিয়ান ৱাৰৰ সময়ত ৱালং আছিল পূব থিয়েটাৰ ৷ টাৱাং আছিল পশ্চিম থিয়েটাৰ ৷ আনিনি, টুটিং, মেন্‌-চু-খা, তাক্‌চিং আদি মাজৰ জেগা ৷ চীনা আগ্ৰাসন প্ৰতিৰোধৰ অৰ্থে টাৱাঙৰ পৰা ৱালঙলৈকে চীন-ভাৰত সীমান্তত সৈন্য মোতায়েন কৰা হৈছিল ৷ নেফাত অসম ৰাইফলছে শিৱিৰ স্থাপন কৰি সীমান্ত নিৰীক্ষণ কৰিছিল ৷ তাক্‌চিং (১০,৫০০ ফুট), ডম্‌লা (১৭,০৬০ ফুট), কৰ্‌ব (১১,৮১১ ফুট), মালিনে (৯,৮৪২ ফুট), মিপিডন (৫,৫৭৭ ফুট), জাচাপ (৯,১৮৬ ফুট), গেম্‌ছৰামৰ লগতে ডেমবিউনতো শিৱিৰ পতা হৈছিল বুলি দীপ্তি ভাল্লা, কুনাৰ বাৰ্মাৰ ব্ৰহ্মাজ ক্ৰিয়েশ্বন (২০১১ চন) গ্ৰন্থত পঢ়িবলৈ পাইছোঁ ৷ গম পাইছোঁ, চীনা যুদ্ধত ডেমবিউন আছিল অন্যতম বেহু ৰচনাকাৰী স্থান ৷ সেই ডেমবিউনতে এই মুহূৰ্তত উপস্থিত হৈছোঁ ৷

ভাৰত-চীন সীমান্তত বসতি কৰা গাঁওবাসীয়ে দাবী কৰিছিল যে চীনা যুদ্ধৰ সময়ত চাইনিজ পি.এল.এ.ই তাকচিং, মেন-চু-খা, আনিনি আদিৰ গিৰিপথেৰে সৈন্যবোৰ পঠাইছিল ৷ ব্ৰিটিছে জন্ম দিয়া মেকমোহন লাইন আৰু চীনে উদ্ভাৱন কৰা লাইন অফ্‌ একচুৱেল কণ্ট্ৰলৰ কাষৰীয়া স্থানসমূহত কেম্প কৰি অধিকসংখ্যক জোৱান নিৰ্দেশৰ অপেক্ষাত আছিল ৷ যুঁজখন দীঘলীয়া হোৱা হলে চীনে কেইবাটাও দিশৰ পৰা একে সময়তে ভয়াৱহ আক্রমণ ৰচনা কৰিলেহেঁতেন ৷ কিন্তু ১৮ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈ চলা ২৯ দিনীয়া ভয়ংকৰ গুলীয়াগুলী; ৱালং, বমডিলাৰ পতনৰ অন্তত হোৱা যুদ্ধ বিৰতিৰ পাছত সৈন্য অপসাৰণ কৰিলে ৷ ১৯৫৯ চনৰ ২৩ জানুৱাৰীত এইফালে উত্তৰ-পূৰ্বাঞ্চলৰ নেফা আৰু সিফালে লাডাখৰ আকচাই চীনৰ ৪০,০০০ বৰ্গ কিল'মিটাৰ ভূমি চীনৰ বুলি চৌ এন-লায়ে চৰকাৰীভাৱে দাবী উত্থাপন কৰিছিল ৷ তাক লৈ অঁৰিয়া-অঁৰিৰ আজিওজানো অন্ত পৰিছে !

বি.অ.পি.ৰ প্ৰায় সন্মুখেৰে বাঁওহাতে তললৈ কেঁচা ৰাস্তা এটা নামি গৈছে ৷ মূল পথটোৰ ওপৰত বাঁহৰ হেঙাৰ আৰু সোঁহাতে তালাচী চকী দেখিছোঁ ৷ সেনাৰ জোৱানো চকুত নপৰাকৈ থকা নাই ৷ সেইফালেই সৈন্যৰ ছাউনী আছে, অফিচ আছে ৷ জিপচি, মিনি ট্ৰাক, জুই নুমুৱা গাড়ীও সষ্টম হৈ আছে ৷ মুখ্য মন্ত্ৰী অহাৰ বাবে আজি কোনো চেকিং-তেকিং, সোধ-পোছ নহব নেকি ! অন্যথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ আহিব লাগে ৷ কেমেৰা, হেণ্ডিকেম আদি জব্দও কৰা হয় ৷ মই মোৰ কেমেৰাটো খুব সাৱধানে লৈছোঁ যাতে সতকাই ধৰিব নোৱাৰে ৷ সেনাৰ চকুত ধূলি দি হলেও পিক্‌নিক্‌ স্পট পোৱাবই লাগিব ৷ কোনো কাৰণতে জমা দিব নোৱাৰি ৷ নহ'লে কোঙা হৈ যাম ৷ মনত আছে, ষ্টীলৱেল পথেৰে পাংচু পাছলৈ যাওঁতে নামপঙৰ পৰা ১২ কিলমিটাৰ নিলগৰ লাষ্ট বৰ্ডাৰ পষ্টত সঞ্জুৱে সাংবাদিকৰ কাৰচাজিৰে নিষিদ্ধ এলেকালৈ টোঁৱাই ফটো ক্লিক কৰাত কৰ্তব্যৰত জোৱানে খেদি আহিছিল আৰু মনিটৰত বাছি বাছি মুহূৰ্ততে ডিলিট কৰাইছিল ৷ কেমেৰা সামৰিবলৈও সকীয়াই দিছিল ৷ মেন্‌-চু-খাৰ য়াৰলুং পষ্ট, কিবিথু, কাহো আদিতো পাই আহিছোঁ একেই সকীয়নী ৷ ভাৰত-বাংলাদেশ সীমান্তৰ তামাবিলততো হুইছেল বজাই হাহাকাৰ অৱস্থা ৷ হেন জানি ইয়াত আৰম্ভণিৰে পৰাই সাৱধান হৈছোঁ ৷

বচ্চনে আমাৰ অল্টখন ধীৰে ধীৰে আগুৱাই নিছে ৷ একেবাৰে তললৈকে নমাই নিনি সুবিধাজনক এঠাইত ঘূৰাই ৰাখিলে যাতে উঠি অহাত একো দিগদাৰ নহয়, ওলাই অহাত নিজেও বাধা পোৱা নাযায় আৰু আনৰ কাৰণেও কোনো প্ৰকাৰে অসুবিধাৰ সৃষ্টি নহয় ৷ ভাল ড্ৰাইভাৰৰ লক্ষণ ৷ (ক্ৰমশঃ)

Friday, 22 May 2020

৭.৯ আংৰিং ভেলীৰ মিঠা পৰশ


গাড়ীত বহি থকাৰ পৰাই দেখা পাইছোঁ, পথৰ দাঁতিত পাহাৰৰ এঢলীয়াত কিবা কৃষি-কৰ্মৰ আয়োজন চলিছে ৷ অৰ্গেনিক কিৱি ফাৰ্মিং বুলি কলে বচ্চনে ৷ আমাৰফালে এইবিধ ফলৰ উৎপাদন শূন্য ৷ মধ্য অৰুণাচল ভ্ৰমণ কৰোঁতে জিৰোৰ আশে-পাশে প্ৰথমবাৰ দেখা পাইছিলোঁ ৷ ঢোকা আৰু টানি ৰখা তাঁৰ কিছুমানত গছবোৰ প্ৰত্যক্ষ কৰিছিলোঁ ৷ কিৱি ফল ভিটামিন চি, ভিটামিন কে' আৰু ভিটামিন ইৰ ভাণ্ডাৰ ৷ ৰক্তচাপ নিয়ন্ত্ৰণ, কেঞ্চাৰ আৰু কিডনী ষ্ট'ন প্ৰতিৰোধ, কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰি স্বাস্থ্যৰ উপকাৰী আৰু ভালেমান গুণ আছে বুলি শুনিছোঁ ৷ ইটালী, নিউজিলেণ্ড, চিলী আদি দেশত প্ৰচুৰ পৰিমাণে হয় ৷ ১৯০৪ চনত চীনৰ পৰা গুটি লৈ উভতি অহা নিউজিলেণ্ডৰ শিক্ষক এজনে এই ফলবিধৰ প্ৰচলন আৰম্ভ কৰিছিল ৷ দেশখনৰ ৰাষ্ট্ৰীয় পখীৰ নামেৰেই নামকৰণ কৰা হৈছিল ৷
কমলা আৰু আপেলৰ উপৰি এই ফলৰ খেতি অৰুণাচলত বহুতেই কৰিবলৈ লৈছে ৷ ৰেহ ফেষ্টিভেলৰ সভাত কালি মুখ্য মন্ত্ৰী পেমা খাণ্ডু মহোদয়ে নিজৰ ভাষণত আনিনিৰ কিৱি সম্পৰ্কে উল্লেখ কৰিছিল ৷ তৎমুহূৰ্তে মোৰ মানস-পটত দোলা দিছিল মেন্-চু-খা বজাৰৰ বেকাৰী দোকানত সেইবাৰৰ অন্যতম ভ্ৰমণসংগী দীপকদাই কিনা কিৱিৰ পেকেটটো ৷ পাছদিনা শ্বিংয়ংলা ট্ৰেকিঙত জংঘলৰ মাজত ভগাওঁতে ময়ো এটা খাবলৈ পাইছিলোঁ ৷ উঃ, কি সুস্বাদু, মঙহাল আৰু ৰসাল ! এতিয়া চকুৰ সন্মুখত কিৱি ফাৰ্মিঙৰ যো-জা দেখিয়ে সোৱাদটো যেন জিভালৈ আপোনা-আপুনি আহি গল ! আনিনিৰ কিৱি এটামান কিবাকৈ চাকি চাবলৈ পোৱা হলে !
অকোৱা-পকোৱা ঠেক বাটেৰে আধা ঘণ্টামান একেৰাহে চলাই অহাৰ পাছত বচ্চনে এঠাইত ব্ৰেক মাৰিলে ৷ চিনাকি এঘৰ আছে হেনো ৷ পিছে মানুহহে নাই ! ফেষ্টিভেললৈ গল নে খেতিলৈ গল নে আচ্‌হিছলৈকে গল, জানিব পৰা নগল ৷ পথৰ দাঁতিতে বেং ছতাৰ আকৃতিৰ খেৰ-বাঁহৰ চালিৰে চাং এখন ৷ বহিবৰ কাৰণে গছৰ কুন্দাৰ পৰা কাটি উলিওৱা আসন কিছুমান পাতি থৈছে ৷ বহি চালোঁগৈ এখন্তেক ৷ মনটো জুৰ পৰিল ৷ মষ্টেৰ চোতালত অনিয়াই এনেকুৱা ব্যৱস্থাকেচোন ৰাখিব পাৰা ৷ আচ্ছা ছে দেখ ল উনুকিওৱাৰ লগে লগে তাই মূৰ দুপিয়াই শলাগিলে, ঠিক কহা আপ ৷ আইডিয়া ৷ফটো তুলি লোৱা হল ৷ পাছত কামত আহিব ৷
সেউজ বাঁহনিৰ মাজেৰে আগুৱাই তাৰ পৰা পাঁচ মিনিট গৈছোঁ কি নাই, প্ৰকাণ্ড মেঠোন এটা আগেদি পাৰ হব ধৰিলে ৷ আজি ইহঁতৰ উছৰ্গাৰ দিন ৷ ভাগ্য ভাল, ইয়াৰ পাল নপৰাকৈ বাচিল ৷ কিছু ৰসিকতা মেঠোনক লৈ ৷ লোদোৰ-পোদোৰ কলীয়া প্ৰাণীটো সোনকালেই একাষৰীয়া হল যেনিবা ৷ গাড়ী আগ বাঢ়িল নিৰ্বিঘ্নে ৷
এইবাৰ আগত এখন দীঘল বেইলী ব্ৰীজ ৷ এইমূৰে, দলঙৰ গুৰিতে পহৰাৰত সেনাৰ দুই বন্দুকধাৰী জোৱান ৷ ৰাজ্যৰ মুখ্য মন্ত্ৰীকে আদি কৰি শীৰ্ষ আমোলা-অতিথিসকলে কালিৰে পৰা সেইফালে বাহৰ পাতি আছে হেতুকেই চাগৈ নিজানত, ঠাণ্ডাক আওকাণ কৰি এওঁলোকে এনেকৈ ডিউটি কৰি থাকিবলগীয়া হৈছে ৷ আন দিনা দেখা পোৱা নাযায় বুলি কলে বচ্চনে ৷
শিলাময় বুকুৰে খৌ খৌ শব্দ তুলি কোবাল বেগে বৈ আহিছে নৈখন ৷ জলস্ৰোতটোৱে আমি বিচাৰি অহা সুৰৰ সন্ধান পাই যোৱাৰে ইংগিত বহন কৰা যেন অনুমান হ'ল ৷ ৰিভাৰ কা নাম ক্যা হে ? ড্ৰি ৷ সঁচাকৈয়ে পাই গলোঁ ৷ ড্ৰি এইখন ৷ সিদিনা আহোঁতে আনিনি পোৱাৰ পূৰ্বে এমবলিনত পাৰ হৈছিলোঁ আন্ধাৰে-মুন্ধাৰে ৷ এই নদীৰ উচ্চাংশতেইতো আছে আচ্‌হিছ ৷ ঘৰত গুগুল মেপ খুঁচৰি গম পাইছিলোঁ ৷ মাথুনলিত ড্ৰি আৰু মাথুৰ পানী মিলি ড্ৰি নামেৰেই বৈ থাকি ইটালিনত তালক পাই সমুদায় ডিবাং হৈছে ৷
ড্ৰিৰ পাৰে পাৰেই এতিয়া চলিছে আমাৰ সীমান্তমুখী এড্‌ভেন্সাৰ যাত্ৰা ৷ এইটো দৰাচলতে এটা সীমান্ত পথ ৷ সীমান্ত পৰ্যটনৰ অন্য এক ধৰণৰ স্বাদ আছে, এক ধৰণৰ মাদকতা আছে ৷ এবাৰ নিচা লাগিলে সহজে এৰা টান ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তই বাৰে বাৰে হাত-বাউল দি থাকে ৷ দূৰগম্য, কষ্টগম্য, অগম্য, একো কথা নাই ৷ মনেও বিনা-প্ৰতিবাদে মানি লয় যে দেশৰ মুখ্যভূমিৰ পৰা নিলগত, সুদূৰত, সেইবোৰ নিতান্তই স্বাভাৱিক কথা ৷ এনেকুৱা আকৰ্ষণৰে বশৱৰ্তী হৈ এতিয়ালৈ ভাৰত-বাংলাদেশ, ভাৰত-ম্যানমাৰ, ভাৰত-নেপাল আৰু ভাৰত-চীন সীমান্তৰ সম্ভৱপৰ অঞ্চল কিছু গৰকিছোঁ, নিজ চকুৰে এলেকাবোৰ দৰ্শন কৰিছোঁ ৷ ট্ৰেভেলগ লিখিছোঁ ৷ পৰিব্ৰাজক জীৱনৰ এইবোৰেই আনন্দ-অভিজ্ঞতা ৷ এতিয়াও অন্য এক সীমান্ত পথে পথে ৷ দেশৰ এই প্ৰান্তীয় এলেকাত ভ্ৰমি ফুৰিবলৈ আনিনিয়ে, ৰে'হ ফেষ্টিভেলে সুযোগ আনি দিছে ৷ আগত লাষ্ট বৰ্ডাৰ আউট পষ্ট ডেমবিউন, শেষ গাঁও আচ্‌হিছ আছে বুলি জানো ৷ চকুৰ আগলৈ আহিবলগীয়া প্ৰকৃতিৰ ৰূপ কেনে হ'ব সেয়া হ'লে মুঠেও নাজানো ৷
পৰিৱেশ সম্পৰ্কীয় পৰ্যটন অৰ্থাৎ ইক-টুৰিজিমৰ লগতে সীমান্ত পৰ্যটনৰ প্ৰতি আগ্ৰহী দুঃসাহসীৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছে ৷ এক কথাত কবলৈ গলে বৰ্তমান সময়ত খৰতকীয়াভাৱে বিকাশশীল হৈ উঠিছে পৰ্যটনৰ দুঃসাহসিক ক্ষেত্ৰ বা ভাগটো ৷ ৰোমাঞ্চকৰ, শিহৰণকাৰী ট্ৰেকিং-কেম্পিং-এড্‌ভেন্সাৰ যত অৱধাৰিত ৷ অৰুণাচল প্ৰদেশত বৰ্ডাৰ টুৰিজিমৰ সুযোগ আটাইতকৈ বেছি কিয়নো ৰাজ্যখনৰ বৰ্তমানে থকা জিলাসমূহৰ ভিতৰত নামচাই, লোহিত, ইষ্ট চিয়াং, লৱাৰ সোৱণশিৰি আৰু পাপুম পাৰেক বাদ দি অন্য ১৪খন জিলাই ভূটান, চীন নতুবা ম্যানমাৰ এই তিনি চুবুৰীয়া ৰাষ্ট্ৰৰ কোনোবা নহয় কোনোবাখনৰ সৈতে ইণ্টাৰনেশ্বনেল বৰ্ডাৰৰ ভাৰতীয় অংশীদাৰ ৷ এইটোৱেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যখনৰ অৱস্থানগত গুৰুত্ব আৰু দায়িত্ব কিমান তাকো প্ৰতিপন্ন কৰে ৷
গাড়ীৰ গতিৰ লগে লগে আমি ইটো-সিটো পাতি আছোঁ ৷ মনে মনে অনেক কিবাকিবি গুণা-গঁথাও কৰি আছোঁ ৷ তাংগা ২, আৰআদি গাঁও পাৰ হলোঁ ৷ এঠাইত দেখা গল গোটা বাঁহেৰে সজা দীঘলীয়া বেৰা ৷ ৰাস্তাৰ কাষে কাষে বহু দূৰ পৰ্যন্ত দি ৰাখিছে ৷ এইফালে বাঁহবোৰ গোটা-গোটে ব্যৱহাৰ কৰাটো সহজেই লক্ষ্যণীয় ৷ ৰেহথলীৰ চাংঘৰটোও গোটেইটো গোটা বাঁহেৰেই সাজিছে ৷ ইদুসকলৰ জীৱনশৈলীৰ ই এক বিশেষত্ব যেনেই লাগিছে ৷ আবাসী জনসংখ্যাৰ তুলনাত বাঁহগছৰ পয়োভৰ ইমানেই বেছি ! কথাটো এই দৃষ্টিকোণেৰেও গমি চাইছোঁ ৷
নৈপৰীয়া অৰণ্য বতাহত হালিছে-জালিছে ৷ মোৰ মনতো অনেক ভাবৰ বুৰবুৰণি উঠিছে ৷ দূৰত, পৰ্বতৰ কোলাত কেইটামান মাত্ৰ ঘৰ পাওঁ ৷ সংখ্যাত তাকৰ যদিও সেয়া একোখন গাঁও হব ৷ এই ৰাস্তাটোত আমি পাৰ হোৱা এনেকুৱা প্ৰতিটো জনপদেই পাহাৰৰ মাজত অৱস্থিত ৷ প্ৰাকৃতিক পটভূমিত মানুহৰ গ্ৰাম্যবসতি দূৰৰ পৰাই পৰিলক্ষিত হৈছে ৷ এনে লাগিছে যেন একো একোখন কাৰুকাৰ্যখচিত অভিনৱ তৈলচিত্ৰ ! সংখ্যাত তাকৰীয়া যদিও এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ গাঁওবোৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা দেখিছোঁ ৷
আমাৰ কাৰবি আংলং জিলাৰ দুৰ্গম সিংহাসন পাহাৰত এনেকৈ সিঁচৰতি হৈ থকা গাঁওবাসীৰ মাত্ৰ কেইটামান ভোট আনিবৰ কাৰণে নিৰ্বাচনৰ সময়ত শক্তিমান ট্ৰাকত উঠি, হাতীৰ পিঠিত বহি, খোজ কাঢ়ি, পাহাৰীয়া জান-জুৰি অতিক্ৰম কৰি নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত লোকসকল যাবলগীয়া হয় ৷ শুনিলোঁ, এইফালে আনিনিত কথাটো একাঠী চৰাহে ৷ এটা মাত্ৰ ভোট আনিবলৈ নিৰ্বাচনী কাৰ্যালয়ে দল প্ৰেৰণ কৰিবলগীয়া হয় ৷ জেগা গৈ পোৱাটোও কম দুঃসাধ্যকৰ নহয় ৷ আনিনি সমষ্টিৰে চিপ্পি গাঁও অন্য এক উদাহৰণ ৷ পোলিং পাৰ্টীয়ে আনেলি, থিই, এংগেলিন, এৱকাত একো নিশাকৈ পাঁচনিশা কটাই পাঁচদিনীয়া পদযাত্ৰাৰ অন্তত পায়গৈ সেই গাঁও ৷ তাৰ পাছত ভোট গ্ৰহণ ৷ ক'ৰবাত ক'ৰবাত ভোটাৰ ১ !
এলিনেপালোঁহি ৷ এলিনেক এল.জি. বুলিও কোৱা হয় ৷ এল.জি. মানে এড্‌ভান্সড্‌ লেণ্ডিং গ্ৰাউণ্ড হেনো ৷ মই বোলোঁ তেনেহলে এ.এল.জি.হে হব লাগিছিল, এল.জি. কেনেকৈ ? অৰুণাচল প্ৰদেশৰ ৱালং, মেন্‌-চু-খা, জিৰো, পাচিঘাট, আল', টুটিং, বিজয়নগৰ আদিত এ.এল.জি. আছে ৷ নহয় বোলে, এল.জি. ৷ নুবুজিলোঁ ৷ এল.জি., এ.এল.জি. যিয়েই নোবোলক, কেৱল এটাই বুজিলোঁ, সেউজ বনভূমি আৰু সুন্দৰ মনোহৰ উপত্যকাৰে এই মনোৰম এলেকাটোৱে হৃদয়ৰ সকলো শক্তিৰে আমাক নিশ্চয়কৈ আহ্বান জনাইছে ! সেই আহ্বানে প্ৰতি পলে পলে উদ্দেলিত কৰি তুলিছে আমাৰো হৃদয়-মন ৷ এল.জি.ত এটা চৰকাৰী অতিথিশালা আছে ৷ থকা-খোৱাৰ ব্যৱস্থা আছে ৷ ইয়াৰ পৰা আমাৰ লক্ষ্যস্থান আচ্‌হিছলৈ দূৰত্ব ৯ কিলমিটাৰ ৷
শুনামতে, সীমাহীন প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ্অৱস্থিত এই এলিনে' লেণ্ডিং গ্ৰাউণ্ড অৰ্থাৎ এল.জি.তে অতীজত কাৰ্গো বিমানত অহা মানুহবোৰ নামিছিল ৷ ড্ৰিৰ ওপৰত দলং নাছিল ৷ আছিল দীঘলীয়া হেঙিং ব্ৰীজ ৷ এল.জি.ত নামি ওলমা সেতুৰে নৈখন পাৰ হৈ আনিনিলৈ যাব লাগিছিল ৷ গাড়ী আছিল ৪খন মাত্ৰ ৷ ৰাস্তাও পকা হোৱা নাছিল ৷ সেই অৱস্থাতকৈ এতিয়া বহুখিনি ভালেই পাইছোঁ আহি ৷ ক'তো নামিবলগীয়া হোৱা নাই ৷
প্ৰদূষণশূন্য চৌপাশ ৷ নিৰ্মল বতাহ ৷ মেঘাচ্ছন্ন আকাশ ৷ আংৰিং ভেলী পালোঁহি ৷ ঠাইখিনিক এ. ভেলী বুলিও কয় ৷ যিমান পাৰোঁ এফালৰ পৰা চাই চাই গৈ আছোঁ ৷ চকুৰ টিপ মাৰিবলৈকো যেন এৰি দিম ! মনতে ধাৰণা হৈছে, এইবোৰেই চাগৈ সৃষ্টিকৰ্তাৰ প্ৰিয় ঠাই ৷ লোকচক্ষুৰ আঁৰত গোপনে, নীৰৱে লুকুৱাই ৰাখি থৈছে তেৰাই ৷ ছবিতকৈওচোন সুন্দৰ ৷ এইটো ঠিক যে আনিনিৰ ওচৰ-পাজৰৰ এলেকাবোৰৰ তথ্য আজিও অপৰ্যাপ্ত নহয় ৷ তথাপিতো পাৰ্বত্য পৰ্যটনৰ নিঃসন্দেহে উৎকৃষ্ট স্থান ৷ পিক্‌নিক্‌ স্পটৰ অভাৱ নাই ৷ ইউটিউবাৰ আহি নোপোৱা জেগা ৷ লীয়া পাহাৰ, টকলা পাহাৰ, মেঘে ঢকা শৃংগ, প্ৰশস্ত উপত্যকা, ৰঙচুৱা ঘাঁহনি, ওখ বিহলঙনি ৷ ৰাস্তা মাজে মাজে বেয়া ৷ লেণ্ডস্লাইড জনো পাই আহিছোঁ ৷ আংৰিং ভেলী পাওঁতে প্ৰকৃতিয়ে অনন্য ৰূপ ধাৰণ কৰিলে ৷ ক'ত সোমাই পৰিলোঁ যেন লাগি গ'ল ৷
পৰ্বতবোৰ কিবিথুৰফালৰ দৰে লাগিছে মোৰ ৷ সকলোৱে শুনাকৈয়ে কৈ দিলোঁ ৷ কিবিথু, দ্যা লেণ্ড অফ্‌ ফেণ্টাচি ৷ ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অন্তিম বৰ্ডাৰ পষ্ট সেয়া ৷ উচ্চতা ১১,০০০ ফুট ৷ থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথু অঞ্চল ৷ শীতল-মনোহৰ, ধূলি-মাকতিহীন, স্বাস্থ্যকৰ জলবায়ু ৷ ভাৰত-চীন সীমান্তৰ আঞ্জাৱ জিলাৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি দাঁতিয়েদি বৈ গৈছে লোহিত নৈখন ৷ আচ্‌হিছ পথৰ প্ৰাকৃতিক দৃশ্যবোৰে, আংৰিং ভেলীয়ে কিবিথুলৈ মনত পেলাইছে ৷ মনে মনে তুলনা কৰিব ধৰিছোঁ ৷
অৰুণাচল প্ৰদেশৰ প্ৰায় ৮০ শতাংশ মাটি বিভিন্ন প্ৰকাৰৰ অৰণ্যৰে আৱৰা ৷ কোনো কোনো বনাঞ্চল ইমানেই গভীৰ যে সূৰ্যৰ কিৰণেও ভূমি স্পৰ্শ কৰিবলৈ অপাৰগ ৷ হাবিৰ মাজত বেছি দূৰলৈকো দেখা পোৱা নাযায় ৷ কিবিথুৰ জংঘল দেখিছোঁ ৷ মধ্য অৰুণাচলৰ সোৱণশিৰিপৰীয়া অৰণ্যতো সোমাইছোঁ ৷ মেন্‌-চু-খাৰ আশে-পাশে জংঘলবোৰ সকলোতকৈ বেছি ঘন ৷ শীৰ্ষৰ পৰা চালে সহজে বুজা যায় ৷ হাজাৰ হাজাৰ কিলমিটাৰজোৰা জংঘল যিমানেই ডাঠ আৰু গভীৰ হৈ পৰে সিমানেই ভয়ংকৰ ৰূপত ধৰা দিয়ে ৷ বনাঞ্চলৰ ভিতৰত বহুতো ওখ ওখ পৰ্বতশৃংখলা ৷ শৃংগবোৰৰ উচ্চতা ১৫,০০০ ফুট পৰ্যন্ত ৷ এইফালে টকলা, ক'লা পাহাৰ দেখি স্বাভাৱিকতে প্ৰশ্ন হৈছে, কয়লাৰ ভাণ্ডাৰ থাকিব পাৰে নেকি ? আনিনিত আছে বুলি শুনিছিলোঁ ৷ দেখাগৈ নাই ৷ চাব পাৰিলে ভাল আছিল ৷ সেয়া নিৰ্ভৰ কৰিব চ'ক' তায়ু আৰু বচ্চন মিপিৰ সঁহাৰিৰ ওপৰত ৷

অবিশ্বাস্যভাৱে ঘন অৰুণাচলৰ জংঘলে পৃথিৱীক পৰিশ্ৰান্ত কৰি আহিছে ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত, ১৯৪২ চনত আমেৰিকান সেনাৰ এটা পল্টন জংঘলৰ পৰা নিৰুদ্দেশ হৈছিল ৷ ১৯৪৪, ২০০৬, ২০০৮, ২০০৯, ২০১১, ২০১৫ চনত অৰুণাচলৰ আকাশত বিমান, হেলিকপ্টাৰ, সুখই এছ.ইউ-৩০ ফাইটাৰ জেট দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ ২০১৯ চনৰ ৩ জুনতো এ.এন.-৩২ বিমান মেন্‌-চু-খাৰ জংঘলত হেৰাই গৈছিল ৷ কমিউনিকেচন চিষ্টেম ফেইল হৈছিল ৷ কোনো ৰেকৰ্ডিং সম্ভৱ নহয় ৷ তেনেস্থলত কেনেকৈ সন্ধান উলিয়াব পাৰে ? ইণ্ডিয়ান এয়াৰ ফৰ্চৰ হেৰাই যোৱা এয়াৰক্ৰেফ্‌ট বিচাৰি হাহাকাৰ অৱস্থা ৷ অন্তৰীক্ষত স্থাপিত শক্তিশালী ছেটেলাইট, যি মাটিৰ ভিতৰত লুকাই থকা বস্তুকো দেখুৱাই দিয়ে, সিও কাৰ্যতঃ নিষ্কাম হৈ পৰিছিল ৷ ইমান ডাঙৰ বনাঞ্চলত মবাইল টাৱাৰ প্ৰতিষ্ঠা কৰাটোও সম্ভৱ কথা নহয় ৷ গতিকে নেটৱৰ্ক পোৱাৰ প্ৰশ্নই নাই ৷ মবাইলে কাম নকৰে ৷ বিচাৰি যাবলৈ জংঘলৰ ভিতৰত ৰাস্তা উলিওৱা ইমানেই মস্কিল আৰু অনিশ্চিত যে পাহাৰতলী পাবৰ বাবে অনেক দিন লাগি যায় ৷ অৰুণাচলৰ দুৰ্গম অৰণ্যৰ স্বৰূপটো এনেকুৱা ৷ সৰহ মানুহৰ পদস্পৰ্শ এতিয়াও বহুপিনে পৰাই নাই ৷ পৰাটো সহজো নহয় ৷ তুলনামূলকভাৱে জংঘল কম দেখিছোঁ যদিও এইপিনেও একেই কথা ৷
অৰুণাচলৰ গভীৰ অৰণ্যৰ অভ্যন্তৰত লুকাই থকা অবুজ ৰহস্যই সমগ্ৰ বিশ্বকে শিহৰিত আৰু চিন্তিত কৰি আহিছে ৷ সুউচ্চ পৰ্বত আৰু জলাশয়েৰে পৰিপুষ্ট বনাঞ্চলসমূহ বিশেষত্বপূৰ্ণ বাবেই বছৰ বছৰ ধৰি কাৰণ ব্যাখ্যাহীন হৈ আছে ৷ যাৰ বাস্তৱ সত্য অদ্যাপি উদ্ঘাটিত হোৱা নাই ৷ দুৰ্গম জংঘলৰ ভিতৰত এনেকুৱা কি অদৃশ্য শক্তি লুকাই আছে, যি আকাশেৰে উৰি যোৱা বিমানক ভেলেকি-বাজি দেখুৱাই টানি লৈ যায়, সেয়া আজিও অজ্ঞাত ৷ জানিবলৈ তেনে বিমানৰ অংশবিশেষো পাব পৰা অৱস্থাত নাথাকে ৷ ওপৰেদি উৰি যোৱা আকাশীযানৰ বাবে অৰুণাচলৰ একাংশ বনাঞ্চল যেন চক্ৰবেহু ! এইবোৰৰ ওপৰেৰে উৰা বিমানে মূধচত খুন্দা মৰাৰ সংশয়, হেৰোৱাৰ ভয় এটা সদায়ে থাকেই ৷ এনেকুৱা ঘটনাৰ বাবে বহুতেই অৰুণাচলৰ অৰণ্যক বাৰ্মুদা ট্ৰায়েংগলৰ সৈতে ৰিজায় ৷ বহুতে পৃথিৱীৰ ব্লেকহল বুলিব খোজে ৷ ভাবিলে এনেকুৱা লাগে, কৰবাত নহয় কৰবাত যেন এটা এনেকুৱা অজ্ঞাত শক্তি লুকাই আছে যি নিৰুদ্দেশ কাণ্ড বা দুৰ্ঘটনাবোৰ সংঘটিত কৰি আহিছে ৷ কিন্তু কি সেয়া ? সঠিক উত্তৰ নাই ৷ অনুমানহে আছে ৷
শুনামতে, দুপৰীয়াৰ পাছত পৰ্বতৰ ওপৰ অংশত ১০০ মাইলতকৈ অধিক বেগেৰে বতাহ বলে ৷ সেই কাৰণে পাইলটে নিজৰ ৰাস্তা পাহৰে ৷ সন্তুলন হেৰাই যায় ৷ তেনে বতাহৰ কবলত পৰিয়ে বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ আকৌ, উষ্ণতাজনিত কাৰণত সন্মুখত আকস্মিকভাৱে ডাঠ ডাৱৰ সৃষ্টি হোৱাৰ ফলতো উৱাদিহশূন্য হৈ অৰণ্যপতিত হোৱা বুলিও ঠাৱৰ কৰা হৈছে ৷ বতৰৰ সঘন পৰিৱৰ্তন, ৰহস্যময় জংঘল আৰু কাৰিকৰী কাৰণত হেৰোৱা কিম্বা দুৰ্ঘটনাগ্ৰস্ত হোৱা বহু বিমানৰে আজি পৰ্যন্ত কোনো শুং-সূত্ৰই ওলোৱা নাই ৷ বেয়া বতৰৰ বাবে স্বয়ং মুখ্য মন্ত্ৰীয়ে আকাশী পথ পৰিহাৰ কৰি সাংগোপাংগসহ আনিনি, আচ্‌হিছ'লৈ স্থল পথেৰে কষ্ট কৰি আহিছে ৷ ৰাজ্যখনৰ ৰ'ড নে'টৱৰ্কৰ উন্নয়ন সাধন কিমান প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সেয়া সহজেই অনুমেয় ৷ ইফালে, পথ যোগাযোগ সুচল নোহোৱা হেতুকে আকাশী পৰিৱহণ এৰাই চলিবও নোৱাৰি ৷ এতিয়াও এনে কিছুমান জেগা আছে য'ত হেলিকপ্টাৰে খাদ্য নেপেলালেই নহয় ৷ ইমান সংশয়ৰ মাজতো এয়াৰ লিফ্‌টিং, এয়াৰ ড্ৰপিং এই ৰাজ্যত সঘন উচ্চাৰিত আৰু প্ৰচলিত শব্দ ৷
আংৰিং ভেলীৰ মিঠা পৰশে সদ্যহতে সকলো দুশ্চিন্তা তল পেলাইছে ৷ লেণ্ডস্কেপবোৰ দেখি নিজকে কোনোবা সৰগলৈ আগুৱাই নি থকা যেন অনুভৱ হৈছে ৷ আচ্‌হিছ্'লৈ আৰু সৰহ দূৰত্ব নাই ৷ (ক্ৰমশঃ)

Wednesday, 20 May 2020

৭.৮ লাল গাড়ীৰে আচ্‌হিছ অভিমুখে


গেটৰ বাহিৰত ৰঙা মাৰুতি অল্ট কাৰ এখন ৰৈ আছে ৷ বচ্চনে কোৱা লাল গাড়ী ৷ এইখন যাবনে বাৰু তালৈকে ? দেখিয়েই সংশয় উপজিল ৷ বলেৰ' হোৱা হ'লে ভাল আছিল নেকি ! ভাবিলোঁহে ৷ নকলোঁ ৷ যোগাৰ কৰিছেযে, সেয়াই বহুত ৷ ৰাস্তাটো তেওঁ জানেই ৷ বিপৰীতে, বচ্চনৰ গতি-বিধি আৰু মনৰ দৃঢ়তাইহে লক্ষ্যণীয় ৰূপ লৈছে ৷
অনিয়াও ওলাইছেচোন ! তাই যাব বুলি গমেই পোৱা নাছিলোঁ ৷ ভালেই হল, চাৰিটা হলোঁ ৷ আমি এতিয়া চব ঘৰুৱা মানুহ ৷ ৱুটাচ্ছি আৰু অৰনে খেলি আছে ৷ পিলি মেয়া আৰু য়াচ্চু মিহুক যথাৰীতি মাত লগাই ওলাই আহিলোঁ ৷ পানীৰ বটল, অৰূপদাই দি পঠোৱা ৰেইন কোট আদি ভৰাই স্কুল বেগটো লগত লৈ লৈছোঁ ৷ টুপী, হাতমোজা, ফে'চ মাস্ক আছে ৷ ৰ'য়িঙত সিদিনা কিনা শুকান খেজুৰ, পেস্তা, কাজু বাদামৰ পেকেটকেইটাও ভৰাই লৈছোঁ ৷
গম পালোঁ, চালক বচ্চন নিজেই ৷ মোক আগত বহিবলৈ ক'লে ৷ ১০ বজাত আচ্‌হিছ অভিমুখে বহু-আকাংক্ষিত যাত্ৰাটো আৰম্ভ হল ৷ তিনিজন যাত্ৰী মজুত ৷ বাকী আছে চ'ক' তায়ু ৷ ২৯ তাৰিখে নিশা ঘৰৰ পৰা বাহিৰ হওঁতে আচ্‌হিছ'তো বাদেই অানিনিয়েই অনিশ্চয়তাৰ গৰ্ভত লুকাই আছিল ৷ আনিনি উলিয়ালোঁহি ৷ আজি আচ্‌হিছ'ৰ সন্ধানত ওলাইছোঁ ৷ ইয়াৰ বাবে চ'ক' তায়ুৰ লগতে বচ্চন-অনিয়াও কৃতজ্ঞতাৰ পাত্ৰ ৷
আচৰিত, গাড়ীখন চলিব ধৰাৰ লগে লগেই পাছে পাছে ঢপলিয়াবলৈ ল'লে তিব্বেত নামৰ ধোঁৱা বৰণীয়া হৃষ্ট-পুষ্ট কুকুৰটোৱে ৷ ফিল্ডৰ কাষত আমি নোৰোৱালৈকে একেৰাহে চেঁকুৰিয়ে থাকিল ৷ মালিক-মালিকনীক যেন নেৰিবই ! ভাগ্যে গাড়ীত তুলি লোৱা নাই ইহঁতে ৷
ফেষ্টিভেল গ্ৰাউণ্ডৰ সমীপত ৰৈ ক্ষন্তেক অপেক্ষা ৷ এতিয়াহে জানিলোঁ যে অনিয়াৰ কোনোবা দুই লগৰীও যাব ৷ ঘৰৰ ওচৰৰে হেনো ৷ সিহঁত আহি আছে ৷ কি কথা ? চিট ৫টা, মানুহ হলোঁচোন ৬টা ! এডজাষ্ট কৰ লেগা বুলি কলে তাই ৷ ওচৰ বাট হোৱা হলেও কথা বেলেগ আছিল ৷ ৰাস্তাও সমান বুলিবলৈ নাই ৷ পাহাৰীয়া একা-বেঁকা ৷ কষ্ট খোৱাটো হাণ্ড্ৰেড পাৰ্চেণ্ট ৷ তথাপি নিৰ্বিকাৰ ৷ একো চিন্তাই নাই ৷ উদ্যম দুৰন্ত ৷ জেকেট-জোতা, টুপী-মাফলাৰেৰে সৰ্বশৰীৰ আবৃত কৰি ওলালহি দুই লগৰী ৷ কথাৰ পৰাই গম পাইছোঁ, সিহঁতৰ প্ৰধান আকৰ্ষণ নাৱাজউদ্দিন ছিদ্দিকী ৷ তাৰকা অভিনেতাক লগ পাব লাগে, ফটো এখন তুলিবলৈ পাব লাগে ৷ বচ ৷ গুপুত বাসনাটো ফাদিল হোৱাত জোকালোঁ অনিয়াক ৷
'চ তায়ুজী কাহাঁ হে' ?'
'কালি ৰাতি পাতিয়ে থোৱা হৈছিল ৷ ফেষ্টিভেল গ্ৰাউণ্ডত ৰৈ থকাৰ কথা আছিল ৷ অহাই নাই হ'বলা ৷ এতিয়া ফোনতো নাইপোৱা ৷ নিচ্চে মে' হ'গা লগতা হে' !'
কৈয়ে বচ্চনে দৌৰ মাৰিলে ৷ চাই আহিলগৈ ৷ কোনো শুং-সূত্ৰ নাই মানুহটোৰ ৷ এইফালে অনিয়া আৰু মই চেষ্টা চলাইছোঁহে চলাইছোঁ, নাই, ফোন নাযায় ৷ এবাৰ কিবাকৈ ৰিং হল ৷ কথা ভালকৈ নহলেই ৷ লাইন কটা গল ৷ কটা গ'ল যি গ'লেই ৷ নাপালোঁ আৰু ৷ আপদীয়া নেটৱৰ্ক ৷ কি ভাগ্যৰ ফলতযে সিদিনা ৰ'য়িঙৰ পৰা অনিয়াক ফোনত পাইছিলোঁ ! অন্যথা অন্ধকাৰত খেপিয়াই ফুৰিব লগা হ'লহেঁতেন ! ভাবিলে এতিয়াও কিবা আচৰিতেই লাগি যায় ৷
খেলপথাৰখনৰ এইটো প্ৰান্তত ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে দীঘলীয়াকৈ পকী ষ্টেপ কেইশাৰীমান সজা আছে ৷ স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস চৰকাৰী কাৰ্যসূচী, কিবা খেলা-ধূলা হ'লে তাতে বহি ৰাইজে উপভোগ কৰে ৷ সদ্যহতে, ৰাতিৰ বৰষুণে উৎসৱথলী তেনেই গেল্‌গেলীয়া কৰি পেলালে ৷ চাংঘৰটোৰ কাষতে বেতৰ টুপী আৰু গামবুট পিন্ধা লোক কেইজনমানক ৰৈ থকা দেখা গৈছে ৷ কিবা আলোচনা চলি আছে ৷ বচ্চনৰ আজি ডিউটি নাই ৷ সেয়ে আচ্‌হিছলৈ ওলাব পাৰিছে ৷ চও এইটো দায়িত্বৰ পৰা মুক্ত ৷ সাতে-পাঁচে ভাবি-গুণি তেওঁ থকা জেগালৈকে যথাশীঘ্ৰে পোনাই দিয়াৰ সিদ্ধান্ত লৈ লোৱা হল ৷ বচ্চনে ঘৰটো চিনি পায় ৷
অনিয়াই ইদু দোৱানতে কিবাকিবি ক'লে ৷ কাটালা উভতি গলগৈ ৷ ৰক্ষা ৷ এইফালে ময়ো আনিনি টাউনৰ অন্তৰ্ভাগলৈ প্ৰথমবাৰৰ বাবে সোমাই যাবলৈ উদ্যত হৈছোঁ ৷ নতুন কৌতূহল কিছুমানে বুকুত খুন্দিয়াবলৈ ধৰিছেই ৷ এপাক মাৰিলেই শেষ বুলি কৈছিল, ইদু যুৱতী সহযাত্ৰীয়ে ৷ কিন্তু কতা ? উপকণ্ঠৰ ছবিবোৰ শেষেই নহয়চোন ৷ বতৰটো ডাৱৰীয়া, সেমেকা ৷ আকাশখন গোমা ৷ বৃষ্টিৰ আগমনৰ আভাস স্পষ্ট ৷ হ'লেও যাবই লাগিব আচ্‌হিছ' ৷ ইও এক স্বপ্ন-যাত্ৰাই ৷
টাউনশ্বিপৰ ৰাস্তাবিলাক ভাল ৷ যিফালেই দেখিছোঁ শিলগুটি-চিমেণ্টৰ মিশ্ৰণেৰে মসৃণ ৷ আল্‌কতৰা কঢ়িওৱাত সমস্যা আছে চাগৈ ৷ ডাপৰিজোতো এনেকুৱা অংশবিশেষ পাইছিলোঁ ৷ এক বেগ চিমেণ্টৰ দাম কিমান বাৰু ইয়াত ? নাজানো ৷ পৰিৱেশটো পৰিষ্কাৰ ৷ দেখি কিবা এটা ভাল লাগিল ৷ হাই-উৰুমি নাই ৷ চৌপাশৰ উন্মুক্ত ৰূপ-লাৱণ্য অকণো কৃপণালী নকৰাকৈ, পূৰ্ণমাত্ৰাত উপভোগ কৰি যাব ধৰিছোঁ, য়েছে দৰজে ঠংচি ছাৰে উনুকিওৱা, 'ফটোগ্ৰাফিক দৃষ্টিভংগী' গোপনে ৰাখি ৷ হাতত খোলা কেমেৰা ৷
ডাৱৰে মাটিক চুমা যাচিছে ৷ এয়াই আনিনি ৷ ঘৰবিলাক পুৰণা হৈছে ৷ টিনপাতবোৰত মামৰে ধৰিছে ৷ কোনো কোনো চৌহদত কিবা খেতি-বাতিও দৃষ্টিগোচৰ হৈছে ৷ এটা টিলাৰ ওপৰত ডি.চি. অফিচটো ৷ বচ্চনে আঙুলিয়াই বুজালে ৷ কাষতে তেল ডিপ ৷ ১ জানুৱাৰীত মুকলি কৰা হৈছে ৷ আমি বাঁওহাতে ৰাওনা হলোঁ ৷ চ তায়ু সেইফালে থাকে ৷ বিভাগীয় কাৰ্যালয়, কোৱাৰ্টাৰ কিছুমান পাই আহিছোঁ ৷ উপকণ্ঠ এলেকাত উপস্থিত হ'লোঁহি ৷ ৰাস্তাটো ক্ৰমাৎ তললৈ নামিছে ৷ এইফালেদি জৱাহৰ নবোদয় বিদ্যালয়লৈ যায় বুলি কলে ৷ ক্ষন্তেকতে ৰাস্তাটোৱে ৰূপ সলালে ৷ বোকাময় হৈ পৰিল ৷ এঠাইত গৈ গাড়ীখন ৰৈ যাবলৈ বাধ্য ৷ সোঁমাজতে এটা বৃহৎ পুখুৰী ৷ বচ্চনে কাষেদি কাটি নিব খুজিছিল যদিও মই পূৰাদমে বাধা দিলোঁ ৷ যিহে বোকা দেখা গৈ আছে নোযোৱাই ভাল ৷ গাড়ী ঘূৰাব পৰাও নাযাব ৷ ফচি যাম ৷ চিন্তা কৰি পোৱা গল যে বিকল্প পথ এটা নথকা নহয় ৷ উঠি আহিলোঁ ৷ দ্বিতীয়টো পথেৰে সোমালোঁ ৷ এই ৰাস্তাও তথৈবচ ৷ নামি নামি গৈ এঠাইত সমাপ্ত ৷ আটাইমখা নামি দিলোঁ ৷
চ'ক' কাহাঁ বেইঠতা হে' ?’ অনিয়াই বচ্চনক সুধিলে ৷
উধৰ, নিচ্চে মে' ৷
নিচ্চে মে' মতলব কিতনা নিচ্চে ?
'ৱ' নিচ্চেৱালা ঘৰ নেহী দেখা ? উসকা বগলমে' ৷উস চাইডমে' ৷'
'কাহাঁ চুপাকে' ৰ'হতা হে' ৰে' ! যে চ'ক' ভি... !
আমি ওপৰত ৷ চ'ক' তায়ু গহ্বৰত ৷ সংযোগ সাধনৰ উপায় কি হ'ব এতিয়া ? ফোনৰতো কামেই নাই ৷ প্ৰাচীন পদ্ধতিয়ে উপায় ৷ চিঞৰ মৰা আৰম্ভ হল ৷ চ তায়ু কাহাঁ হ আপ ? আ যাও ... জলদি  ৷ অনিয়া আৰু মই বেছি চিঞৰিছোঁ ৷ বৃথা চেষ্টা ৷ পৰ্বতৰ গহ্বৰত দুখ লগাকৈ হেৰাই গৈছে আমাৰ শব্দবোৰ ৷ প্ৰত্যুত্তৰ নাই ৷ ইফালে সময় পাৰ হৈ আছে ৷ আচ্‌হিছ'ই হৃদয়ত লগাই আছে তাল্‌ফাল্‌ ৷ চ'ক'ই লগাইছে ভেজাল ৷
ক'ত গ'ল চ'ক' তায়ু ? টিনৰ ওপৰত শিলগুটি দলিয়াবলৈকো ৰেঞ্জত নাই ৷ কেনেবাকৈ ফিল্ডত ৰৈ আছেগৈ নেকি আকৌ ? লগ নাপালে কি হ'ব ? এৰি থৈ যোৱাৰ কথাও ভাবিব নোৱাৰি ৷
দ্বিতীয় প্ৰচেষ্টা ৷ আগতকৈও বেছিকৈ, যিমান জোৰত পাৰি সিমান জোৰত চিঞৰিব লাগিব ৷ হাত দুখনেৰে মুখৰ আগত চুঙাৰ দৰে কৰি লৈছোঁ ৷ ঠিক যেন স্কুলীয়া দিনত বিশেষ কায়দাৰে লগৰীয়াক মৰা গগন ফলা আৰ্তনাদৰ অন্যৰূপ ! বহুত দিন, বছৰ বছৰ, এনেকৈ টেঁটু ফালি পোৱা নাই ৷ এতিয়া পাৰ্যমানে চেষ্টা কৰিছোঁ ৷ লাগি লাগি ধৰিছে ৷ কাহ উঠি গৈছে ৷ নেলু বিষাইছে ৷ হাঁহিও উঠিছে ৷ খুবমতে উপভোগ কৰিছোঁ আকস্মিকভাৱে আহি পৰা অৱস্থাটো ৷
'এই কথাই কথা নহয় ৷ লাষ্ট ট্ৰাই কৰেগা ৷' শ্বৰ্টকাট মাৰি অনিয়া আৰু এক লগৰী আৰু কেইখোপমান তললৈ নামি গল ৷ সেইখিনিৰ পৰা আকৌ লগাইছে গছৰ পাত সৰা চিঞৰ ৷ চ'ক'অ'অ', ঐ চ'ক'অ'অ'... ৷ নিজৰ দোৱানতো কৈছে কিবাকিবি ৷ ময়ো ওপৰৰ পৰা লগ দি আছোঁ ৷  তায়ুজী আ যাও জলদি ৷ বচ্চনে সিফালৰ পৰা কম ভলিউমত সুৰ লগাই ফুচুৰি মাৰি আছে ... নেহী ত' চ'ৰকে চলা যাউংগা... ৷
ভাগ্য ভাল, কিবাকৈ চৰ কণামাকৰি সৰিল যেনিবা ৷ অনিয়াহঁতেহে পাৰিলে টাৰ্গেটত হিট্‌ কৰিব ৷ মোৰ দ্বাৰা সম্ভৱ নহ'ল ৷ ভাবিছিলোঁ ময়ে আটাইতকৈ ডাঙৰকৈ চিঞৰ মাৰিছোঁ বুলি ৷ ঘৰ এটাৰ আঁৰৰ পৰা উত্তৰ ভাহি আহিল ৷ আ ৰহা হুঁ… ৷’ ঠিক যেন চিনেমাৰ কাৰবাৰ ৷ অৱশেষত চ'ক' তায়ু উদ্ধাৰ হৈ গ'ল ৷
শেষ যাত্ৰীক বিচাৰি আহি আনিনিৰ এইফালটো, অান এক অজান্তি-মুলুক প্ৰত্যক্ষ কৰিলোঁ ৷ নহ'লে ক'তনো দেখা পাওঁ ! আচৰিত হ'লোঁ যে ঝুক ভেলী, মেন্‌-চু-খা আদিৰ অনুৰূপ খলা-বমা, হাফলুৰ ৰাজ্য এখন ইয়াতো আছেচোন !  অকোৱা-পকোৱা পকা ৰাস্তা এটায়ো এফালে অভিনৱ ৰূপত দৰ্শন দি আছে ৷ বচ্চনে কলে, ৰাহা আপকা ৰয়িং ৰড ৷ কল আপ উধৰছে' আয়া থা না ?
মন দি চাইছোঁ যদিও একো ধৰিব পৰা নাই ৷ ৰাতি আহিছিলোঁ ৷ ক'ৰ ৰাস্তা ক'ত গৈছে এতিয়া ক'তনো চিনি পাম ? এইফালে চ’ তায়ুক দৌৰি দৌৰি ওলাই অহা দেখা গ'ল ৷ দৌৰি দৌৰিয়ে পাহাৰ উঠি আছে ৷ ওপৰৰ পৰাই কেমেৰা টোঁৱালোঁ ৷ ঝুম কৰি দেখোঁ যে বচ্চনৰ নিচিনাকৈয়ে চ'ক'ৰ মূৰতো টুপী-চুপী একো নাই ৷ কেৱল মুখত এখন মাস্ক ৷ কাণ ঢকাৰ নিয়মেই নাই ইহঁতৰ ৷ আমাৰহে লতি উলিয়াবই নোৱাৰি ৷ ঠাণ্ডাই কোবায় ৷ ফোঁপাই ফোঁপাই অলপ পৰৰ পাছত চ'ক' ওচৰ পালেহি ৷ চ'ক' অভিযানক লৈ ৰসিকতা চলিল অলপপৰ ৷
বচ্চনে গাড়ীখন ঘূৰাই থৈছিলেই ৷ আটায়ে বহিলোঁ ৷ পাছৰ চিটত ঠেলা-হেঁচাকৈ চাৰিজন ৷ হলেও আক্ষেপ নাই ৷ স্ফূৰ্তিহে লাগিছে ৷ চক মৰা চিঞৰকেইটাক কেন্দ্ৰ কৰি গাড়ীৰ ভিতৰত তামাম হাঁহিৰ খলকনি ৷
পুনৰ বেমেজালি ৷ কিছু গৈয়ে নামিবলগীয়া হল ৷ সন্মুখত কেঁকুৰি এটা ৷ বোকাময় জেগা ৷ চকা পিছল খাই অল্ট'খন চোঁচৰি যায় ৷ এতিয়াহে খেয়াল হ'ল, কেনেকৈযে নামিছিলোঁ ! বিপদৰ আশংকা কৰি বচ্চনে আমাক তৎক্ষণাৎ নামি যাবলৈ ক'লে ৷ গাড়ীখনকো কিছু তললৈ নামি যাবলৈ দিয়া হ'ল ৷ তাৰ পৰা ১ নম্বৰত উঠি আহিব ৷ বিপজ্জনক জেগা টুকুৰাত চ'ক' আৰু মই ঠেলা মাৰিম ৷ ৰৈ আছোঁ ৷ লেডিজ পাৰ্টীও সষ্টম ৷ হাতে হাতে ব'ল্ডাৰ ৷ কোনো কাৰণতে তললৈ নাহে যাতে ৷
বোকাত ইফাল-সিফাল কৰি অল্ট উঠি আহি আছে ৷ গোঁ-গোঁ ইঞ্জিনৰ শব্দ ৷ বাহ্যিক বল দৰকাৰ হোৱা জেগাকণ পোৱা মাত্ৰেই আমিও ঠেলা মৰা আৰম্ভ কৰিলোঁ ৷ পিছলিছিল যদিও উঠি গ'ল যেনিবা একেবাৰতে ৷ অনিয়াহঁতে যোগান লগাবলগীয়া নহ'ল ৷ শিলভৰা ৰাস্তাডোখৰ পাইহে নিশ্চিত হলোঁ যে আচ্‌হিছ যোৱাটো সম্ভৱ হব ৷ নহলে ভাবিয়ে লৈছিলোঁ কি যত সোমালোঁহি, বোকা নুশুকুৱালৈকে ইয়াৰ পৰা ওলোৱাটো সহজ নহব ৷ পিছে ভাগ্যই খুব লগ দিলে ৷ নেদেখা দৃশ্যও চাবলৈ পালোঁ ৷ কাপোৰত বোকা লাগিল যদিও কোনো কথা নাই ৷ মানি ল'লোঁ ৷
লেতেৰা হৈ পৰা হাত-পাত ধুই যাত্ৰা পুনৰ আৰম্ভ কৰা হয় মানে ১০.৩০এই বাজিল ৷ ডিবাং ভেলী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ-দ্বাৰৰ সন্মুখেৰে আমাৰ লাল গাড়ী ধাৱমান হৈছে ৷ ভিন্নৰঙী পতাকা লগোৱা বাঁহ কিছুমান চহৰখনৰ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে পুতি থোৱাটো লক্ষ্য কৰিছোঁ ৷ ৰেহ ফেষ্টিভেলৰ কাৰণেই চাগৈ এই সৌন্দৰ্যবৰ্ধন ৷ পতাকাই পৰিৱেশটো উৎসৱমুখৰ কৰি তোলে ৷ তাৰ মাজেৰেই আমিও আগ বাঢ়িছোঁ পৰ্যটকৰ উৰণীয়া মন লৈ ৷
কথা পাতি গম পালোঁ, সেইটো চ তায়ুৰ সম্পৰ্কীয় মানুহৰ ঘৰ ৷ তেওঁৰ মাক-দেউতাক নাই ৷ কেতিয়াবাই স্বৰ্গগামী হ'ল ৷ পৰিবাৰে তেজুত কলেজত পঢ়ি আছে ৷ বিবাহিত যদিও মানুহটোক দেখাত তেনেকুৱাযেন নালাগে ৷ তেওঁক লৈ আকৌ কিছু ৰগৰৰ সৃষ্টি হল ৷
বচ্চনে আৱৰ্ত ভৱনৰ কাষেৰে আমাক লৈ গৈছে ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো বাটতে এৰি থৈ আহিলোঁ ৷ মুখামুখি হলোঁ পাহাৰৰ বক্ষত লিখা ANINI শব্দটোৰ ৷ বগা ৰঙেৰে জিলিকি আছে ৷ পৃষ্ঠপটত লঠঙা পাহাৰ ৷ গছবোৰ কলৈ গল ? বৃক্ষৰোপণ সম্ভৱ নহয় নেকি ইয়াত ? পাইনজাতীয় গছ ৰুই দিলে নহবনে ? একেলগে ঢেৰ প্ৰশ্ন ৷ মেন্‌-চু-খাৰ দৰেই টকলা উপৰিভাগ ৷ সেউজীয়া কৰি পেলাব নোৱাৰি নেকি ? এনে আঁচনি ল'ব নোৱাৰে নেকি চৰকাৰে ? ৰাস্তাৰ কাষে কাষেও গছ ৰোৱা হোৱা নাই ৷ থকা হ'লে কিযে ভাল লাগিলহেঁতেন !
তিনিআলি এটাত উপস্থিত হ'লোঁ ৷ বাঁওফালে মিপিলৈ ৷ বিপৰীতে ৰয়িং ৷ চিধাই গলে ডেমবিউন ৷ বি.আৰ.অ.ৰ পিলাৰত এইখিনি উল্লেখ কৰা আছে ৷ দূৰত্ব নাই লেখা যদিও গম পাওঁ যে আনিনিৰ পৰা মিপিলৈ প্ৰায় ৩৮ কিলমিটাৰ ৷ সমুদ্ৰপৃষ্ঠৰ পৰা মিপিৰ উচ্চতা ১,৮৩৬ মিটাৰ ৷
'মে'ৰা ঘৰ উস ৰাস্তা ছে' যানেছে মিলে'গা, মতলব মিপি ৷ ৰাস্তাটো দেখি বচ্চনে সোঁৱৰালে মিপি হৈছে চাৰ্কোল হেড-কোৱাৰ্টাৰ ৷ চীনৰ সীমাত লাগি থকা মিপি চাৰ্কোলত থকা মুঠ গাঁৱৰ সংখ্যা ১৫ খন ৷ জনসংখ্যা ৫৯২ ৷ আই.টি.বি.পি.ৰ কেম্প আছে মিপিত ৷ ইণ্ডো-চীন সীমান্তৰ লাষ্ট মিলিটেৰী ষ্টেচন ৷ ২০১১ চনৰ লোক-পিয়ল অনুসৰি ডিবাং ভেলী জিলাৰ কেউটা ৰাজহ-চক্ৰৰ ভিতৰত আনিনিতে জনসংখ্যা সৰ্বাধিক, ৪,৪৮৯ জন ৷ আনেলিত সৰ্বনিম্ন, ৫৬৩ ৷ পৰিসংখ্যাই কয়, মিপিত আগতকৈ জনসংখ্যা বাঢ়িছে ৷
'মিপিৰ ফালে লেণ্ডস্কেপবোৰ খুব ধুনীয়া ৷' বচ্চনে গৰ্বেৰে জনালে ৷ মাথু উপত্যকাৰ মিপি ডিবাং ভেলী জিলাৰ অনন্যসুন্দৰ পৰ্যটনস্থল বুলি শুনিছোঁ ৷ মাথু নৈখন উত্তৰ-পশ্চিম দিশৰ পৰা বৈ আহি পশ্চিমৰ পৰা পূবলৈ অহা মিপি নৈক লগত লৈছে ৷ হিমালয়ান ৰেঞ্জেৰে ৮০ কিলমিটাৰ বৈ অহাৰ পাছত মাথুৱে ড্ৰিক লগ পাইছে, মাথুনলিত ৷
কেতবোৰ অনাৱিষ্কৃত প্ৰাকৃতিক জলাশয়ৰ ভাণ্ডাৰ উক্ত এলেকাটো ৷ ইচ্ছুক ট্ৰেকাৰ্ছসকলে সেইফালে উদ্ভিদকুল আৰু প্ৰাণীকুল দৰ্শন কৰিবগৈ পাৰে ৷ দুঃসাহসিক ট্ৰেকিঙৰ বাবে মিপি উৎকৃষ্ট লকেচন ৷ আপুনি ইচ্ছা কৰিলে নিজৰ পৈত্ৰিক ঘৰটোক হমষ্টেলৈ ৰূপান্তৰিত কৰিব পাৰে দেখোন ৷ এনেকৈ কোৱাত চিন্তা কৰি চাম বুলি শলাগিলে বচ্চনে ৷
কালি মিটিঙত স্থানীয় বিধায়ক মহোদয়ে উল্লেখ কৰিছিল মাথু আৰু ড্ৰিৰ মধ্যস্থলৰ চেভেন লেকৰ কথা ৷ উচ্চ উচ্চতাত অৰুণাচল প্ৰদেশৰ অন্তৰ্গত পূব হিমালয়ৰ অনামী পৰ্বতমালাৰ বুকুত লুকাই আছে শ্বাসৰুদ্ধকৰ সৌন্দৰ্যৰ পোহাৰ ৷ ৪,০০০ মিটাৰ উচ্চতাত মুক্ত উপত্যকা, শ্যামলী দলিচা, ওখ ওখ ঘাঁহ, ঢেঁকীয়াজাতীয় উদ্ভিদ আৰু বনৰীয়া ফুলৰ পয়োভৰ ৷ এভাৰেষ্টাৰ টিনে মেনাই তুলি অনা, ফে'চবুকত উপলব্ধ ফটোত দেখা পাইছোঁ ৷ বছৰজুৰি দৃষ্টিনন্দন হৈ ৰোৱা, হিমবাহে যোগান ধৰা জলধাৰাৰে পুষ্ট নৈ-নিজৰা-জলপ্ৰপাত আছে ৷ চ'ক' তায়ুৱেই এটা জলপ্ৰপাতৰ ছবি আপল'ড কৰিছিল ৷ লিখিছিল, অৰুণাচলৰ ভিতৰতে সৰ্বোচ্চ হ'ব বুলি ৷ দৃশ্যবোৰ অধিক মানুহেই আজিও স্বচক্ষে দেখাগৈ নাই ৷ সেয়ে ডিবাং ভেলী এতিয়াও নিষ্কলুষ ৷ কুশলী ট্ৰেকাৰ্ছৰ বাবে আদৰ্শ ট্ৰেকিং পথ আছে মিপিৰ ফালে ৷ প্ৰতিদিনেই উলম্বভাৱে আৰোহণ কিম্বা ইদু চিকাৰীৰ জংঘলী পথেৰে থিয়কৈ অৱৰোহণ কৰিবলগীয়া হয় ৷ বিৰল প্ৰজাতিৰ গছ-গছনি, জীৱ-জন্তুৰ লগতে অঞ্চলটোৰ ইতিহাস বৰ্ণনা কৰিবৰ বাবে অভিজ্ঞ গাইড আৰু প্ৰাক্তন চিকাৰী সংগী হিচাপে পোৱা যায় ৷ ভৰপূৰ সমলবোৰক টুৰিষ্ট চাৰ্কিটৰ আউটিলৈ আনিবৰ কাৰণে প্ৰচেষ্টা চলি আছে ৷
পোনে পোনে আমি যাবলগীয়া ডেমবিউন, আচ্‌হিছ ৷ ইয়াৰ পৰা দূৰত্ব প্ৰায় ২৯-৩০ কিলমিটাৰ হ'ব ৷ কেইমিটাৰমান গৈয়ে বাঁওহাতে মন্দিৰ এটা পালোঁ ৷ লোৰ গে'টৰ ওপৰত ইংৰাজী বৰ্ণমালাৰে লিখা আছে ডাংৰি বাবা মন্দিৰ ৷ এই মন্দিৰৰ পূজাৰীজন হেনো নেপালৰ আছিল ৷ চৰকাৰী চাকৰিও কৰিছিল ইয়াতে ৷ গোটেই জীৱন আনিনিতেই অতিবাহিত কৰিলে ৷ অৱসৰৰ পাছত নেপাললৈ গুচি গল ৷ ইদু মানুহৰ লগত নেপালী মানুহৰ বিয়া-বাৰুৰ সম্বন্ধও ঘটিছে ৷ সেয়েহে আনিনিত ইদুৰ সমানে সমানে নেপালী ভাষাৰো প্ৰচলন আছে ৷
ৰাস্তাটো পকা যদিও ঠেক আৰু অকোৱা-পকোৱা ৷ লাহে লাহে বাঁহনিত সোমাই পৰিছোঁ ৷ বাহিৰৰ দুনিয়াত কি ঘটিছে গম-গতি অকণো নাই আমাৰ৷ কোনো খবৰে কাকো অসুখী কৰি তোলাৰো এতিয়া আৰু তিলমানো সাধ্য নাই৷ (ক্ৰমশঃ)