Tuesday, 24 March 2020

২.৪ চপাখোৱাত ৰলোঁহি



মজা লাগিছিল সেইবাৰ, কাৰণ ভাৰতবৰ্ষৰ ভিতৰতে সবাতোকৈ দীঘল দলংখন খোজেৰে অতিক্ৰম কৰি উৎফুল্লিত হৈ থকাৰ পাছতে বাকী ১৭ কিলমিটাৰ যাবলৈ বিনোদ বৰগোহাঁইৰ সৈতে বহুপৰ খাপ পিতিও অন্য গাড়ী-মটৰ একো নাপাই শ্ৰীমতী আৰু মই উঠি লৈছিলোঁ এখন ডাম্পাৰত ৷ ১০ চকীয়া, পুৰণা ডাম্পাৰখনৰ আহল-বহল কেবিনটোত গগৈ উপাধিৰ চালকজনকে ধৰি মানুহ আমি চাৰিজন ৷ কেতিয়াও উঠি নোপোৱা আৰু পৰিস্থিতিয়ে সুযোগ কঢ়িয়াই অনা আকস্মিক ডাম্পাৰ-যাত্ৰাটো খুবেই উপভোগ্য হৈছিল ৷ অকলে গোপনে হাঁহিলোঁ তাকে লৈ, সেই মুহূৰ্তৰ ভংগীমাবোৰ আকস্মিকভাৱে মনলৈ আহি যোৱাৰ লগে লগে ৷ অভিজ্ঞতাই যোগোৱা অম্লান হাঁহি ৷ জীৱনৰ অমৰ কাহিনী !
নিৰজুলি বাছ চলি আছে ৷ ৰাস্তা ভাল ৷ ৮ মাইলত লোহিতৰ উপনৈ কুণ্ডিল পাৰ হলোঁ ৷ তদানীন্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী শদিয়ালৈ অহাৰ সময়ত, ১৯৮৬ চনত এই দলংখন নিৰ্মাণ কৰা হৈছিল ৷ ৯ মাইল, হৰিপুৰ, মংগলপুৰ, ইছলামপুৰ ৷ য়িঙলৈকে বাছভাড়া পৰিশোধ কৰা হৈ গৈছে যদিও চপাখোৱা যিমানেই নিকটলৈ আহিছে অন্য ভাবনা এটাই মনত খুদূৱনি লগাবলৈ আৰম্ভ কৰিলে ৷ নামি দিম নেকি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আগত ? শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত সোমাই, তাতে গা-পা ধুই, ভাত-পানী খাই, আস্তেকৈ ওলামগৈ ৰয়িং ? অয়ৰ পৰা পাই থোৱা এছ.এম.এছ. বাৰ্তামতে মোৰ হোটেলৰ চেক ইন্‌ দুপৰীয়া ১২ বজাতহে ৷ এতিয়াচোন চাৰে সাতটাই বজা নাই ! কি কৰোঁ ? কি কৰা ভাল হব ? নিজকে নিজে খৰকৈ সুধিছোঁ ৷ সিদ্ধান্তটো সোনকালে লাগে ৷
অনেক চালি-জাৰি চাই চঞ্চল মনটোক বান্ধিলোঁ যে নাই নহয়, কতো সোমোৱাৰ দৰকাৰ নাই ৷ সোনকাল হৈ থাকিলেও ডাইৰেক্ট যোৱাটোহে বুদ্ধিমানী কথা হব ৷ কাম আছে ৰয়িঙত ৷ ১. চ তায়ুক যোগাযোগ কৰিব লাগিব, যিটো অতিকৈ জৰুৰী ৷ ২. পাল কাউণ্টাৰটোৰ সন্ধান উলিয়াই টাটা ছুমৰ ভাড়াৰ বাবদ দিবলগীয়া টকা ৮০০ দি চিটটো গজগজীয়া কৰিব লাগিব, যিহেতু সিদিনা ফোনতে কথা দি থোৱা হৈছে ৷ ৩. লগত নিবৰ বাবে দৰকাৰী খোৱাবস্তু কেইটামানো সংগ্ৰহ কৰিবলৈ আছে ৷ ৪. পাৰিলে আনিনিৰ বতৰ আৰু পৰিৱেশৰ সৈতে খাপ খোৱা জোতা এযোৰো বিচাৰিব লাগিব, ৰয়িঙৰ বজাৰত ৷ ইত্যাদি ইত্যাদি ৷
কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ কিছুমানে আজিয়ে পাতিছে ৷ দেৱালী, ফাকুৱা দুদিনীয়া হৈ পৰাৰ অনুৰূপ বাগ্‌দেৱীৰ বন্দনাও দুদিনীয়াৰ শাৰীলৈ পৰ্যবসিত হব ধৰিছে ৷ ভকতি বাঢ়িছে ৷ বিদ্যাধন মহাধন বুলি সৰ্বত্ৰ বুজি উঠিছে ৷
শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পালোঁহি ৷ ১৯০৫ চনত স্থাপিত ৷ ছাজিদে শিক্ষকতা কৰা স্কুল ৷ ইংৰাজী পঢ়ুৱায় ৷ সন্মুখ পাওঁতে চৌহদটোলৈ চালোঁ ৷ ইমূৰৰ পৰা সিমূৰলৈ ৰছী টানি আঠা সানি ৰঙা-নীলা কাগজ লগাই আছে ছাত্ৰ-ছাত্ৰী কেইজনমানে ৷ স্কুলীয়া দিনত আমিও কৰিছিলোঁ ৷ নিজকে যেন বিচাৰি পালোঁ সৌ লৰা-ছোৱালীকেইটাৰ মাজত ৷ আৱেদন সাৰ্বজনীন সৰস্বতী আই, বিদ্যা দিয়া ৷ কিন্তু কেৱল ইমানতেই সীমাবদ্ধ আছিলোঁজানো আমি ? সহপাঠী বিষ্ণু, লেখন, বিদুল, দিব্যহঁতৰ সৈতে জংঘললৈ গৈ চামিয়ানা তৰিবলৈ খুঁটা বিচাৰি আনিছিলোঁ, কলপাত কাটিছিলোঁ, নিশাটো শ্ৰেণীকোঠাতে কটাই বাঁহৰ চুঙাৰে বেঞ্চত লুচি বেলিছিলোঁ, কতযে কি নকৰিছিলোঁ সাৰদাৰ সাধনাৰ নামত ! এতিয়া সাধু হল ৷
বাকৰিৰ দৃশ্যটো দেখি এই মুহূৰ্তত মনৰ পৰ্দাত পুৰণা স্মৃতিবোৰ আপোনা-আপুনি উদ্ভাসি উঠিছে ৷ এটা যাত্ৰাই পৰিৱেশ-পৰিস্থিতি অনুসাৰে কতবোৰ কথাযে চেতনালৈ এনেকৈ ঘূৰাই আনিব পাৰে ! ক্ষণে ক্ষণে নস্তালজিক কৰি তুলিব পাৰে !
নস্তালজিয়াৰ চক্ৰবেহু ভেদ কৰি শ্বাহনাজহঁতৰ কোৱাৰ্টাৰটোৰ ফালে সোমাই যোৱা ঠেক পথটোলৈ চলন্ত বাছৰ খিৰিকীৰে সন্তৰ্পণে দৃষ্টি নিক্ষেপ কৰিলোঁ, দেখোঁ নেকি কাৰোবাক বুলি ৷ নাই, চিনাকি মুখ দেখা নগল ৷ বাচিলোঁ ...স্বগতোক্তি ওলাই আহিল মুখৰ পৰা ৷ স্পীড ব্ৰেকাৰত হেন্দোলনি তুলি নিৰজুলি গৈ থাকিল আগলৈ ৷
দীঘল দলঙে শদিয়াৰ ৰং-ৰূপ, ৰস-গোন্ধ আটাইবোৰ সলাই পেলাইছে ৷ কায়-কাৰবাৰ বাঢ়িল ৷ হাট-বজাৰ সম্প্ৰসাৰিত হল ৷ যাতায়াতো ঘন হৈ পৰিল ৷ সঁচা অৰ্থতে যেন শদিয়া এতিয়া ৰিং এটাৰ বাট ৷ অনেক যুগৰ অপেক্ষাৰ মূৰকত শদিয়াবাসীৰ যোগাযোগজনিত মহা-সমস্যাটোৰ স্থায়ী সমাধান হৈ গল যেনিবা ৷ আচলতে ২০১০ চনৰ নৱেম্বৰ মাহতে নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হৈছিল ৷ উক্‌মুকনি অটল বাজপেয়ী চৰকাৰৰ দিনতে ৷ ৮০ শতাংশ কাম সমাধা হৈছিল ডক্টৰ মনোমোহন সিং চৰকাৰৰ আমোলত ৷ সম্পূৰ্ণ হলগৈ মোদী চৰকাৰৰ হাতত ৷ ২০০৭ চনৰ ১৪ ছেপ্টেম্বৰত ইউ.পি.এ. চৰকাৰে ধাৰ্য কৰা প্ৰকল্প-ব্যয় আছিল ৫০৫.৪০ কোটি টকা ৷ গৈ গৈ ২,০৫৬ কোটিত দলংখন পোৱা গল ৷ ১৯৫০ৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত, বান-বিধ্বস্ত, খহনীয়া-আক্ৰান্ত শদিয়াৰ আগৰ নিমাওমাও ৰূপটোলৈ, নৈপৰীয়া শদিয়াবাসীৰ জীৱন-পৰিক্ৰমালৈ লাহে লাহে পৰিৱৰ্তনৰ বতাহ বলিব ধৰিলে ৷ আগতে এবাৰ (১৬.৪.২০১৫) ঘাটলৈ যোৱা বাটটোনো কেনেকুৱা ৰূপত আছে ? চাম চাম বুলি আহি আছিলোঁ যদিও নস্তালজিকতা আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত সমূলি পাহৰিয়েই থাকিলোঁ ৷
চপাখোৱাত বাছখন এখন্তেক ৰল ৷ সিবাৰ আহোঁতে শ্বাহনাজ-ছাজিদৰ কোৱাৰ্টাৰত থাকি পংপঙাই গোটেইখন চাই ফুৰিছিলোঁ, অকলে অকলে ৷ গতিকে পৰিৱেশ একেবাৰে অচিনাকি নহয় ৷ ভৱিষ্যতৰ আগজাননীৰ সুৰেৰে সিহঁতক তেতিয়াই কৈছিলোঁ, আহকচোন ডিচেম্বৰ-জানুৱাৰী ৷ মানুহবোৰে তিনিচুকীয়া, শদিয়াৰ সীমা চেৰাই আৰু আগলৈ যাব ৷ গাড়ী লৈ পুটুক-পুটুক ঢাপলি মেলিব মোহনীয়া অৰুণাচলৰ ডিবাং ভেলীলৈ ৷ ইমানদিনে অনাৱিষ্কৃত হৈ ৰোৱা ডিবাং উপত্যকাৰ অন্তহীন ৰূপ-মাধুৰী লোকচক্ষুৰ পোহৰলৈ আহি যাব ৷ বিশেষকৈ, সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাৰ মায়ডিয়া গিৰিপথত কাশ্মীৰসদৃশ প্ৰাকৃতিক পৰিৱেশত বৰফ দলিওৱা-দলি খেল খেলিবগৈ ৷ পাবগৈ হুনলি, আনিনি ৷ দেখিছোঁ, ভবাৰ দৰেই কথাবোৰ হুবহু প্ৰতিপন্ন হৈছেহি ৷ নিজেও আহিলোঁ আকৌ এবাৰ ৷ পামগৈ অনেক দূৰণি ৷ ভাবিয়ে নিজকে কিবা সুখী সুখী অনুভৱ হৈছে ৷ এতিয়া নোসোমালেও ঘূৰি যাওঁতে সিহঁতহালক এবাৰ দেখা কৰি যাব লাগিব ৷ (ক্ৰমশঃ)

Sunday, 22 March 2020

২.৩ আকৌ এবাৰ পাৰ হলোঁ দীঘল দলংখন



মাকুম ৰডেৰে গহীন গতিৰে আগ বাঢ়িছে নিৰজুলি ৷ মাকুম, ডুমডুমা, তালাপ, ডাঙৰী, ধলা গাঁও তিনিআলি ই্ত্যাদি সৰু-বৰ জনপদবোৰ এখন এখনকৈ পাৰ কৰাই আনিছে ৷ সুন্দৰকৈ মনত আছে, এইটো পথেৰে আগৰবাৰ আহিছিলোঁ ২০১৭ৰ ২৬ মেৰ দিনাখন ৷ উদ্দেশ্য, নতুন দিগন্তৰ সূচনাকাৰী ধলা-শদিয়া দলংখন খোজ কাঢ়ি অতিক্ৰম কৰা ৷ লগত আছিল ধৰ্মপত্নী ৷ আগদিনাখন মাত্ৰ, বিশাল ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল আৰু উছৰ্গা কৰা হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৷ দেশৰ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ দামোদৰদাস মোদী আহিছিল ৷ ৰঙা ফিটা কাটিছিল, নৈৰ ওপৰত নিৰ্মিত ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল সেতুখনৰ ৷ ঘৰত টেলিভিচনৰ পৰ্দাত আমি লাইভ চাই আছিলোঁ ৷ সেই মুহূৰ্ততে মনত ইচ্ছা এটাই উক্‌মুকাইছিল ৷ সেই ইচ্ছাই প্ৰবল ৰূপ ধাৰণ কৰিছিল মগজুত ৷ শৰীৰৰ সদৰ্থক সঁহাৰি পাই সাকাৰো হৈছিল সেই ইচ্ছা, ঠিক পিছদিনাখনেই ৷
ঘূৰি গৈ ঘৰ পায়ে নিজে মুখামুখি হোৱা সত্যখিনিৰ আলম লৈ অকবত ধাৰাবাহিকভাৱে উপস্থাপন কৰিছিলোঁ সচিত্ৰ ভ্ৰমণ-লেখা শদিয়ালৈ গলো, দীঘল দলং চালোঁ ৷ যোগসূত্ৰ ৰক্ষা কৰি সেই ৰচনা পঢ়িছিল ১০গৰাকীমান আগ্ৰহী পাঠকে ৷ অপ্ৰিয় যদিও সঁচা যে ভ্ৰমণ কাহিনীৰ পাঠক আৰু অসমীয়া ভাষাত ৰচিত ভ্ৰমণসুৰীয়া কিতাপৰ সংখ্যাটো সাহিত্যৰ আন আন বিভাগসমূহৰ তুলনাত অনেকগুণে সৰু ৷ তাৰে উপলব্ধিত হয়তো, কোনো কোনোৱে তেতিয়া জোৰকৈয়ে কৈছিল, কিতাপ উলিয়াব লাগে বুলি ৷ পিছে প্ৰাণৰ আনন্দত ডুব যোৱাৰ স্বাৰ্থত হিয়া উজাৰি লেখা-ধেমালি কৰি থকাৰ বাদে কিতাপৰ নামত গাঁঠিৰ ধন ভাঙিবলৈযে মন মোৰ অকণো নাই, বুজাওঁনো কিদৰে ? পেছাগতভাৱে আনৰ পুস্তক ছপা কৰোঁতেই বিষময় বহুত কথাৰ উমান পাওঁ ৷ তাতোকৈ নালাগে, আকৌ কৰবালৈ ওলাম, পৃথিৱীখন নোৱাৰিলেও চুক এটা চাম, সেয়াই ভালচোন ৷
সি যি কি নহওক, মোৰ হৃদয়ৰ গোপন তাগিদাৰে, ভ্ৰমণ পিপাসুসকলৰ মাজৰ কিমানক উক্ত লিখনিৰ জৰিয়তে সঠিক দিক্‌দৰ্শন দিব পাৰিলোঁ, কিমানজন উত্তেজিত হল, দলং চাবলৈ নিজে গল, আমাৰ দৰে খোজ কাঢ়ি পাৰাপাৰ হল, ব্লগত মুক্ত আৰু সহজলভ্য কৰি ৰখা তথ্যভাণ্ডাৰৰ গইনা লৈ নিজেও লিখিলে একলম, সেইবোৰ একো জনাৰ সৌভাগ্য নহল ৷ কিন্তু ঈশ্বৰৰ কি ইচ্ছা, পুনৰবাৰ অহাৰ সুযোগ এয়া পাই গলোঁ ! দলঙে যেন আকৌ এবাৰ ৰিং মাৰিলে মোলৈ ৷ সিবাৰ ৯.১৫ কিলমিটাৰ অবিৰত পদচালনাৰে, এইবাৰ ঐতিহাসিক নিৰজুলি বাছত আৰামত বহি বহি ৷
আনন্দদায়ক আৰু ৰোমন্থনযোগ্য স্মৃতি কিছুমান মন-মগজুত থাপি লৈ মহাসেতুৰ ওপৰেৰে যাব ধৰিছোঁ ৷ তলত স্বাভিমানী লোহিত (বহুতে ভুলতে ভবাৰ দৰে ব্ৰহ্মপুত্ৰ নহয়) ৷ পানী এতিয়া কম ৷ বালিচৰ বেছি ৷ যাত্ৰীসকললৈ মন কৰিলোঁ ৷ ভাবলেশহীন মুখাবয়ব ৷ চকুবোৰো যেন শেঁতা পৰা ৷ দলং কিম্বা নদী কিম্বা লোহিতখনৰ দুয়ো পাৰৰ বিস্তৃত সৌন্দৰ্য চাবৰ বাবে কাৰো যেন কোনো উত্তেজনাই নাই ! টোপনিওৱাৰ অভ্যাস থকাসকল সুখনিদ্ৰাত ৷
ৰং পুৰণা হলে কথাবোৰ এনেকুৱাই হয়গৈ ৷ সেয়ে অভিযান বুলিলে নতুনতে হব লাগে, গৰমে গৰমে ৷ তাকে সাৰোগত কৰি ধলা-শদিয়া সেতুৰ পৰৱৰ্তী আমি দুয়ো পতি-পত্নী ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নৱনিৰ্মিত দলং বগীবিল পাইছিলোঁগৈ, একেটা উদ্দেশ্যৰেই, উদ্বোধনৰ পিছদিনা (২৬ ডিচেম্বৰ ২০১৮)খনেই ৷ খোজ কাঢ়ি অতিক্ৰম কৰিলোঁ ৪.৯৪ কিলমিটাৰ দৈৰ্ঘৰ সেইখনো ৷ সেয়া অন্য কাহিনী ৷ লিখিবলৈ এতিয়াও বাকীয়ে আছে অথোন ৷ ভাবিলেই আনন্দ লাগে ৷ বুজাব নোৱাৰা আনন্দ জাগে ৷ দলঙৰ তলেৰে বৈ থকা এই লোহিতখন ভাৰতত সোমোৱা বাটটোওযে মই দেখিছোঁ, সেইটো ভাবিলে আৰু বেছিকৈয়ে আনন্দ লাগে ৷ অভিজ্ঞতাই অনা আনন্দ এয়া ৷ জীৱন মানেইতো অভিজ্ঞতাৰ যাদুঘৰ ৷
এতিয়াও, আনৰ কিবা উত্তেজনা, আনন্দ থাকক-নাথাকক, মোৰ হলে আছে ৷ মোৰ বাবে এই মুহূৰ্ততো এয়া এক সুখযাত্ৰাই ৷ ২,০৫৬ কোটিটকীয়া মহাসেতুখন এইবাৰ এখন ঐতিহাসিক বাছেৰে পাৰ হোৱাৰ সুযোগ আহিল ৷ সুযোগ আহিল ব্ৰহ্মপুত্ৰৰ আন এখন মূল উপনৈ ডিবাঙৰ আগলি অংশ স্বচক্ষে চোৱাৰ ৷ মোৰ আনিনি যাত্ৰাৰ অন্যতম অন্তৰ্নিহিত উদ্দেশ্য ইও এটা ৷ লক্ষ্য বান্ধি থৈছোঁ যে এই তিনি উপনৈ ক্ৰমে লোহিত, ডিবাং আৰু ছিয়াঙৰ অগ্ৰভাগ দৰ্শন কৰিবই লাগিব, এইটো জীৱনকালতে ৷ তেহে সম্পূৰ্ণ হ'ব ব্ৰহ্মপুত্ৰ দৰ্শন, যাৰ নাম দিছোঁ ব্ৰহ্মপুত্ৰ পৰিক্ৰমা ৷ নিজস্ব চিন্তাৰে সজাই ৰখা এটা টুৰিষ্ট চাৰ্কিট ৷
শদিয়া অঞ্চলটোৰ পূৰ্বতে থকা কলীয়াপানী, ঘোঁকট, অজান্তি-মুলুক, উপেক্ষিত আদি বদনামবোৰ তেনেই শূন্য কৰি দিলে এই দলংখনে ৷ ধলাৰ ছৈখোৱা ঘাট, শদিয়াৰ কুণ্ডিল ঘাট আদি পাৰঘাটবোৰ কাৰ্যতঃ ইতিহাস হল ৷ ভাবি ভাল লাগিছে যে বিষাদৰ সুৰ বুকুত লৈ অন্তিম-যাত্ৰা কৰাৰ আগতেই সেই দুই ঘাট স্পৰ্শ কৰি বিপদসংকুলতাক হাতৰ মুঠিত লৈ পাৰাপাৰ নেদেখা লোহিতখন পাৰ হোৱাৰ সুযোগ কিম্বা অভিজ্ঞতাকণ আহৰণ কৰি থৈছোঁ, দলং হৈ উঠাৰ আগতেই, ১৬.৪.২০১৫ তাৰিখত ৷ গতিকে আক্ষেপ কৰিবলগীয়া নাই ৷ সঞ্চিত অভিজ্ঞতাৰ সবল ভেটি পাই নস্তালজিয়াইহে মোক এতিয়া আগুৰি ধৰিছে, বাছখনৰ গতিৰ সমানে সমানে ৷ চিনেমাৰ ৰীলৰ দৰে পুৰণা ছবিবোৰ মনৰ পৰ্দাত এফালৰ পৰা অহা-যোৱা কৰিব ধৰিছে ৷
তিনিচুকীয়া অভিমুখী এই নিৰজুলি বাছখন আমি খোজ কাঢ়ি থাকোঁতে মুখামুখিকৈ পাইছিলোঁ তেতিয়া ৷ ফটো এখন মোৰ সংৰক্ষণত আজিও আছে ৷ আৰু পাইছিলোঁ শদিয়াৰ পুৰণি যাত্ৰীবাহী বাছ অগ্নিগড়, নয়নমণি ৷ লগতে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছো ৷ এতিয়া সেই নিৰজুলি বাছতে নিজে বহি গৈ আছোঁ ৷ ভাবিলত কিবা এটা ভাল লাগি গল ৷
একে সময়তে মনত পৰিল বিনোদ বৰগোহাঁইলৈ ৷ ডিব্ৰু-ছৈখোৱাত কৰ্তব্যৰত বনৰক্ষী আছিল তেওঁ ৷ ঘৰ চপাখোৱাৰ ৯ মাইলত ৷ আকস্মিকভাৱে চিনাকি হোৱা অচিনাকি মানুহজনৰ সৈতে ভূপেন হাজৰিকা দলঙৰ ওপৰেদি একেলগে খোজ দিছিলোঁ ৷ এতিয়া কত আছে, কি কৰিছে, একো নাজানো ৷ এনেকৈয়ে যাত্ৰাপথত অচিনাকিও চিনাকি হয়, চিনাকিও আকৌ নাপাত্তা হয়গৈ ৷
সদ্যহতে মন কৰিলোঁ অন্য এটা কথা ৷ সেই তেতিয়াই সজোৰে ঘোষণা কৰা হৈছিল যে বিশ্বভ্ৰাতৃত্ব আৰু বিশ্বশান্তিৰ প্ৰবক্তা, অমৰ সংগীতজ্ঞ ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনজোৰা সাধনাক চিৰযুগমীয়া কৰি ৰখাৰ অভিপ্ৰায়েৰে এই সেতুখনৰ সমীপত আঞ্চলিক সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ এখন চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি তোলা হব ৷ প্ৰকল্পটোৰ যথাযথ ৰূপায়ণ কোনফালে কি হৈছেনো বুলি ডিঙি মেলি মেলি দুয়োফালে চালোঁহে চালোঁ, নেদেখিলোঁ হলে ৷ প্ৰতিশ্ৰুতি আৰু সত্যৰ মাজত দূৰত্ব থাকেই অৱশ্যে ৷ সেয়া আমি জানো ৷ দলঙৰ ওচৰতে হেলিপেড নিৰ্মাণ কৰা হব বুলিও কথা ওলাইছিল ৷ মোৰ চকুহালেহে প্ৰতাৰণা কৰিলে নেকি জানো, ধৰিবই নোৱাৰিলোঁ, কতনো সাজি থলে ৷
তিনিচুকীয়াৰ পৰা চপাখোৱা ৭০ কিলমিটাৰৰ ওচৰা-উচৰি ৷ দলঙৰ এই মূৰৰ পৰা নিকটৱৰ্তী চীন সীমান্তলৈ বতাহত ১৫০ নে ১৬০ কিলমিটাৰমানহে বুলি শুনিছিলোঁ ৷ চপাখোৱালৈ আৰু ১৭ কিলমিটাৰ বাকী ৷ সুকলমেই দীঘল দলংখন পাৰ হৈ আহিল নিৰজুলি ৷ (ক্ৰমশঃ)
২.২ নিৰজুলি বাছেৰে ৰয়িঙলৈ



কালবিলম্ব নকৰি ষ্টেচন য়াৰ্ডৰ মুখৰ পৰা টেম্পৰে মোৰ ভ্ৰমণৰ পৰৱৰ্তী খেপটো আৰম্ভ কৰি দিয়া হল ৷ বেছি সময় নালাগিল, সিজুগুৰিৰ পৰা এ. টি. ৰডেৰে আগুৱাই বাছ ষ্টেণ্ড পাই গলোঁ ৷ নামোঁতেই ৪জনীয়া যাত্ৰীদল আৰু চালকৰ মাজত প্ৰচণ্ড কথা কটা-কটি আৰম্ভ ২০ টকাৰ জেগাত ৩০ টকা কিয় লবি ? ঘোঁচা মাৰেই আৰু ৷ উত্তৰত চালকে গহীনাই কৈছে দিনত ২০ টকা লওঁ, ৰাতি ৩০ ৷ একো নামাতি নিৰাপদ দূৰত্বৰ পৰা মই আলেখ-লেখ চাই আছোঁ ৷ ৫ বাজি পাৰ হৈছে যদিও চৌপাশে এতিয়াও অন্ধকাৰৰ জয়গান ৷ সেয়ে বোধ কৰোঁ ৰাতি বুলিয়ে ধৰা হৈছে ৷ অগত্যা ৩০ টকাই দিবলগীয়া হল ময়ো ৷
নিৰজুলি বাছখন পথটোৰ সিপাৰে অৱস্থানৰত ৷ সন্মুখৰ আইনাত নামষাৰ ডাঙৰকৈ লিখা আছে ৷ তিনিচুকীয়া টু ৰয়িং, অৰ্থাৎ এইখন তিনিচুকীয়াৰ পৰা ৰয়িঙলৈ চলে ৷ পূৰ্বৰ অভিজ্ঞতাৰ আলোকত কাকো নোসোধাকৈ ঠিকমতেই উলিয়ালোঁহি জেগা আৰু গাড়ীৰ সন্ধান ৷ বাছখনৰ ভিতৰত উঠিবলৈ লৈ চাওঁ যে অৰুণাচলী যুৱতী দুজনী ৷ দুয়ো দুফালে খিৰিকীৰ কাষলৈ বহি মবাইলৰ স্ক্ৰীণত মনোনিৱেশ কৰি আছে ৷ চিট এটাত বেগ ৰাখি নামি আহিলোঁ ৷
হৈ যোৱা বৰষুণজাকে জাৰ নমাইছে ৷ টুপীটোৰে কাণ দুখন ভালকৈ ঢাকি লৈছোঁ ৷ কাণ দুখনেই আচল অংগ ৷ এক কথাত ভেণ্টিলেটৰ ৷ এনেকুৱা মুহূৰ্তত এই দুই বায়ুপথ উন্মুক্ত ৰখাটো চূড়ান্ত বুৰ্বকামি হব ৷ ৰাখিব পৰা নযাবও চাগৈ, একেলেথাৰিয়ে কেইবাদিনলৈ ৷ কিয়নো যিমানে ওপৰলৈ উঠিম, ঠাণ্ডা ক্ৰমাৎ বাঢ়িবহে ৷
অকণমান আগত ৰাস্তাৰ দাঁতিতে চাহ বিক্ৰেতা মুনিহ-তিৰোতা এহাল ৷ কি ভাগ্য ! পাই গলোঁ লালচাহ আৰু বিস্কুট ৷ তামোল-পাণ আছিলেই মোৰ লগত, ঘৰৰ পৰাই মায়ে কাটি দি পঠোৱা ৷ এখন চোবাই দিয়াৰ পাছতে দেহা-মন কিবা ৰঞ্জিত ৰঞ্জিত লাগি গল ৷ ইনাৰ লাইন পাৰ্মিটখন কত থৈছিলোঁ, এনেয়ে এবাৰ মনত পেলাই চালোঁ ৷ যাওঁতে শান্তিপুৰ গেটত দেখুৱাব লাগিব ৷
বোধ হয় গাড়ীখনৰে মানুহ হব, দীঘলকৈ সুৰ লগাই চিঞৰি এজনে যাত্ৰী মাতিব ধৰিছে ৷ উঠি যাওঁতেই টিকট ফালি হাতত দি ভাড়াৰ পইচাও লৈ আছে ৷ এই সুযোগতে ময়ো নিজৰ চিটটো গজগজীয়া কৰি ললোঁ ৷ তাৰ পাছত তেওঁৰ লগতে কথা পতাত লাগি গলোঁ, তলতে ৰৈ ৷ কেইটাত এৰিব বাছখন ? সুধিলত ৫টা ৪৫ত বুলি কলে ৷
সময়ানুপাতে বাহন সলনি হৈছে যদিও নিৰজুলি বাছ সেৱা বহুত পুৰণা ৷ দলং নোহোৱাৰ দিন ধৰি যাত্ৰী কঢ়িয়াই আহিছে ৷ মাল-বস্তু সৰবৰাহেৰে ইপাৰ-সিপাৰৰ জনসাধাৰণক সকাহ দি আহিছে ৷ বাছখনৰ নামটোৰ তাৎপৰ্য নাজানো ৷ কিন্তু মই পঢ়ি অহা কাৰিকৰী শিক্ষানুষ্ঠান নেৰিষ্টখন যত আছিল, অৰুণাচল প্ৰদেশৰ সেই জেগাটুকুৰাৰ নামটোও একেই, নিৰজুলি ৷ ভাবিলেই কিবা যেন এক আত্মিক সংযোগ বিচাৰি পাওঁ ! গভীৰ নস্তালজিয়াত ভোগা যায় কৰবাত এই নামটো লিখি থোৱা দেখিলে বা শুনিলেই ৷
অপেক্ষাৰ পাছত অপেক্ষা ৷ যেন ধৈৰ্য-পৰীক্ষা ! কত ৫টা ৪৫ত, ৬ বাজি ১০ মিনিট পাৰ হল ৷ তেতিয়াহে এৰিলোঁ তিনিচুকীয়া ৷ (ক্ৰমশঃ)

Saturday, 21 March 2020

(কৰনা ভাইৰাছৰ বিৰুদ্ধে মানুহৰ সাহসী প্ৰতিৰোধ কামনাৰে)

আনিনি… ত ডাৱৰে মাটিক চুমা যাচে

৩০ জানুৱাৰী ২০২০, বৃহস্পতিবাৰ

২.১ নিউ তিনিচুকীয়াত নামিলোঁ



পুৱা ৪ বাজি ৪৫ মিনিট ৷পোহৰৰ আগমন ঘটাই নাই ৷আচল সময়তকৈ প্ৰায় ২০ মিনিটৰ পাছত কামৰূপ এক্সপ্ৰেছখনে নিউ তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত প্ৰৱেশ ঘটালে ৷ যোৱা নিশা ডিফু এৰোঁতে নিৰ্ধাৰিত সময়তকৈ এঘণ্টামানেই পলম হৈ গৈছিল ৷ তাৰ মানে যাত্ৰাপথত কমেও ৪০ মিনিট মেক্‌-আপ্‌ হল ৷
বাইল ফোনটোত ঠিক ৪ বজাত এলাৰ্ম দি থৈছিলোঁ ৷ সেইমতে উঠি গাড়ীতে প্ৰাতঃকৰ্ম সমাপন কৰি আজৰি হৈ লৈছোঁ, পাছত যাতে কৰবাত অসুবিধাত পৰিবলগীয়া, ৰৈ থাকিবলগীয়া নহয় ৷ ডাক্তৰ চক্ৰৱৰ্তীক দেখিলোঁ, চাইড বাৰ্থত আৰামত আউজি চকুহাল জপাই ৰাখিছে ৷ সাইলাখ ধ্যানমগ্ন ঋষি ! কাষেদি আগ বাঢ়োঁত এনেয়ে মাত এষাৰ দিলোঁ ছাৰ, ঘৰ পাইছেহি আৰু দেই আপুনি ৷ টোপনি নামাৰিব এতিয়া ৷
মূৰ দুপিয়াই মিচিকিয়ালে তেওঁ ৷ বুজিলোঁ, গৃহ-চহৰত নামিবলৈ তলে তলে সাজু হৈয়ে আছে তাৰ মানে ৷ আপোন ঘৰ বুলিলে যিকোনো মানুহৰে বেলেগ ধৰণৰ উত্তেজনা এটা থাকেই ৷ নহলেনো ম, চুইট হ বুলি সৌ কোন যুগৰে পৰা সাহিত্যত এনেয়ে উল্লেখ কৰি অহা হৈছেনে ? বিপৰীতে, মই ওলাইছোঁ ঘৰৰ পৰা দূৰলৈহে ! উত্তেজনা অৱশ্যে মোৰো আছে ৷ মাত্ৰ উত্তেজনাৰ চৰিত্ৰ পৃথক ৷ এইযে অলপ পাছতে প্লেটফৰ্মত নামি যাম, পিঠিত ৰাক্‌চেকটো পুনৰবাৰ তুলি লম, ভ্ৰমণকাৰীৰ বেশেৰে খোজ দি টেম্পত উঠিমগৈ, তাৰ পাছত বাছত, ৰয়িঙলৈ,  উঃ কম উত্তেজনানে ? তাতে আকৌ অকলশৰীয়া ৷ লগত কোনো নাই ৷ সঁচাই অবৰ্ণনীয় উত্তেজনা ৷ তাৰ মাজতো আকৌ সোমাই আছে মহা-চিন্তা এটা ৷ এতিয়াও সমাধান নোহোৱা, আনিনিত থকা-খোৱাৰ চিন্তাটো ৷ ইফালে প্ৰথম গন্তব্য এই পাওঁ এই পাওঁ ৷
কাষতে লৱাৰ বাৰ্থত শয়নৰত মহিলা এগৰাকী ৷ নিউ তিনিচুকীয়াত নামিব ৷ তাৰ পৰা যাব চপাখোৱালৈ ৷ ৰয়িঙলৈও যাব কাইলৈ ৷ শুই থকা অৱস্থাৰ পৰাই গাড়ী ষ্টেচন সোমাইছে নেকি বুলি হিন্দীতে মোক প্ৰশ্ন কৰাত কথাখিনি জানিব পাৰিলোঁ ৷ আৰু গম পোৱা গল যে তেওঁ এতিয়া ডিমাপুৰৰ পৰা আহি আছে ৷ থাকে কিন্তু দিল্লীত ৷ ৰিটায়াৰ্ড প্ৰফেচাৰ ৷ মস্ত মস্ত ভালেকেইটা টালি-টোপোলাৰে সৈতে অকলে ভ্ৰমণ কৰা বয়সস্থ ভদ্ৰ-মহিলাগৰাকীক বেগকেইটা নমোৱাত সহায় কৰাটো সহযাত্ৰী হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই ধৰি ললোঁ ৷ ৰাক্‌চেক, ট্ৰলী, হেণ্ডবেগ, ভেনিটি সকলোবোৰ ধুনীয়াকৈ ভাগে ভাগে জাপি, হাতে-পিঠিয়ে সন্তুলিতভাৱে ভগাই লাদি লৈ আমাক ধন্যবাদ জনাই তেওঁ বিদায় ললে ৷ ভাল লাগিল অকলশৰীয়া মানুহগৰাকীৰ আত্মবিশ্বাস, সাহস আৰু মনোবল দেখি ৷ দিনটোৰ আৰম্ভণিতে শক্তি আৰু প্ৰেৰণাদায়ক সঁচা চিত্ৰ এখন দেখা পালোঁ ৷ এইবিলাকে নিজৰো উদ্যম বহুলাংশে বৃদ্ধি কৰে ৷
লাইটৰ পোহৰত উজলি আছে নিউ তিনিচুকীয়া ষ্টেচন ৷ চিক্‌চিকীয়া, পৰিষ্কাৰ ৷ ৰেলৰ পৰা নামি আমি দুয়ো নাতিদূৰতে থকা প্ৰস্থান-দ্বাৰ অভিমুখে খোজ লৈছোঁ ৷ চক্ৰৱৰ্তী ছাৰৰ মত, বাহিৰখন ভালদৰে পোহৰ নোহোৱালৈকে তেওঁ ৱেইটিং ৰূমত বহি থাকিব ৷ মোৰ আকৌ ৰোৱাৰ মতলব নাই ৷ পুৱাৰ পেট খালী, দাঁত ব্ৰাছ আৰু মুখ ধোৱা কাম চলন্ত গাড়ীতে ইতিমধ্যে সমাপ্ত ৷ এতিয়া কৰবাত লালচাহ একাপ পালেও পালোঁ, নাপালেও নাই ৷ গৈ থাকিম মুঠতে ৷ সময় অপব্যয় নকৰোঁ ৷ এটা খেপহে সমাপ্ত হৈছে ৷ আৰু কতখিনি আছেই বাটকুৰি বাবলৈ ৷ থিয়ৈ থিয়ৈ অলপ পৰ দুই-এটা বাক্য বিনিময় কৰাৰ অন্তত মই বিদায় মাগিলোঁ ৷ সোঁহাতখনত খুব জোৰকৈ খামোচ মাৰি ধৰি আনিনি যাত্ৰাৰ পৰৱৰ্তী অংশৰ বাবে ডাক্তৰ চক্ৰৱৰ্তীয়ে মোক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে ৷
ধন্যবাদ জনাই বিদায় লৈয়ে চিধাই বাহিৰলৈ পোনাই দিলোঁ ৷ মুকলি আকাশৰ তল পাওঁতে অভ্যাসবশতঃ ওপৰলৈ চকু গল ৷ বতৰটো দেখোন সন্দেহজনক ! ইণ্টাৰনেটত একু-ৱেদাৰ ৰিপৰ্ট চাওঁতে তিনিচুকীয়ালৈ মনেই কৰা নহল ৷ এতিয়া উপলব্ধি কৰিছোঁ ৷ উপেক্ষিত তিনিচুকীয়াত নামি সদ্যহতে চকুৰ সন্মুখত দেখিবলৈ পাইছোঁ, আহল-বহল পকী ষ্টেচন চৌহদ, অৱস্থানৰত গাড়ীবিলাক ভিজি আছে ৷ তাৰ মানে বৰষুণ ভালেই দিছিল ৷ হয়তো ক্ষন্তেক আগে আগেহে এৰিছে ৷ যি কি নহওক, ৰক্ষা ৷ গতি ৰুদ্ধ নহব মোৰ ৷ ঠাণ্ডাহে কিছু অনুভৱ হৈছে ৷
ষ্টেচন বিল্ডিঙৰ বাহিৰত চিঞৰি চিঞৰি মাতি যাত্ৰী উঠাই থকা টেম্পএখনত সুবিধাজনক চিট এটা পাই গলোঁ ৷ তাতে বহি বাছ আস্থানলৈ আগ বাঢ়িছোঁ ৷ কাকো সোধা নাই ৷ সেইখিনিৰ পৰা ৰয়িঙলৈ গাড়ী পোৱা যায় বুলি পুৰণা অভিজ্ঞতাৰে খাটাং হৈ আছোঁ ৷ (ক্ৰমশঃ)

Tuesday, 17 March 2020

১.১২ ডিব্ৰুগড় অভিমুখী নিশাৰ ৰেলত



পুৰণা দিনৰে আফ্ৰিকান প্ৰবাদ এটা এনেকুৱা আছিল If you want to go quickly, go alone. If you want to go far, go together. মোৰ গন্তব্যস্থানৰ দূৰত্ব হিচাপ কৰিলে ৬৭১ কিলমিটাৰ ওলায় ৷ ডিফুৰ পৰা তিনিচুকীয়া পৰ্যন্ত ৰেলেৰে ৩০২, তিনিচুকীয়াৰ পৰা ৰয়িঙলৈকে বাছেৰে ১১৩, ৰয়িঙৰ পৰা আনিনিলৈ টাটা ছুমৰে ২২৮, আনিনিৰ পৰা আচ্‌হিছলৈ ২৮ ৷ মোটামুটি ৬৭০ কিলমিটাৰ ৷ দূৰলৈ যোৱাৰ ইচ্ছা কৰিছোঁ যদিও সংগী হলে নাই ৷ গতিকে নিজৰ সমস্ত দায়িত্বযে নিজৰ ওপৰতে সেইটো বুজিছোঁ ৷
নান্‌য়ি ইনয়িতায়াৰ আশীৰ্বাদ বিচাৰি অকলেই ওলাইছোঁ ৷ ইদুসকলৰ ধাৰণাত নান্‌য়ি ইনয়িতায়া হৈছে তেওঁলোকৰ সৰগীয় মাতৃ, divine mother ৷ ১ ফেব্ৰুৱাৰীৰ পৰা আনিনি, ৰয়িং আদি ইদু মিচিমিপ্ৰধান ঠাইবিলাকত তিনিদিনব্যাপী আইগৰাকীৰে আৰাধনা চলিব, ৰাজহুৱাভাৱে ৷
পত্নীয়ে যতনাই দিয়া ভাতকেইটা খাই উঠিছোঁ কি নাই, আগফালৰ বাৰাণ্ডাত অৰূপদা হাজিৰ৷ নিবলগীয়া বেগ দুটা ঠাইৰ পৰা লৰচৰ কৰাৰ আগে আগে পকেট নোটবুকখন মেলি লিষ্টমতে আটাইবোৰ বস্তু সোমালনে চোৱা যাওক বুলি সজাগতাৰ শেষ-দৃষ্টি এটা দিয়া হল ৷ ৰেলৰ টিকট, ইনাৰ লাইন পাৰ্মিট আৰু মানিবেগ ৷ এইকেইটা বিশেষ গুৰুত্বপূৰ্ণ ৷ মবাইল ফোন আৰু পানীৰ বটলটো ললোঁনে নাই চালোঁ ৷ লোৱা হৈছে ৷ বচ, তাৰ পাছতে পৰিয়ালৰ মাজৰ পৰা বিদায় ৷ গপ্‌গপাই উঠি আহিলোঁ পকা ৰাস্তালৈ ৷ হৃদয়ত এতিয়া এটা মাথো শব্দৰে অনুৰণন আনিনি, আনিনি, আনিনি ৷
ব্যস্ততাৰ মাজতো বৌৰ চুইফ্‌ট ডিজায়াৰখনেৰে অৰূপদাই মোক ঘৰৰ পৰা উঠাই আনি ডিফু ৰেলৱে ষ্টেচনৰ আগচোতাল পোৱাই দিলে ৷ হাওৰা-ডিব্ৰুগড় ১৫৯৫৯ নং উজনিমুৱা কামৰূপ এক্সপ্ৰেছ আহি আছে, কিন্তু নিৰ্ধাৰিত সময় ২০.৪৮তকৈ কিছু পলম হব ৷ Where is my train Appটোত এইমাত্ৰ চাওঁতেহে গম পালোঁ ৷ অকণমান সময় ভ্ৰমণ সংক্ৰান্তীয় কিবাকিবি কথা পতাৰ পাছতে অৰূপদা ঘৰমুৱা হল ৷ মই এইফালে অকলশৰীয়া যাত্ৰাটোৰ কথাকে ভাবি ভাবি পায়চাৰি কৰি থাকিলোঁ মুকলি আকাশৰ তলত ৷ ঠাণ্ডা আছে যদিও উত্তেজনাই কাবু কৰি পেলাইছে ৷
তায়ু চাগৈ এতিয়া আনিনিত ৷ ক্ষন্তেক পাছতে ময়ো চ এড্‌ভেন্‌চাৰ আৰম্ভ কৰি আছোঁ বুলি কবলৈ খুব মন গৈছিল যদিও নেছেল ৷ ডায়েল কৰি কৰি হাৰি গলোঁ ৷ কলীয়াপানী আনিনি ৷ তালৈকে ওলাইছোঁ ! ফোনৰ সংযোগ বিচ্ছিন্ন, ৰাস্তা ঠিক নাই, মৰ-জাৰ, পদে পদে অনিশ্চয়তা ৷ কোননো ওলাব বাৰু মোৰ লগত ? আকৌ ভাবিছোঁ, দুঃসাহস কৰি অকলে ওলাইছোঁ হয়, এইদৰে যোৱা ঠিক হয়নে নহয় তাৰ প্ৰমাণ পাম এইবাৰ ৷
ৰেলখন ১ নং প্লেটফৰ্মত আহি আছে বুলি ঘোষণা হল ৷ ১ শব্দটো কাণত পৰিবলৈহে পালে, ততাতৈয়াকৈ অভাৰব্ৰীজ বগোৱাত লাগি গলোঁ ৷ খোজ গহীন ৷ পিঠিত ৰাক্‌চেক ৷ বুকুত স্কুলবেগ, ছোৱালীৰ ভাগৰ ৷ নিজৰ কিতাপ-বহী, স্কেল-পেন্সিল বাহিৰ কৰি মুক্তহস্তে তাই দি পঠাইছে, বস্তু কঢ়িওৱাত দেউতাকৰ সুবিধা হব বুলি ৷ দৰাচলতে এইবোৰো একপ্ৰকাৰৰ শুভেচ্ছাই ৷
শেষ জানুৱাৰীৰ জাৰে সৰ্বত্ৰ ছানি ধৰিছে ৷ প্লেটফৰ্মখনত সৰহ মানুহ দেখিবলৈ নাই ৷ যাত্ৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা ৷ সময় নিৰ্দেশক ডাঙৰ ডিজিটেল ক্লক্‌টোৰ লগতে চৌপাশৰ লাইটবোৰ তিৰবিৰাই আছে ৷ ষ্টেচন মাষ্টৰৰ কোঠাৰ সন্মুখত ৰলোঁহি ৷ চিনাকি চিনাকি লগা চেহেৰা এটা দেখা গল ৷ ডাক্তৰ ভৱতোষ চক্ৰৱৰ্তী ৷ সেৱাৰ থলী ডিফু অসামৰিক চিকিৎসালয় ৷ বাসস্থান তিনিচুকীয়াত ৷ আমছাকন ২০১৫ৰ স্মৃতিগ্ৰন্থৰ কাম কৰাৰ সময়ৰে পৰাই ঘনিষ্ঠতা বাঢ়িছিল ৷ একে পথৰ পথিক দুয়ো এতিয়া মুখামুখি হলোঁ আৰু ভালো লাগিল, লগ এটা পাই ৷ মোৰ বেশভূষা দেখি স্বাভাৱিকতে তেওঁৰ মনত উদয় হল অপাৰ কৌতূহল ৷ ঘূৰি-ফুৰা মানুহ বুলি আগৰে পৰাই গম পায় ৷ তাৰে অচিলাৰেই প্ৰশ্নবান এৰিলে এইবাৰ কলৈ ওলাইছে ? যথাযথ উত্তৰ দিলোঁ ৷ তাৰ পাছত বাকী কথা বাদ, আলোচনাৰ ঘাই স্থান দখল কৰিলে অৰুণাচল প্ৰসংগই ৷ তেওঁ যোৱা নাই ৷ মোৰ অভিজ্ঞতাখিনি কিন্তু মন দি শুনিলে ৷ প্ৰশ্নোত্তৰ কাল চলি থাকিল ৷
কামৰূপত মোৰ ৰিজাৰ্ভেচন আছে ৷ ডাক্তৰ চক্ৰৱৰ্তীৰ নাই ৷ হঠাতে ওলাইছে ঘৰলৈ ৷ তাকে লৈ অকণমান টেনচনত থকাযেন লাগিল মানুহজনক ৷ অভয় দি মই কলোঁ, একো নাই ছাৰ, এছ ছিক্সতে উঠি দিব, মোৰ লগত ৷ পাছত সিজন ছাৰৰ লগত কথা পাতি ললেই হল ৷ তেওঁ হাঁহিলে ৷ সকাহ পোৱাযেন লাগিল ৷ তাৰ পাছত আকৌ অনৰ্গল কথাৰ মহলা, কামৰূপ এক্সপ্ৰেছৰ হেডলাইটৰ সুতীব্ৰ পোহৰ-ৰশ্মিয়ে ষ্টেচনটো উজলাই নোতোলা পৰ্যন্ত ৷
ৰেলখন ৰল ৷ উঠিলোঁ দুয়ো ৷ চিট খালী পোৱাত ডাক্তৰ চক্ৰৱৰ্তী আগুৱাই গল ৷ মই ৩৮, আপাৰ বাৰ্থ অধিকাৰ কৰি ললোঁ ৷ দীৰ্ঘ-আকাংক্ষিত যাত্ৰাটো আৰম্ভ হল ৷ (ক্ৰমশঃ)


Sunday, 15 March 2020

১.১১  তায়ু গলগৈ



২৯ জানুৱাৰী ২০২০ ৷
তায়ু আজি পুৱাতে আনিনিলৈ গুচি যোৱাৰ কথা আছিল ৷ ৰয়িং এৰাৰ আগতে কথা দুআষাৰমান পাতোঁ বুলি ফোন কৰাত ৰিংটন বাজি উঠিল, কিন্তু নধৰিলে ৷ কি বা হল ! ভাবি থাকোঁতেই অলপ পাছত ঘূৰাই তেৱেঁই কৰিলে মোক ৷
চমু আলাপ ৷ ছুম ষ্টেণ্ডলৈ ওলাই আহি আছে তেওঁ ৷ চেফ জাৰ্নি তায়ুজী বুলি বাটৰ শুভেচ্ছা দিলোঁ ৷
আপুনি আহি থাকিব ৷ আনিনিত লগ পাম ৷ ধন্যবাদ জনাই তেওঁ কলে ৷
এঘণ্টামানৰ পাছত এনেয়ে এবাৰ আকৌ নম্বৰটো ডায়েল কৰি চাইছিলোঁ ৷ নাই, মবাইল নেটৱৰ্কৰ বাহিৰ হল ৷ এতিয়া আৰু তেওঁক নাপাওঁ ৷ কেতিয়া পাম তাকো নাজানো ৷ এক কথাত হেৰাই থাকিল মোৰ লিংকমেনজন ৷ সকলো ঠিকে থাকিলে একেবাৰে জেগাতহে দেখা-দেখি হম, অহা ৩১ তাৰিখৰ নিশা, আগতে কেতিয়াও শ্ৰী-চেহেৰা নেদেখা লোকজনৰ সৈতে ৷ কেনে পৰিস্থিতিত নাজানো ৷
নতুন এক অনিশ্চয়তাৰ আৰম্ভণি ঘটিল এইমাত্ৰ, মানুহজন হেৰাই যোৱাৰ লগে লগে ৷
আনিনিত হমষ্টেৰ সন্ধান বিচাৰি জিবি পক আকৌ এবাৰ এছ.এম.এছ.যোগে বাৰ্তা এটা দিবৰ মন গল ৷ দি দিলোঁ ৷ পিছে নাই, কোনো প্ৰতিক্ৰিয়া, কোনো উত্তৰ নাহিল সিফালৰ পৰা ৷ আগৰ দৰেই অস্বাভাৱিক মৌনতা ৷ বিষয়টোৱে চিন্তাত ডুবাই ৰাখিলে মোক ৷ চ তায়ুএ বুক কৰি যোৱা আসনত ৰয়িঙৰ পৰা ছুমত বহি বাৰু আনিনি পাই যাম ৷ পিছে আন্ধাৰে-মুন্ধাৰে মই তাত নামিম কত ? থাকিম কত ? কেনি যাব লাগিব? কাউণ্টাৰ কত থাকিব, চ তায়ু কত ৰব, একো নাজানো ৷ মুঠতে ভাবিলেই খেলিমেলি লগা বিধৰ, উত্তৰবিহীন অনিশ্চয়তাই পুনৰবাৰ গ্ৰাস কৰি পেলালে মোক ৷
হোৱাট্‌ছএপ বাৰ্তাৰ জৰিয়তেও পক পুনৰবাৰ সুধি চালোঁ আনিনিত মোৰ থকাৰ ব্যৱস্থা কিবা কৰিব পৰা গলনে ?
এইটো পথেৰেও কোনো জবাব নাহিল ৷ কি হল মানুহজনৰ, কব নোৱাৰোঁ ৷
দুপৰীয়া ফেচবুকত উজলি উঠিল পুনৰ এক আহ্বান
Welcome to Reh Festival, 2020 in Anini Town. Anini is a small administrative town and headquarter of Dibang Valley District in Arunachal Pradesh. The festival will be held in the coming month of February 1st to February 3rd. Reh Festival Picnic spot has also been created for visitors. During festival hour's one can enjoy picnic and camping. Picnic spot lies at around 28 Km drive away from Festival Venue (Anini Town) in a village called Acheso (Dumbeun).
Start your February with a beautiful festival called Reh.
Once again welcome all.
Central Reh Celebration Committee, Anini.
হিয়া অস্থিৰ কৰি তোলা ২১খন শেহতীয়া ফটোৰে ভৰাই দিছে পষ্টটো ৷ মন্তব্য এটা নিলিখি নোৱাৰিলোঁ ৷ প্ৰশ্ন এটাও সুধি পেলালোঁ ৷
All good wishes to the Idu Mishmis. I want to come and see the festival, at Anini and Acheso. Shall I get a confirmed homestay (from 31.1.2020 to 3.2.2020)? I am alone.
 তায়ুৰ ওপৰত ১০০ শতাংশ ভৰসা ৰাখিলেও মষ্টেৰ চিন্তাটোযে ১ শতাংশও দূৰ হোৱাই নাই, সেয়ে লিখিবলগীয়া হল এনেকৈ ৷ (ক্ৰমশঃ)

১.১০ ৰাক্‌চেক্‌টো সামৰিলোঁ




এনেয়ে মতলীয়া হৈ পৰিছে মন, তাতে পাছদিনাখন (২৮.১.২০) পুৱাতে ফেচবুকৰ DIBANG AN INCREDIBLE VALLEY পুনৰবাৰ চাবলৈ পালোঁ ফটোগ্ৰাফাৰ অগ্নি মিহুৰ আলোক-চিত্ৰ ৷ মঞ্চসজ্জা আৰু পৰম্পৰাগত চাংঘৰটোৰ বাহিৰে-ভিতৰে তোলা মনোযোগ আকৰ্ষক ছবি ১০খনৰ সৈতে লিখা আছে তেনেই সামান্য কথা
Stage decoration and completed view (outside, inside) of traditional bamboo house of Idu Mishmi tribe for upcoming Reh Festival. Feb 1st. - Feb 3rd.
৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী তাৰিখলৈকে ৰয়িং, আনিনি আৰু আচ্‌হিছত বতৰৰ ৰেহৰূপ কেনেকুৱা হব ? গৰম-ঠাণ্ডাৰ মাত্ৰা কিমান হব পাৰে ? যাত্ৰাৰ আগে আগে এইবোৰ জানি যোৱাটো বুদ্ধিমানৰ কাম ৷ সেয়েহে ইণ্টাৰনেটত তিনিও স্থানৰ একু-ৱেদাৰ ৰিপৰ্ট তৎপৰতাৰে লক্ষ্য কৰি আছোঁ ৷
বতৰৰ আগলি বতৰা অনুসৰি ডাৱৰীয়া, বৰষুণীয়া, ৰদালী আকাশৰ আগজাননী আহিছে ৷ ৰয়িঙত সৰ্বোচ্চ উষ্ণতা ২৫ ডিগ্ৰী চেলচিয়াচ আৰু সৰ্বনিম্ন উষ্ণতা ৯ ডিগ্ৰী চেলচিয়াচ দেখুৱাইছে ৷ আনিনিত +১১ আৰু -৪ ৷ আচ্‌হিছত সৰ্বোচ্চ +৪, সৰ্বনিম্ন -৯ ৷ ৰয়িঙতহে অকণমান গৰম, প্ৰায় আমাৰ ডিফুখনৰ দৰেই ৷ নিশ্চিত হৈছোঁ যে এই সময়ছোৱাত মায়ডিয়াত তুষাৰপাত উচ্চ হাৰত ঘটিব আৰু যাওঁতে-আহোঁতে ভৰপূৰ ৰূপত বৰফ দেখিবলৈ পাম, ছবিত দেখাৰ দৰে ৷ ইয়াকে ভাবি আনন্দ লাগিছে ৷ কাহানিও নেদেখা দৃশ্য চাবলৈ, কাহানিও নোপোৱা অভিজ্ঞতা লবলৈ উত্ৰাৱল হৈ আছোঁ ৷ এক কথাত কিন্তু সংশয়ো জাগিছে এই ভাবি যে অতিপাত ঠাণ্ডা পৰিব পাহাৰৰ অভ্যন্তৰত ৷ গৰম কাপোৰ লগত ভালকৈ নিব লাগিব ৷ অধিক বোজা কঢ়িয়াবৰো ইচ্ছা নাই পিছে ৷
প্ৰস্তুতি পৰ্যায়ৰ অধ্যয়নৰ সমান্তৰালভাৱে পুৰণা দস্তুৰ অনুযায়ী লগত নিবলগীয়া দৰকাৰী সামগ্ৰীসমূহৰ লিষ্ট এখন তৈয়াৰ কৰি আছিলোঁ ৷ সময় সন্নিকটলৈ অহাত ক্ৰমান্বয়ে এপদ এপদকৈ যা-যোগাৰত হাত দিয়া হল ৷ বতৰৰ গতি-গোত্ৰ চাই বুজি উঠিছোঁৱে যে গৰম কাপোৰ এগালমান হলেই নহব ৷ উষ্ণতা ধাৰণ ক্ষমতা পৰীক্ষা কৰি শুদ্ধখিনি লোৱাটোহে জৰুৰী ৷ নহলে ঠগ খোৱাৰ ভয় আৰু পিঠিত মিছাতে হাৰমালহে হবগৈ ৷ সেয়ে দকৈ ভাবি-চিন্তি সিদ্ধান্ত কৰিছোঁ, কি কি নিম লগত, ৰাক্‌চেকত কি কি সুমুৱাম ৷
তায়ুএ সিদিনা ফোনত কৈছিল আনিনিত বহুত ঠাণ্ডা ছাৰ ৷ আচ্‌হিছততো কবই নালাগে ৷ গতিকে ভাল চাই জেকেট আনিব ৷ জোতাক লৈ দোধোৰ-মোধোৰ লাগি থকাত সেই বিষয়েও সুধিছিলোঁ ৷ কলে আনিনি মে কীচড় জ্যাদা হে ৷ আপ গামবুট লেকে আয়িএ ৷ ঘূৰাই সুধিলোঁ, বোলো স্পৰ্টছ শ্বুজ ? উত্তৰটো তেওঁ স্পষ্টকৈয়ে দি দিলে স্পৰ্টছ শ্বুজ ত নেহি চলেগা ছাৰ ৷ মোৰ ইফালে গামবুট, স্নবুট নাই৷ পিন্ধাৰ অভ্যাসো নাই ৷
ছুমত চিট বুকিং হোৱাৰ সুবাদত অনিশ্চয়তা বিষয়টো অকণমান শাম কটাত গাটো লাহেকৈ লৰিছে ৷ পত্নীক লগত লৈ ডিমাপুৰ পালোঁগৈ এটা ভাল জেকেট, মোজা আৰু টুপীৰ সন্ধানত ৷ আনহাতে অভিজ্ঞতাই শিকাই থৈছে যে শীতল জেগাত মূল বস্ত্ৰভাগ হৈছে এযোৰ ভাল থাৰ্মেল কট, ইনাৰ ৷ এই বিশেষ সাজ বিচাৰি ডিফু বজাৰ চলাথ কৰাৰ অন্তত ভাগ্যক্ৰমে যেনিবা এঠাইত পচন্দৰ আৰু উপযুক্ত এবিধ পাই গলোঁ ৷ খুব স্ফূৰ্তি লাগিল ৷ ট্ৰায়েলো চোৱা হল বস্ত্ৰসমূহৰ ৷
পূৰ্বৰ কেইবাটাও এড্‌ভেনচাৰ ট্ৰিপৰ সংগী অৰূপদা (অৰূপ কলিতা)ই মোক নিজৰ ৰেইনকোট, হাতমোজা আনকি ভৰিত পিন্ধা মোজা এযোৰো দিলে ৷ তদুপৰি আমাৰ ঘৰলৈ আহি কাপোৰ-কানিকে ধৰি মই নিবলগীয়া বস্তুকেইপদ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে আৰু সন্তুষ্টি প্ৰকাশ কৰি  ৷ জোতাযোৰৰ বিষয়তহে প্ৰায় নতুন যদিও মোৰ নিজৰে সন্দেহৰ ভাব এটা লাগি থাকিল ৷ (ক্ৰমশঃ)