‘গল্ফীৰ ডায়েৰি’ কিতাপ হ’ল…
(গল্প নহয়, সত্য)
১১ ফেব্ৰুৱাৰী ২০১৭ৰ বিয়লি বেলা৷ অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিৱেশনৰ থলী সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত গ্ৰন্থ উৎসৱত সোমাই সৰু পকেট নোটবুকখনত কেতিয়াবাতে টুকি ৰখা কিতাপ এখনৰ প্ৰকাশক ডিব্ৰুগড়ৰ কৌস্তুভ প্ৰকাশনৰ সন্ধানত ঘূৰ্মুটিয়াই ফুৰিছোঁ৷ পালোঁগৈ এসময়ত৷ পিছে কিতাপখনহে (লিমেকিঙৰ পৰা ইটানগৰলৈ …চন্দ্ৰ বৰদলৈ) নাপালোঁ৷ ঐতিহাসিক জেৰেঙা পথাৰৰ আশিসনিৰ্মালী হিচাপে ধূলি অকণমান শিৰত লোৱাৰ মানস আৰু দৰাচলতে এই কিতাপখনক উদ্দেশ্য কৰিয়েই যোৱা হৈছিল পিতৃভিঠা শিৱসাগৰলৈ, ডিফুৰ পৰা, অকলেই, চুপে-চাপে৷
বিচাৰি ফুৰা ষ্টলখনৰ ঠিক সন্মুখতে অস্থায়ী মঞ্চত তেতিয়া চলি আছে কবিতাৰ অনুষ্ঠান৷ এবাৰত পাঁচগৰাকীকৈ কবিক আমন্ত্ৰণ জনাই পাঠ কৰিবলৈ দিয়া হৈছে স্বৰচিত কবিতা৷ কবিতা বুজি নাপাওঁ যদিও কবিসকলৰ সৃষ্টি-ক্ষমতাত অভিভূত হওঁ, আচৰিত হওঁ বাৰে বাৰে৷ প্ৰতিভাৱান সৃষ্টিকৰ্তাসকলক ৰৈ ৰৈ চালোঁ, তেওঁলোকে আবৃত্তি কৰা কবিতা থিয়ৈ থিয়ৈ শুনিলোঁ অলপপৰ৷ কিবা এটা ভাল লাগিল৷
মনেভবা কিতাপখন নাপাই মনটো গধুৰ হৈ পৰিছিল৷ কিন্তু পিছপাকতে সেই অমিয়া ৰসস্বাদনে জীপাল কৰা মন লৈ অইন কিতাপৰ সন্ধানত আন এফালে খোজ পেলালোঁ৷ সোঁৱে-বাঁৱে, আগে-পাছে সজাই ৰখা কিতাপৰ প্ৰদৰ্শনীত স্বনিৰ্বাচিত কিতাপ বিচাৰি কৌতূহলী দৃষ্টি নিগৰাই আছোঁ৷ তেনেতে মাইকত ঘোষণা এটি ভাহি আহিল… ‘কবিতা পাঠৰ এই অনুষ্ঠানটিৰ মাজতে আমি এতিয়া এখন কিতাপ উন্মোচন কৰিবলৈ লৈছোঁ৷ কিতাপখনৰ নাম গল্ফীৰ ডায়েৰি’৷
গল্ফীৰ ডায়েৰি! নামটো শুনাৰ লগে লগে কাণ দুখন আপোনা-আপুনি যেন বেছিকৈ সজাগ হৈ পৰিল৷ পাছৰ বাক্যটোত ঘোষিত হ’ল… ‘কিতাপখনৰ লেখিকা মৌচুমী বৰি’৷
ততালিকে মনটো উৰা মাৰিলে ‘অসমীয়াত কথা-বতৰা’ত বহুদিনৰে পৰাই ধাৰাবাহিক পঢ়িবলৈ পোৱা একে নামৰ প’ষ্টসমূহলৈ৷ সংগী হিচাপে লগত থকা সম্বন্ধীয় ভিনিহিলৈ চাই ক’লোঁ… ‘এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো মই চাম দেই৷’ কোবাকুবিকৈ মঞ্চটোৰ ফালে পোনালোঁও৷ ভিৰৰ মাজত খোজ মিলাব নোৱাৰি ভিনিহি ক’ৰবাতে থাকিল৷
অলপ পাছতে সংক্ষিপ্ত আনুষ্ঠানিকতাৰে উন্মোচিত হ’ল ‘গল্ফীৰ ডায়েৰি’৷ প্ৰথমবাৰৰ বাবে মৌচুমী বৰিক দেখা পালোঁ৷ মঞ্চৰ পৰা নামি আহি তেওঁ কিতাপখন দুই-চাৰিৰ হাতত তুলি দিছে৷ কেইমিনিটমানৰ পাছত মোৰ সন্মুখেৰে যাব ধৰিলে৷ তেনেকুৱাতে আগ বাঢ়ি আহি নমস্কাৰ জনাই মাত দিলোঁ… ‘আপুনি মৌচুমী বৰি৷ আপোনাৰ ‘গল্ফীৰ ডায়েৰি’ ‘অকব’ত পঢ়িছোঁ৷ আজি গ্ৰন্থৰূপ পোৱাত আনন্দিত হ’লোঁ আৰু অভিনন্দন জনালোঁ৷’
‘আপোনাক লগ পায়ো ভাল লাগিল৷’ …ধন্যবাদেৰে তেওঁ প্ৰত্যুত্তৰ দিলে আৰু মোৰ পৰিচয়ো সুধিলে৷ ইমানপৰে গোপনে পিটপিটাই ফুৰিছিলোঁ যদিও এতিয়া পৰিচয় ব্যক্ত কৰিবলগীয়া হ’ল৷ লগ পোৱাৰ আনন্দত প্ৰীতি আৰু শুভেচ্ছাৰে কিতাপ এখন তেওঁ মোক উপহাৰ দিলে৷ ক্ষন্তেকীয়া সাক্ষাৎ আৰু আলাপৰ পাছত মই বিদায় ল’লোঁ৷ গ্ৰন্থপ্ৰেমীৰ ভিৰ ফালি ফালি আকৌ হেৰাই গ’লোঁ জেৰেঙা পথাৰত, নিজৰ পচন্দৰ কিতাপ বিচাৰি, দোকানে দোকানে৷
মৌচুমী বৰিৰ এইখন দ্বিতীয় কিতাপ৷ প্ৰথমখন ২০১৫ চনত প্ৰকাশিত কবিতা সংকলন ‘বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে’৷ লেখিকাক এৰাৰ পাছত প্ৰথমে গৈ সোমোৱা দোকানখনতে কিতাপখন পালোঁ৷ কবিতা মই বুজি নাপাওঁ৷ কবিসকলৰ সৃষ্টি-ক্ষমতা দেখি কিন্তু আচৰিত হওঁ, অভিভূত হওঁ৷
জোনটো মূৰত লৈ ধূলিয়ৰি বাটেৰে পদযাত্ৰা কৰি এসময়ত আশ্রয়স্থলী ৰংঘৰ চাৰিআলিৰ সমীপৰ, ঐতিহাসিক ৰূপহী পথাৰ আৰু ৰংঘৰৰ উত্তৰ দিশৰ হাতীখোক পালোঁহি৷ আহোম স্বৰ্গদেউসকলে ৰংঘৰত হাতীযুঁজ চাবলৈ ফান্দ পাতি ধৰি অনা হাতীবোৰ য’ত ৰাখিছিল, হাতীবোৰক আলপৈচান ধৰিবৰ বাবে নিয়োগ কৰা মানুহবোৰে য’ত বাস কৰিছিল সেয়াই হাতীখোক (বৰ্তমানৰ হাতীকোশ)৷
পিছদিনা৷ ঘৰমুখী ৰে’লযাত্ৰাত খিৰিকীৰ কাষত আসন গ্ৰহণ কৰাৰ পাছতে মেলি ল’লোঁ গল্ফীৰ ডায়েৰি৷ যদিওবা ‘অকব’ত আগতে খণ্ড খণ্ডকৈ পঢ়িবলৈ পাইছিলোঁ, এতিয়া একেলেথাৰিয়ে পঢ়ি সমস্ত ৰস একেবাৰতে লৈ ল’লোঁ আৰু অকলে অকলে হাঁহিলোঁ৷
নিশা আঠ বজাত ঘৰ পালোঁ৷ কেন্দ্ৰীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত মোৰ ছোৱালীজনীয়ে পঢ়া টেবুলৰ পৰাই প্ৰশ্ন কৰিলে… ‘কি আনিলা সাহিত্য সভাৰ পৰা?’ চিধাই বেগৰ পৰা গল্ফীৰ ডায়েৰিখন উলিয়াই তাইৰ হাতত দিলোঁ৷ বেটুপাতলৈ চালে একান্তমনে৷ আইতাকে তাইক অসমীয়া শিকাইছিল৷ আখৰ জোঁটনি কৰি পঢ়িব পাৰে৷ মাজে মাজে অসুবিধা হয় যদিও হেঁপাহেৰে তাই পাত লুটিয়াই লেখা এটা কষ্ট কৰি পঢ়ি চালে৷ বুজি পাই বৰ ৰস পালে৷ হাঁহি মাৰি ক’লে… ‘এইখন মোৰ কিতাপ দেই, তুমি ঘূৰাই নোপোৱা৷’ স্কুলৰ পঢ়া এফলীয়া কৰি তাৰ পাছতে আকৌ এপৃষ্ঠা পঢ়িলে৷ আকৌ এবাৰ হৌ-হৌৱাই হাঁহিলে৷ ক’লে… ‘এইখন মই লৈ ল’লোঁ৷ কাইলৈ স্কুললৈ লৈ যাম৷ ৰংগীনাহঁতক পঢ়ি শুনাম৷ মজা লাগিব৷’ দেখিলোঁ, পঢ়া টেবুলত ইতিমধ্যে পঢ়ি থকাখিনি সমাপ্ত কৰিবলৈ লৈ কিতাপখন তাই বুকুত সাবটি থাকিল৷ কিজানিবা মই থপিয়াই লৈ লওঁ, সেই ভাবত৷
পিছদিনা ৰাতিপুৱা স্কুললৈ ওলাবৰ সময়তে ককাকক এপাত পঢ়ি শুনালে৷ সমস্বৰে দুয়ো হাঁহিলে৷ মোক ক’লেহি… ‘বৰ ৰস পাইছে৷’
স্কুললৈ সাজু হৈ ৰাস্তাৰ কাষত বেগটো মোক ধৰিবলৈ দি তাই পুনৰবাৰ ঘৰৰ ভিতৰলৈ দৌৰি গ’ল৷ কিতাপখন লৈ ওলাই আহিল৷ বোধ কৰোঁ পাহৰিছিল৷ তাইলৈ চোৱাত ক’লে… ‘ক্লাছত পঢ়ি শুনাব লাগিব৷’ এইবুলি সযতনে কিতাপখন বেগত ভৰাই ল’লে৷
স্কুলৰ পৰা আহোঁতে বাটতে মই সুধিলোঁ… ‘কেনে লাগিল গল্ফীৰ ডায়েৰি?’
‘ৰংগীনাহঁতে খুব হাঁহিলে৷’ ...মিচিকিয়াই তাই ক’লে৷
‘ৰংগীনাহঁতে খুব হাঁহিলে৷’ ...মিচিকিয়াই তাই ক’লে৷
পিছদিনা স্কুল ছুটীত ৰংগীনাক পাই একেটা প্ৰশ্নকে সুধি চালোঁ৷ তায়ো মিচিকিয়াই ক’লে… ‘আনিছাই পঢ়ি শুনালে৷ খুব হাঁহি উঠিল৷’
‘গল্ফীৰ ডায়েৰি’ (প্রথম খণ্ড) কিতাপ হ’ল আৰু লেখিকাই আশা কৰাৰ দৰেই হাঁহিৰে আনন্দ দান কৰিলে৷